Posts

Showing posts from March, 2024

অসম বনাম ইজৰাইল- পেলেষ্টাইনৰ যুদ্ধ

Image
লেখাটোৰ শিৰোনামাটো দেখি চাগে দুই-এজনৰ প্ৰশ্ন হৈছে ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ লগত অসম নামটো আকৌ কেনেকৈ সাঙুৰ খাব! ইয়াৰ উত্তৰটো শেষলৈ থৈ ইজৰাইল আৰু পেলেষ্টাইনৰ ইতিহাসৰ বিষয়ে অকণমান কৈ লও। বাইবেলত উল্লেখ থকা অনুসৰি ইহুদিসকলৰ জন্মস্থান পেলেস্তাইনৰ জেৰুজুলাম। কিন্তু জেৰুজালেম আছিল মুছলিম শাসিত পেলেস্তাইনত। গতিকে ইহুদিসকলৰ বাবে জেৰুজালেম উদ্ধাৰ কৰাটো সহজ নাছিল। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে জেৰাজুলামৰ আশে-পাশে থকা পেলেস্তানীসকলৰ পৰা মাটি কিনিবলৈ  আৰম্ভ কৰিলে ইহুদিসকলে। আৰু বিভিন্ন ঠাইত সিচৰিত হৈ থকা ইহুদিসকলক জেৰুজালেমত বসতি স্থাপন কৰিবলৈ প্ৰবজন ঘটালে জেৰুজালেমৰ ইহুদিসকলে। এই কামবোৰ খুব গোপনে আৰম্ভ কৰিছিল দেখাই দিয়া নাছিল। আৰু ইহুদিসকলে জেৰুজেলামত থকা সকলো ধৰ্মাৱলম্বী লোকৰ লগত শান্তিপূৰ্ণভাৱে বসবাস কৰি এটা দিনলৈ বাট চাই আছিল। অৱশেষত সেই সময় আহে। প্ৰথম বিশ্বযুদ্ধত ব্ৰিটেইন আৰু ফান্সৰ হাতলৈ যায় যায় পেলেস্তাইন। পেলেস্তাইনক কব্জা কৰা সময়ত পেলেইস্তানৰ ইহুদিসকলক তলে তলে ব্ৰিটিছে এইবুলি লোভ দেখুৱাইছিল যে যদিহে তেওঁলোকে ব্ৰিটেইনক সহায় কৰে তেন্তে তেওঁলোকক এখন ইহুদি ৰাষ্ট্ৰ গঠন কৰাত সহায় কৰিব। ইহুদিসকল...

পানীত বাঘ-ঘৰিয়ালৰ এখন যুঁজ আৰু আমি

Image
  বাঘ আৰু ঘৰিয়ালৰ সংঘাত স্বচক্ষুৰে দেখা নাই। এনিমেল পেলেন্ট, ডিচকভাৰী আদি চেনেলবোৰত কেতিয়াবা দেখিছো৷ কোনোবা এটা টিভি চেলেলত এবাৰ দেখিছিলো এটা বাঘে পানী খাবলৈ যাওঁতেই চিকাৰৰ বাবে চুপ লৈ থকা ঘৰিয়াল এটাই জাঁপ মাৰি বাঘটোৰ ডিঙিত কামোৰ মাৰি ধৰি পানীত ডুব মাৰিলে৷ অলপ পাছতে দেখিলো ওলোটাই বাঘটোৱে ঘৰিয়ালটোৰ ডিঙিত কামুৰি পাৰলৈ উঠাই আনে৷ এনেকৈ পানীত ঘৰিয়ালৰ লগত যুঁজ দি উঠি অহা বাঘ কম আছে৷ বেছিভাগৰে ঘৰিয়ালত হাতত মৰণ মিলে৷ আমাৰ গজেন্দয়ো নতশিৰ স্বীকাৰ কৰি শুৰত পদুম লৈ ঘৰিয়ালৰ আক্ৰমণৰ পৰা বচাবলৈ ভগৱানক মিনতি কৰিছিল৷ [বৰ্তমান অসমৰ গণ পৰিষদেও জীয়াই থকাৰ তাড়নাত নিজৰ জাতীয়তাবাদী আদৰ্শ জলাঞ্জলি দি হাতত পদুম তুলি ধৰা ছবিখন গজেন্দ উপাখ্যানৰে এটা সংস্কৰণ]৷ এই গজেন্দই কিন্তু স্থলত হোৱা হ’লে একে গচকে পেটু উলিয়াব পাৰিলেহেঁতেন ঘৰিয়ালৰ৷ নোৱাৰিলে কাৰণ এটাই সি মাটিতহে ৰজা৷ কিন্তু বাস্তৱ জীৱনত আমি এখিনিয়ে মানুহে ঘৰিয়ালৰ লগত যুঁজ দিব লগা হয় পানীত৷ এই যুঁজত অকস্মাৎ এজন-বা দুজনৰ হয় জয় বাকী ৯৮ শতাংশই ঘৰিয়ালৰ গ্ৰাসত পৰে৷ সদ্যঘোষিত এপিএচি পৰীক্ষাৰ কথাকেই ধৰা হওঁক৷ বাতৰি কাকত আৰু টিভি চেনেলসমূহৰ জানিব পাৰিছিলো যে এপিএচ...

সাংবাদিকতাৰ ট্ৰেজেডি ( Tragedy of Journalism)

======World Press Freedom Day====== মোৰ জুনিয়ৰ ল'ৰা এটা। এতিয়া সি লখিমপুৰ সদৰ থানাত এছ আই কৰে। কালি তাক ভিডিঅ' এটাত দেখিলো- সি ধঁপাত বিক্ৰি কৰা মহিলা এগৰাকীৰ পৰা ২০০ টকা ফাইন কাটিছে। দোকানিগৰাকীয়ে কৈছে- আপোনালোকে আমাক ধৰাতকৈ কোম্পানিবোৰক বন্ধ কৰক। সি যুক্তিহীন ভাবে মুখৰ ভিতৰতে কিবাকিবি কোৱা শুনিলো। তাৰ ওচৰত জবাব নাই। বেচেৰাই কি কৰিব! হুকুম মানিছে। নিজৰ মগজে দেশৰ স্বয়ং ৰাষ্ট্ৰপতিও এতিয়া কাম কৰিব নোৱাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ো এতিয়া কেন্দ্ৰক তেল মাৰিবলৈ, ভৰি মালিচ কৰিবলৈ বাধ্য। তেনেক্ষেত্ৰত সি (মোৰ জুনিয়ৰটো) কোন কুত্তা। এনে কথাবোৰ ভাবি আৰু দেখিয়েই চৰকাৰী চাকৰি নকৰো বুলি সাংবাদিকতাৰ ক্ষেত্ৰখনত ভৰি দিছিলো। এতিয়া কেতিয়াবা কেতিয়াবা ভাবো দুই এটা পৰীক্ষা দিয়ো নেকি চাকৰি বাবে। চাকৰিটো পালে একো নহ'লেও অন্তত: দৰমহাটো মাহে মাহে আহি থাকিব। কাম নকৰাকৈয়ো দৰমহা পাব পৰা ঠাই এডোখৰেই আছে সেয়া চৰকাৰী চাকৰি! ( সকলোৰে ক্ষেত্ৰত এই কথাটো নাখাটে) অৱশ্যে যোৱা বছৰ লগৰ দুজনমানৰ লগতে চিনিয়ৰ দাদা দুজন মানে কৃষি বিভাগৰ মিডিয়া এক্সপাৰ্টৰ চাকৰি পালে। দৰমহা ২৫ হাজাৰ। আমি শুভেচ্ছা জনালো। কিন্তু সিহঁতি এতিয়া ৫...

বৰ্তমান অসমত কোনজন লাচিতক বেছি প্ৰয়োজন

Image
১। মোগল খেদা লাচিতক নে! ২। নে আপোন-পৰ বিচাৰ নকৰি কামত ফাকি দিয়া মামাকৰ ডিঙি কাটি দিয়া লাচিতজনক !                  বৰ্তমান সময়ত অসমত এজন বীৰৰ  প্ৰাসংগিকতা মই আটাইতকৈ বেছি অনুভৱ কৰো। সেইজন আন কোনো নহয় তেওঁ লাচিত বৰফুকন। জানিব পাৰিছো চৰকাৰৰ পৃষ্ঠপোষকতাত এই বীৰজনক সোঁৱৰণ কৰিবলৈ যি যো-জা চলাইছে। সি সঁচাকৈ প্ৰসংশনীয়।  বীৰ পূজাই বীৰ সৃষ্টি কৰে আৰু বহুজনক বীৰপূজাই বীৰৰ দৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়। বহুজনৰ দৰে লাচিতে মোগলৰ বিৰুদ্ধে বীৰদৰ্পে যুদ্ধ কৰাৰ কাৰণে মোৰ লাচিতৰ প্ৰতি আকৰ্ষণ নাই। লাচিত মোৰ প্ৰিয় হৈ উঠা মূলতে: লাচিতে ভুল দেখি আপোন-পৰ বিচাৰ নকৰি দোষীক শাস্তি প্ৰদান কৰা কাৰ্যটো। (#মই  কিন্তু ইয়াত ভুল কৰা দেখি আমাৰ লাচিতৰ দৰে ভাগিনে আমাৰ মামাক শিৰচ্ছেদ কৰা কাৰ্যটোক কোনোদিনে গ্ৰহণ নকৰো। সেইটো খুব স্পষ্টভাৱে প্ৰথমে কৈ লৈছো যাতে পাছত মই আইনী মেৰ-পেঁছত নপৰো।)  সম্প্ৰতি আমাৰ অসমত দোষী; কোনো মন্ত্রী-বিধায়কৰ সম্পৰ্কীয় তথা এলেকৰ-পেলেক হ'লেও হাৰি যায়, মন্ত্ৰী-বিধায়কৰ পত্নী ভূমি কেলেংকাৰী, পিপি কীট কেলেংকাৰীত পৰিলে স্বামী মন্ত্ৰীয়ে যিকো...

সাগৰ পাৰৰ অৰ্ধ নঙঠা মানুহ, সোৱণশিৰিৰ মাছ, ৰাঘৱ আৰু অন্যান্য

Image
                                                        (১) আমাৰ ৰাজ্যত আমাৰ দেশত এতিয়া ধৰ্মপৰায়ণ মানুহৰ অভাৱ নাই। কাৰোবাৰ ঘৰ জলাবলৈ, কাৰোবাক আক্ৰমণ কৰিবলৈয়ো এতিয়া জয় শ্ৰীৰাম, আল্লা-আকবৰ আদি ধ্বনি দিয়ে। কিন্তু পশ্চিমীয়া বহু দেশত ধৰ্ম ৰীতি-নীতি নমনা মানুহৰ সংখ্যা বেছি। তেওঁলোকে কোনো ধৰ্ম নামানে, তেওঁলোকে কুকুৰৰো শৃগাল, গদৰ্ভৰো আত্মাত ৰাম বা য'ত জীৱ ত'তে শিৱ আদি কথাবোৰ নামানে। কাপোৰ কানিক লৈ আমাৰ দৰে সচেতন নহয়। সাগৰৰ পাৰত অৰ্ধ নঙঠা হৈ তেওঁলোকে গা-ধোৱে, সাগৰৰ পাৰত অৰ্ধ নঙঠা হৈ ৰ'দ লয়। কিন্তু সেই অৰ্ধ নঙঠা হৈ পৰি থকা, ধৰ্ম নমনা এই মানুহবোৰে সাগৰৰ ঢৌত উটি আহি বামত চটফটাই থকা ডাঙৰ মাছটোক, তিমিটো বা কাছজনীক সাগৰৰ পানীলৈ যিকোনো প্ৰকাৰে পঠিয়াবলৈ অপ্ৰাণ চেষ্টা কৰে। তদুপৰি যিকোনো জীৱ-জন্তুৰ বিপদৰ সময়ত সদায় বন্ধুৰ দৰে আচৰণ কৰি বন্য জীৱ-জন্তুসমূহক সুৰক্ষা নিদিয়ালৈকে ক্ষান্ত নাথাকে। কিন্তু আমাৰ দেশ বিশেষকৈ আমাৰ  অসমত হাবিৰ পৰা হৰিণা এটা ওলাই আহিলে তাক খেদি ম...

ৰামৰাজ্য, ৰামভক্ত আৰু মহাত্মা গান্ধীৰ স্বপ্ন

Image
  ব্যক্তিগতভাৱে মোৰ ভগৱান, ধৰ্মৰ প্ৰতি মোৰ আস্থা-বিশ্বাস একো নাই। কিন্তু এখন কিতাপৰ এটা চৰিত্ৰ ৰামৰ আদৰ্শ প্ৰতি বহু সময়ত মই অনুপ্ৰাণিত। ৰামৰ সৰলতা, বিনয়ী স্বভাৱ, প্ৰজা বৎসল, জন্মভূমিৰ প্ৰতি থকা আকুলতা আদিবোৰ গুণে মোকো অনুপ্ৰাণিত কৰে। ময়ো মনে-প্ৰাণে কামনা কৰো আমি প্ৰত্যেকেই  ৰামৰ দৰে সৰল, বিনয়ী আৰু মানুহৰ প্ৰতি  জীৱ-জন্তুৰ প্ৰতি সদয় আৰু জন্মভূমিৰ প্ৰতি সদায় প্ৰেমভাৱ থাকক। এইক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰখনৰ লগতে কেন্দ্ৰীয় চৰকাৰেও ৰামৰ আদৰ্শ স্থাপনৰ বাবে যৎপৰোনস্তি চেষ্টা চলাইছে। ৰামক হিন্দু ধৰ্মৰ চিনস্বৰূপে নাভাবি অন্য ধৰ্মৰ লোকসকলেও ৰামৰ আদৰ্শ গ্ৰহণ কৰিলে একো ক্ষতি নহয় বুলি মই ব্যক্তিগতভাৱে ভাবো। কাৰণ ৰাম চৰিত্ৰৰ মানবীয় গুণসমূহে কাকো অনিষ্ট নকৰে। আমি সকলোৱে জানো মহাত্মা গান্ধীয়েও এখন ৰামৰাজ্যৰ সপোন দেখিছিল। মহাত্মা গান্ধীৰ উত্তৰপুৰুষ হিচাপে আমি গান্ধীজীৰ সপোনক বাস্তৱ ৰূপ দিয়াতো আমাৰ কৰ্তব্য বুলি ভাৱো।         কিন্তু বৰ্তমান সময়ত যিসকল লোকে ৰামৰাজ্য নিৰ্মাণৰ ঠিকা লৈছে তেওঁলোকৰ মাজত ৰামৰ মই ওপৰত উল্লেখ কৰা গুণকেইটাৰ ঔষধৰ বাবে প্ৰয়োজন হ'লেও এটা গুণ তেওঁলোকৰ মা...

শংকৰদেৱ অসমৰ প্ৰথমজন নাষ্টিক

Image
  আজি কেইদিনমানৰ আগতে ওৰিষ্যাৰ এজন সাংবাদিক বন্ধুক কথা প্ৰসংগতে সুধিলো– আপুনি শংকৰদেৱৰ নাম শুনিছেনে! সি ক’লে কোন হয়! মই বোলো অসমীয়া জাতিৰ ফাউণ্ডেশ্যন তেওঁৱেই মাৰি থৈ গৈছে৷ লগতে তাক ক’লো– উৰিয়া, অসমীয়া, বাংলা, মৈথিলী সংমিশ্ৰিত এটা কৃত্ৰিম ভাষা সৃষ্টি কৰি গীত-নৃত্য, নাটক লিখিছিল, ভাগৱত-পুৰাণৰ অনুবাদ কৰিছিল৷ নামঘৰ নামৰ অনুষ্ঠানৰ সৃষ্টি কৰিছিল৷ লাইব্ৰেৰিসমূহ বিভিন্ন ঠাইত থকাৰ দৰেই অসমৰ প্ৰতিখন গাঁৱত তেওঁৰ সৃষ্ট এই নামঘৰ আছে৷ তেৰশ-চৈধ্যশ শতিকাতে তেওঁ বলী বিধান, মূৰ্তিপূজা আদিৰ পৰা অসমীয়া মানুহক আঁতৰাই ৰাখিছিল আৰু নিম্নজাতি-উচ্চ জাতি, হিন্দু-মুছলমান বিচাৰ নকৰি অসমৰ সকলোেশ্ৰেণী মানুহক এটা ছাতিৰ তলত ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল৷ মাজতে শুভানসুৱে মানে উৰিষ্যাৰ মোৰ সাংবাদিক বন্ধুজনে-আউ ইন্টাৰেষ্টিং বুলি ক’লে৷ মই অলপ উচ্ছাস পাই পুনৰ ক’লো- মই শংকৰদেৱে লিখি থৈ যোৱা এষাৰ কথা শুনাম হা- কুকুৰ শৃগালৰ গৰ্দভৰো আত্ম ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম৷ সি অলপ অলপ বুজি পাইছিলেই কাৰণ উৰিয়াৰ লগত ব্ৰজাৱলীৰ ভাষাৰ অকণমান মিল আছেই৷ হ’লেও মই তাক হিন্দিতে বুজাই দিলোঁ৷ এই কথাখিনিৰ সলনি মই আমাৰ অসমৰ অধিকাংশ মানুহে কোৱা...

মোৰ টোকাবহীৰ পৰা

Image
১। প্লেটোৰ ৰিপ্লাবিকত আৰ্ডিমেণ্টাছে দুজন মানুহৰ জীৱনৰ ছবি আঁকিছিল। এজন আছিল ভয়ংকৰ পাপী আৰু চয়তান।  কিন্তু তেওঁৰ সমস্ত জীৱন অতিবাহিত হ'ল পৰম সুখত, মৃত্যুৰ মুহূৰ্তটো তেওঁ লাভ কৰিলে সকলো মানুহৰ শ্ৰদ্ধা আৰু সন্মান। আনজন মানুহে গোটেই জীৱন দুখ কষ্ট কৰি সৎ পথত চলিও প্ৰতিদানত পালে নিন্দা অপবাদ আৰু ধিক্কাৰ। শেষত তেওঁক ক্ৰুচবিদ্ধ কৰা হ'ল। এই দুজন মানুহৰ জীৱনৰ আৰ্হি দেখুৱাই আৰ্ডিমেণ্টাছে প্লাটিমাছক প্ৰশ্ন কৰিলে- এইদুটা জীৱনৰ ভিতৰত তুমি কোনটো জীৱন বাছি ল'বা? প্লাটিমাছে উত্তৰ দিলে- মই বাছি ল'ম সেইজন মানুহৰ জীৱন যিজনে গোটেই জীৱন সৎ পথত চলিও প্ৰতিদানত পালে কেৱল, নিন্দা,অপবাদ আৰু যন্ত্ৰনাময় মৃত্যু। যি মানুহে কিবা পুৰস্কাৰৰ আশাত সৎ জীৱন-যাপন কৰে, তেনে মানুহে কেতিয়াও সৎ জীৱন-যাপন কামনা নকৰে। ২। ৰি কুই- এম এছ কভেণ্টি পেটম অনুবাদ- প্ৰফুল্ল কটকী ------------------------------ তুমি গুচি গ'লা তুমি গুচি যোৱাৰ ধৰণটো যে তোমাৰ মহৎ ধৰণ-কৰণবোৰৰ লগত নিমিলা তোমাৰ বাবে শোক প্ৰকাশ কৰিবলৈ (মোৰ বাহিৰে) তোমাৰ তো আন কোনো নাই! প্ৰিয়া মোৰ, সেই জুলাইৰ আবেলিটোত হঠাতে বুজিব নোৱৰা কিবা এক মোক-মোকনি আৰু ভীতি-...

মামা প্ৰেম ( Mischievous nephew & Mama love)

Image
(ভাগিনে বুজি নাপায়। দুৰ্যোধনেও শুকুনি মামাৰ চক্ৰান্ত কোনোদিন বুজি নাপালে! দি আছে লৈ আছে! আমি দেখিছো- ব্ৰয়লা কুকুৰাবোৰকো পালকে কম দিনতে খোৱাই-বোৱাই ডাঙৰ কৰি তোলে! সময়তে একেটা ভুকুতে মাৰে! )  মন গ'লেই ইউটিউবত চাই থাকো Free bird নামৰ  চিনেমাখন। আজি ৩ বছৰমান হ'ল এই কামটো কৰি থকা। ৩ টা বছৰত কেইবাবাৰো চাইছো এই চিনেমাখন। চিনেমাখন এখন কুকুৰা ফাৰ্মৰ পৰা আৰম্ভ হৈছে। ফাৰ্মখনৰ কুকুৰাবোৰে ভাৱে মানুহে সিহঁতৰ সেৱা কৰে, খোৱা- বোৱাই যত্ন লয় এইকাৰণেই যে কুকুৰাবোৰ মানুহৰ খুব প্ৰিয়। কুকুৰাবোৰক মানুহে ভাল পায়। কিন্তু এই কুকুৰাবোৰৰ মাজত টন্দুৰি নামৰ কুকুৰা এটা আছে এই কুকুৰাটো আছিল কুকুৰা ফাৰ্মখনৰ অন্য কুকুৰাবোৰৰ পৰা পৃথক। সি সদায় প্ৰেকটিকেল কথাবোৰ কৈছিল। ডাঙৰ কুকুৰাবোৰৰ চিন্তা আৰু কথা-বতৰাবোৰৰ লগত সি মিলি যাব পৰা নাছিল। যিদৰে তাৰ সমান সমনীয়াবোৰে মিলি গৈছিল। কিন্তু টন্দুৰিয়ো পৰি দিয়া ভকত নহয়। সুবিধা পালেই সি ডাঙৰ কুকুৰাবোৰৰ ভুল কথাবোৰেৰে ব্যংগ কৰি ফুৰিছিল। গতিকে টন্দুৰিক ফাৰ্মখনৰ কোনো কুকুৰাই ভাল পোৱা নাছিল আৰু তাক এৰাই চলিছিল। টন্দুৰিয়ে লক্ষ্য কৰিছিল প্ৰায়ে ফাৰ্মখনৰ পৰা দুই এটা কুকুৰা মালিকে ধৰি লৈ...