সাংবাদিকতাৰ ট্ৰেজেডি ( Tragedy of Journalism)
======World Press Freedom Day======
মোৰ জুনিয়ৰ ল'ৰা এটা। এতিয়া সি লখিমপুৰ সদৰ থানাত এছ আই কৰে। কালি তাক ভিডিঅ' এটাত দেখিলো- সি ধঁপাত বিক্ৰি কৰা মহিলা এগৰাকীৰ পৰা ২০০ টকা ফাইন কাটিছে। দোকানিগৰাকীয়ে কৈছে- আপোনালোকে আমাক ধৰাতকৈ কোম্পানিবোৰক বন্ধ কৰক। সি যুক্তিহীন ভাবে মুখৰ ভিতৰতে কিবাকিবি কোৱা শুনিলো। তাৰ ওচৰত জবাব নাই। বেচেৰাই কি কৰিব! হুকুম মানিছে। নিজৰ মগজে দেশৰ স্বয়ং ৰাষ্ট্ৰপতিও এতিয়া কাম কৰিব নোৱাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ো এতিয়া কেন্দ্ৰক তেল মাৰিবলৈ, ভৰি মালিচ কৰিবলৈ বাধ্য। তেনেক্ষেত্ৰত সি (মোৰ জুনিয়ৰটো) কোন কুত্তা। এনে কথাবোৰ ভাবি আৰু দেখিয়েই চৰকাৰী চাকৰি নকৰো বুলি সাংবাদিকতাৰ ক্ষেত্ৰখনত ভৰি দিছিলো। এতিয়া কেতিয়াবা কেতিয়াবা ভাবো দুই এটা পৰীক্ষা দিয়ো নেকি চাকৰি বাবে। চাকৰিটো পালে একো নহ'লেও অন্তত: দৰমহাটো মাহে মাহে আহি থাকিব। কাম নকৰাকৈয়ো দৰমহা পাব পৰা ঠাই এডোখৰেই আছে সেয়া চৰকাৰী চাকৰি! ( সকলোৰে ক্ষেত্ৰত এই কথাটো নাখাটে) অৱশ্যে যোৱা বছৰ লগৰ দুজনমানৰ লগতে চিনিয়ৰ দাদা দুজন মানে কৃষি বিভাগৰ মিডিয়া এক্সপাৰ্টৰ চাকৰি পালে। দৰমহা ২৫ হাজাৰ। আমি শুভেচ্ছা জনালো। কিন্তু সিহঁতি এতিয়া ৫ মাহে দৰমহা পোৱা নাই। এদিন এটাই ফোন কৰি কি ঘন্টা কাৰণে সোমালো জানো বুলি ক'লে। একেদৰে লগৰ দুটামানেও টেট শিক্ষক হ'ল। সিহঁতৰো দৰমহা বহুদিনলৈ হোৱা নাছিল। গতিকে আগৰ দৰে চৰকাৰী চাকৰি মানেই যে দৰমহা পাবই তেনে বৰ এটা কথা নাই। কিন্তু চৰকাৰী চাকৰিৰ ষ্টেটাচ নাইকীয়া নহয়। আজি দুদিনমানৰ আগতে লগৰ এটালৈ ফোন কৰিলো সি ডিব্ৰুগড়ত বিবেকানন্দ এখনত মাষ্টৰ কৰি আছে। বিৰাট ব'ৰিং বোলে। ৬ টা ক্লাছ কৰিব লাগে। তাতে আকৌ কেতিয়াবা বোলে এক্সটাৰা ক্লাচো কৰিব লাগে। ৰূমলৈ আহিয়ো বোলে প্ৰশ্নকাকত বনোৱা, পেপাৰ চোৱা আদি কামবোৰ কৰিব লাগে। তাক বোলে এতিয়া যিকোনো প্ৰকাৰে চৰকাৰী চাকৰি এটা লাগে। চৰকাৰী চাকৰি এটা পালে বোলে এই জালখনৰ পৰা ওলাব । মই বোলো চৰকাৰী চাকৰি পালে কাম কৰিব নালাগিব নেকি! সি ক'লে-"ধুৰ মোৰ দেউতা, দাদা, বা, বৌ চবেই মাষ্টৰ (চৰকাৰী বিদ্যালয়ৰ), মই জানো নহয়।" মই বোলো হয় নেকি! চৰকাৰী চাকৰি মানেই কাম নকৰিলেও পইচা পোৱা ধাৰণাটো বহুতৰে আছে। সি হয়তো নাজানে আজিকালি শিক্ষকৰ কাম কিমান! মোৰ দাদায়ো এদিন মোক চৰকাৰী চাকৰি এটা সমান একো নহয় বুলি ক'লো। মই বোলো- কিয়। তাৰ মতে, দৰমহাটো মাহে মাহে আহি থাকিব। মই ক'লো- এটা টেট মাষ্টৰে (আমাৰ জোখাৰে কথাবোৰ কৈছো-আই এ এছ, আই পি এছ দৰে চাকৰিবোৰ কথা ক'বলৈ গ'লে মোক ফাটিব) কিমান দৰমহা পায়। ৩০- ৩৫ হাজাৰ পায়। মোৰো এতিয়া দৰমহা ৩৫-৪০ হাজাৰ ভিতৰত। তেতিয়াহ'লে পাৰ্থক্যটো ক'ত! মই ক'লো- পঢ়া-নপঢ়া, শিক্ষিত-অশিক্ষিত একো কথা নাই এতিয়া চবেই কাম নকৰিলেও মাহে মাহে দৰমহাকেইটা অহাটোকে বিচাৰে। মই তাক সাংবাদিকৰ (প্ৰাইভেট চাকৰি) স্বাধীনতাৰ কথা ক'ম বুলি ভাবিছিলো। চৰকাৰী চাকৰি কৰিলে স্বাধীনতা নাথাকে, নিজৰ ফিৰি মতে চলিব নোৱাৰি ইত্যাদি। কিন্তু মই নকলো। কাৰণ যোৱাবছৰ ঘৰলৈ যাওঁতে দেউতা সুধিছিল- তহঁতৰ নিউজ চেনেলটোত মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰী কথাটো এদিনো নেদেখিলো যে তহঁতি গম নাপালি নেকি! মই বোলো বহুত কথা, আপোনালোকে গম পালে নহয়, যিকোনো প্ৰকাৰে গম পালেই হ'ল খবৰ এটা। আমাৰ চেনেলটোৱে নবজালে কি হ'ল। মই নক'লো- সদনৰ লাইভ চলাই থাকোতে অখিল গগৈয়ে ভাষণ আৰম্ভ কৰোঁতেই আমাৰ চিনিয়ৰ এজনে লাইভ কাটি দিয়াৰ ছুইচটো টিপি থাকে। অখিল গগৈৰ মুখত ভূমি শব্দটো উচ্চাৰণ হওঁতেই আমাৰ চিনিয়ৰজনে লাইভ কটাৰ ছুইচটো টিপি দিয়ে। বাকী টিভিত নিজাকৈ প্ৰতিবেদন চলোৱাটো দূৰৰ কথা। এটা হাঁহি উঠা কথা যে- এদিন ভুলতে অখিল গগৈৰ বাইট এটা পিচিআৰ এ লগাই পালে। আৰু এংকৰজনে টেবুলৰ তলেৰে কাটিবলৈ হাতেৰে ইংগিত দিলে। দৃশ্যটো এনেকুৱা লাগিছিল যেন তেওঁ নিউজ পঢ়ি থাকোঁতে টেবুলৰ তলত হস্তমৈথুন কৰি আছে। এই কথাবোৰ মই দেউতাক নক'লো। আমাৰ কামৰ মাজত স্বাধীনতাৰ কথাটো নোকোৱাৰ- অন্য দুটামান কাৰণ আছে। কয়লা চিণ্ডিকেটৰ নিউজ চলোৱাৰ আগতে চিনিয়ৰক সুধি ল'ব লাগিব, কাৰণ চিণ্ডিকেটৰ ভাগ যদি আমিও পাইছো তেতিয়া হ'লে কয়লা চিণ্ডিকেটৰ নিউজ নচলে। এদিন পদ্ম হাজৰিকাই মীন পালনৰ নামত পইচা সৰকোৱা বাতৰি এটা আহিল। (পদ্ম হাজৰিকাই কন্যাকা বহুমুখী কৃষি ফাৰ্মৰে এতিয়াও নাম উজ্বলাই ৰাখিছে।) আগতেও শুনি আহিছো কন্যাকাৰ নামত পদ্ম হাজৰিকাই পইচা সৰকাই অহাৰ কথা। গতিকে গোটেই তথ্যসমূহ গোটাই পেকেজ এটা (প্ৰতিবেদন) বনালো। পেকেজটো চলাবৰ সময়তে দাদা এজনৰ ফোন আহিল- পদ্ম হাজৰিকাৰ পেকেজটো নচলাবা হা। গতিকে মই মোৰ দাদাক সাংবাদিকাৰ মাজত যে স্বাধীনতা আছে এই কথাবোৰ কেনেকৈ কওঁ। তাৰ গাতো ভুল নাই। ওচৰৰে নিচাদেউ এজনে জলসিঞ্চন বিভাগত চাকৰি কৰে। বছৰত ৫০ দিন অফিচ যায়। দৰমহা ৫০ হাজাৰ পায় প্ৰতিমাহে। গতিকে মোক মোৰ দাদাই চৰকাৰী চাকৰি কৰিবলৈ ক'বই। সি মোৰ ভাল হোৱাটোৱেই বিচাৰে। কিন্তু ইয়াৰ বিপৰীতে মোৰ চাকৰিয়াল বন্ধুকেইটা ফেচবুকত পোষ্ট এটা দিবলৈ বা যিকোনো সামাজিক মাধ্যমত চৰকাৰৰ বিপক্ষে বা কাৰোবাৰ পোষ্ট এটাত কমেন্ট এটা দিবলৈয়ো সাতবাৰ ভাবে। যিটো মই ভাবিব লগা নহয়।
এতিয়া আহো মই কিয় চৰকাৰী এটা প্ৰয়োজনীয়তা কিয় অনুভৱ কৰিছো। মোৰ দেউতাই প্ৰায়ে কয়- মই পুলিচৰ চাকৰি পাইছিলো নকৰিলো। দেউতাৰ কথাটো শুনাৰ পাছতে মই সৰুতে ভাৱিছিলো- দেউতাই পুলিচৰ চাকৰি কৰা হ'লে আমি টাউনত থাকিব পাৰিলোহেঁতেন, ভাল কাপোৰ পিন্ধিব পালোহেঁতেন আদি। দেউতালৈ মনে মনে খং উঠিছিল। চাকৰি নকৰি দেউতাই গাঁৱত ভেঞ্চাৰ স্কুল খুলিলে, হালবায় আহি স্কুললৈ দৌৰ মাৰে, এসময়ত বানপানীত খেতিপথাৰ গ'ল। স্কুল এৰিব লগা হ'ল। আৰু পাহাৰত কাঠ ফালিব লগা হ'ল ঘৰ চলাবৰ বাবে। সৰুতে যে মোৰ দেউতাই চাকৰি নকৰাৰ বাবে মোৰ খং উঠিছিল এই খঙটো অনাগত দিন মোৰ সন্তানেও মোৰ ওপৰত খং কৰিব নেকি- এই কথাটো ভাবি কেতিয়াবা ময়ো ভয় খাওঁ। আৰু তেতিয়াই চাকৰি এটাৰ কথা মনে মনে ভাবো। মোৰ বহুকেইজন চিনিয়ৰ সাংবাদিক দাদা আছে। মাহেকৰ দৰমহাৰ পইচাৰে ঘৰ নচ'লে তেওঁলোকৰ। ঘৰৰ মানুহে , গাঁৱৰ মানুহে, অসমৰ মানুহে তেওঁলোকক টিভিত দেখে ডাঙৰ চাকৰি কৰে বুলি ভাবে। কিন্তু তেওঁলোকে মাহেকৰ মূৰত কাৰ কাৰ পৰা ধাৰ ল'ব পাৰি তাৰ চিন্তা কৰি থাকে সেইবোৰ কথা কিন্তু কোনেও নাজানে। কেতিয়াবা অট'ভাৰা, বাছৰ ভাৰা নাথাকে। খোজকাঢ়ি আহিব লগা হয় গুৱাহাটী টাউনৰ মাজে মাজে। তাতোকৈ দুখৰ কথা মাক-বাপেকৰ বেমাৰ হ'লে অসহায় হৈ পৰে তেওঁলোক। তাতোকৈ দুখৰ কথাটো হ'ল- এইবোৰৰ মাজতো ষ্টেণ্ডাৰ্ড মেন্টেন কৰি থাকিব লগা হয় তেওঁলোকে। দুখে আবৰি ধৰিলেও, মুখতমণ্ডলত মেকআপ কৰি ধুনিয়াটো হৈ হাঁহি ক'ব লাগে- পদূলি মুখত হেপাঁহৰ ভোগালী, বজাৰত গ্ৰাহকৰ ভিৰ। ভোগালীৰ ভোগত এসাঁজ হাঁহে-বাহে খোৱাৰ হেপাঁহ দেখিবলৈ পোৱা গৈছে প্ৰতিজন অসমীয়াৰ মাজত। তেনেসময়তে মবাইলত পত্নীৰ মেচেজ আহে- দৰমহা হ'ব নে আজি। দৰমহা হ'লে অলপ সোনকালে আহিবা।
ইয়াৰ বিপৰীতে মোৰ চৰকাৰী চাকৰিয়াল বন্ধুবোৰে চাকৰি পোৱাৰ পাছতেই গাড়ী ল'লে, ধুনীয়া ঘৰ বনালে, দুই এটাই ধুনিয়া ছোৱালী বিয়া পাতিলে, দুই এটাৰ এংগেজমেন্ট হৈ আছে। দুই এটাই কেইবাজনীৰ লগত চেনী খাই আছে। আৰু আমাৰ না ঘৰ, না পইচা, নাই ছোৱালী! সন্ধিয়া মদ অকণমান খাইছো, বন্ধুৰ লগত ৰাজনীতিৰ তৰ্ক কৰিছো, মাক্সবাদ পঢ়িছো নতুনকৈ আৰু কেতিয়াবা চাদৰ ওপৰত গৈ দুটা তিনিটা চিগাৰেট শেষ কৰিছো ভৱিষ্যতৰ কথা ভাবি। তাৰ মাজতে ভাবো চৰকাৰী চাকৰি এটা লৈ চেটেল হৈ যাওঁ নেকি!
এদিন ৰূমমেটৰ স্কুটিখনত গুৱাহাটী ইউনিভাৰ্চিটিৰ কোনোবা এটা বৰ্ষৰ আটাইতকৈ ধুনিয়া ছোৱালজনীক পিছত উঠাই এখন মিটিঙলৈ গৈ আছো। তাই মাজতে সুধিলে- পংকজ চাকৰি-টাকৰি বিচাৰিবানে সাংবাদিকতাকে ভালকে কৰিবা। মই ক'লো- সাংবাদিকতাকে ভালকে কৰিম। চলিব পাৰিম চাগে ন! আৰু তুমি- মই তাইক সুধিলো। তাই ক'লে- মইয়ো অন্য কথা ভৱা নাই। তাইৰ দৰে ময়ো এতিয়াও অন্য কথা ভৱা নাই। কেতিয়াবা ভাবিছো যদিও পানীৰ বুৰবুৰণিৰ দৰে শেষ হৈছে।
ৰচনা কাল : ০১-০১-২০২৩
Comments
Post a Comment