মামা প্ৰেম ( Mischievous nephew & Mama love)



(ভাগিনে বুজি নাপায়। দুৰ্যোধনেও শুকুনি মামাৰ চক্ৰান্ত কোনোদিন বুজি নাপালে! দি আছে লৈ আছে! আমি দেখিছো- ব্ৰয়লা কুকুৰাবোৰকো পালকে কম দিনতে খোৱাই-বোৱাই ডাঙৰ কৰি তোলে! সময়তে একেটা ভুকুতে মাৰে! )


 মন গ'লেই ইউটিউবত চাই থাকো Free bird নামৰ  চিনেমাখন। আজি ৩ বছৰমান হ'ল এই কামটো কৰি থকা। ৩ টা বছৰত কেইবাবাৰো চাইছো এই চিনেমাখন। চিনেমাখন এখন কুকুৰা ফাৰ্মৰ পৰা আৰম্ভ হৈছে। ফাৰ্মখনৰ কুকুৰাবোৰে ভাৱে মানুহে সিহঁতৰ সেৱা কৰে, খোৱা- বোৱাই যত্ন লয় এইকাৰণেই যে কুকুৰাবোৰ মানুহৰ খুব প্ৰিয়। কুকুৰাবোৰক মানুহে ভাল পায়। কিন্তু এই কুকুৰাবোৰৰ মাজত টন্দুৰি নামৰ কুকুৰা এটা আছে এই কুকুৰাটো আছিল কুকুৰা ফাৰ্মখনৰ অন্য কুকুৰাবোৰৰ পৰা পৃথক। সি সদায় প্ৰেকটিকেল কথাবোৰ কৈছিল। ডাঙৰ কুকুৰাবোৰৰ চিন্তা আৰু কথা-বতৰাবোৰৰ লগত সি মিলি যাব পৰা নাছিল। যিদৰে তাৰ সমান সমনীয়াবোৰে মিলি গৈছিল। কিন্তু টন্দুৰিয়ো পৰি দিয়া ভকত নহয়। সুবিধা পালেই সি ডাঙৰ কুকুৰাবোৰৰ ভুল কথাবোৰেৰে ব্যংগ কৰি ফুৰিছিল। গতিকে টন্দুৰিক ফাৰ্মখনৰ কোনো কুকুৰাই ভাল পোৱা নাছিল আৰু তাক এৰাই চলিছিল। টন্দুৰিয়ে লক্ষ্য কৰিছিল প্ৰায়ে ফাৰ্মখনৰ পৰা দুই এটা কুকুৰা মালিকে ধৰি লৈ যায়। ডাঙৰ কুকুৰাবোৰৰ মতে, ধৰি নিয়া কুকুৰাবোৰক মানুহে নি স্বৰ্গত এৰি দিয়ে, আৰু তাত মহাসুখেৰে দিন কটায়। কিন্তু টন্দুৰিৰ চাবলৈ মন গৈছিল সঁচাকৈয়ে মানুহে সিহঁতক স্বৰ্গলৈ লৈ যায় নে! এদিন সি ফাৰ্মখনৰ কুকুৰা দুটাক ধৰি নিয়া দেখি মনে মনে পিচা কৰিলে। গৈ যি দেখিলে। ভয়ত থৰকাচুটি হেৰাল। সি দৌৰি দৌৰি ফাৰ্মখনৰ কুকুৰাবোৰক ক'লে- আমি যি ভাবি আহিছো সেয়া সকলো মিছা। আমাক মানুহে খোৱাইছে বোৱাইছে এইকাৰণেই সিহঁতি আমাক খায়। বাৰ্থদেই এনিভাৰ্চিত মানুহে আমাৰ মাংসৰে পাৰ্টি কৰে।  কিন্তু টন্দুৰি কথা শুনে কোনে। ফাৰ্মখনৰ সকলো কুকুৰাই হাঁহিৰে তাৰ কথা উৰুৱাই দিলে, লগতে তাক সকীয়াই দিলে পুনৰবাৰ এনে কথাৰে হুলস্হূল্ কৰিলে ব্যৱস্থা লোৱা হ'ব। 


দিনবোৰ গৈ থাকিল। তেনেতে এদিন ফাৰ্মৰ বাহিৰত এক হুলস্হূীয়া পৰিৱেশ। টন্দুৰিয়ে দেখিলে সিহঁতক ধৰাৰ ব্যৱস্থা কৰিছে। সি ফাৰ্মৰ কুকুৰাবোৰক ক'লে-  আজি আমাৰ শেষ দিন।দৰ্জা খোলাৰ লগে লগেই আমি সকলো দৌৰি পলাম। আৰু বাহিৰত গৈ এক স্বাধীন জীৱন কটাম। কষ্ট কৰি খাম। আৰামত খাই আনৰ ইচ্চাত মৰাতকৈ। কিন্তু এনে কথা কোনে শুনে।  বিপৰীতে টন্দুৰিকে ফাৰ্মখনৰ কুকুৰাবোৰে ধৰি তাক কুকুৰা ধৰিবলৈ অহাসকলৰ মাজলৈ দলিয়াই দিলে। 

কিন্তু টন্দুৰিৰ কপাল ভাল আছিল। দেশৰ প্ৰধানমন্ত্ৰী জীয়েকৰ লগত খেলিবৰ বাবে কুকুৰা এটাৰ প্ৰয়োজন হৈছিল। গতিকে ফাৰ্মখনত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ কণমানি জীয়েকজনী ফ্লাইটেৰে ফাৰ্মখনত উপস্থিত হৈছিল গৈ। ইফালে  বাহিৰলৈ দলিয়াই দিয়া টন্দুৰিক দেখিয়েই প্ৰধানমন্ত্ৰী জীয়েকৰ পচন্দ হ'ল। আৰু টন্দুৰিক প্ৰধানমন্ত্ৰীৰ আৱাসলৈ লৈ অহা হ'ল। আৰু টন্দুৰি চৰকাৰী কুকুৰাৰ স্বীকৃতি পালে। তাৰপাছতে তন্দুৰিয়ে এক ৰাজকীয় জীৱন কটাই আছে। কিন্তু টন্দুৰিৰ এই ৰাজকীয় জীৱন বেছিদিন নিটিকিল। এদিন তাক তাৰ দৰেই স্বাধীনমনা এটা শক্তিশালী কুকুৰাই অপহৰণ কৰে। আৰু কাকতালীয় সংযোগেৰে সিহঁতি এটা টাইম মেচিনত উঠে। আৰু টাইম মেচিনটোৱে সিহঁতক অতিতলৈ লৈ যায়। সিহঁতৰ উপৰিপুৰুষৰ দিনবোৰলৈ। অতিতত উপস্থিত হৈ টন্দুৰিয়ে দেখিছে- সিহঁতি কাৰো অধিনত নচলে। স্বাধীনমনা, মানুহৰ সৈতে সিহঁতি যুদ্ধ কৰে। সিহঁতক কোনেও নোপোহে। কেইবাবাৰু সিহঁতি মানুহক পৰাস্ত কৰিছে। কিন্তু সেই স্বাধীনমনা কুকুৰা আজি মানুহৰ দাস, মানুহৰ ওপৰত নিৰ্ভৰশীল। মানুহৰ খাদ্য। মানুহৰ আনন্দ উৎসৱৰ উপভোগ্য সামগ্ৰী।

চিনেমাখন চাই বাৰে বাৰে ময়ো ভাৱো আমি অসমীয়া মানুহবোৰো সেই ফাৰ্মৰ কুকুৰাবোৰৰ হৈ গৈছো। লাহে লাহে আমি আমাৰ স্বাধীনতা, আমাৰ অধিকাৰ, আমাৰ স্বাভিমানবোৰ কথা পাহৰি গৈছো। চৰকাৰী চাকৰি কৰাসকলৰ অধিকাংশই আৰামী জীৱন হেৰুৱাৰ আশংকাত সদায় মৌন হৈ থাকে, সম্প্ৰতি অধিকাংশ মহিলাই অৰুণোদই , লাখপতি দিদি আঁচনিৰ প্ৰলোভনত মৌন হৈ অমৃত কলহ যাত্ৰা কৰে, পুৰুষসকলৰো একাংশ সমবায় চাউলকেইটাৰ ওপৰত নিৰ্ভৰশীল। কাম কৰিবলৈ, নিজৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ বহু মানুহে পাহৰি এতিয়া ফিৰি বাৰ্ড চিনেমাখনৰ কুকুৰাবোৰৰ হ'বলৈ গৈ আছে। আমাৰ মানুহ বিলাকেও এতিয়া চৰকাৰী এই সুবিধাসমূহ পাই ভাৱিছে। চৰকাৰখন খুৱ ভাল। কিন্তু তেওঁলোকক চামুছেৰে দি যে বেলচাৰ মাৰি নি আমাক মুৰ্গা বনাই আছে, আমি ক'লে কোনে কোনে বুজিব। কিন্তু আমি যদি আমাৰ ইতিহাস বিচাৰি যাওঁ। তেতিয়া আমি দেখিম- আমি গৌৰৱ কৰিব পৰাকৈ আমাৰ উত্তৰ পুৰুষ স্বাভিমানী আছিল। আজিৰ দৰে আঁঠু লোৱা নহয়।   

অসমীয়া নাৰী শক্তিৰ প্ৰতীক জয়মতী,সাধনী, কনকলতা, মুলাগাভৰু, অমলপ্ৰভা আদি স্বাভিমানী মহিলাসকলৰ উত্তৰ পুৰুষ আজিৰ অসমীয়া নাৰী অৰুণোদয়ৰ দৰে আঁচিনৰ কৱলত। প্ৰতিটো মাহৰ ১০ তাৰিখত আহিব লগা ১২০০ টকাৰ বাবে সকলো কৰিব পাৰে- যদি নাচিবলৈ কয় নাচিব, হাঁহিবলৈ কয় হাঁহিব। ইফালে আমাৰ, বীৰ লাচিতৰ উত্তৰপুৰুষ আজি ব্যস্ত দুটকা দৰত সামাজিক মাধ্যমত কমেন্ট কৰাত, মামা প্ৰেমত অটল আটাইবোৰ ভাগিন। আজিৰ ভাগিনে মামাৰ ভুল দেখিলে তাৰ প্ৰতিবাদ নকৰে!  কাৰণ ভাগিনে এতিয়া JJMৰ ঠিকা কৰে! মামাইয়ো ভাগিনৰ ভুলবোৰ ধৰি নাথাকে! মামাৰ আশীৰ্বাদতে এতিয়া কমদিনত গাড়ী-মটৰ কিনিবলৈ সক্ষম হৈছে বহু ভাগিনে। কিন্তু ভাগিনে বুজি নাপায়। দুৰ্যোধনেও শুকুনি মামাৰ চক্ৰান্ত কোনোদিন বুজি নাপালে! দি আছে লৈ আছে! আমি দেখিছো- ব্ৰয়লা কুকুৰাবোৰকো পালকে কম দিনতে খোৱাই-বোৱাই ডাঙৰ কৰি তোলে! সময়তে একেটা ভুকুতে মাৰে! 


Comments

Popular posts from this blog

জুবিন অনুৰাগীৰ হিপ’ক্ৰেচি (Hypocrisy)

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই!

মই কিয় বিয়া পাতিব লাগে!