ৰামৰাজ্য, ৰামভক্ত আৰু মহাত্মা গান্ধীৰ স্বপ্ন

 



ব্যক্তিগতভাৱে মোৰ ভগৱান, ধৰ্মৰ প্ৰতি মোৰ আস্থা-বিশ্বাস একো নাই। কিন্তু এখন কিতাপৰ এটা চৰিত্ৰ ৰামৰ আদৰ্শ প্ৰতি বহু সময়ত মই অনুপ্ৰাণিত। ৰামৰ সৰলতা, বিনয়ী স্বভাৱ, প্ৰজা বৎসল, জন্মভূমিৰ প্ৰতি থকা আকুলতা আদিবোৰ গুণে মোকো অনুপ্ৰাণিত কৰে। ময়ো মনে-প্ৰাণে কামনা কৰো আমি প্ৰত্যেকেই  ৰামৰ দৰে সৰল, বিনয়ী আৰু মানুহৰ প্ৰতি  জীৱ-জন্তুৰ প্ৰতি সদয় আৰু জন্মভূমিৰ প্ৰতি সদায় প্ৰেমভাৱ থাকক। এইক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰখনৰ লগতে কেন্দ্ৰীয় চৰকাৰেও ৰামৰ আদৰ্শ স্থাপনৰ বাবে যৎপৰোনস্তি চেষ্টা চলাইছে। ৰামক হিন্দু ধৰ্মৰ চিনস্বৰূপে নাভাবি অন্য ধৰ্মৰ লোকসকলেও ৰামৰ আদৰ্শ গ্ৰহণ কৰিলে একো ক্ষতি নহয় বুলি মই ব্যক্তিগতভাৱে ভাবো। কাৰণ ৰাম চৰিত্ৰৰ মানবীয় গুণসমূহে কাকো অনিষ্ট নকৰে। আমি সকলোৱে জানো মহাত্মা গান্ধীয়েও এখন ৰামৰাজ্যৰ সপোন দেখিছিল। মহাত্মা গান্ধীৰ উত্তৰপুৰুষ হিচাপে আমি গান্ধীজীৰ সপোনক বাস্তৱ ৰূপ দিয়াতো আমাৰ কৰ্তব্য বুলি ভাৱো।

        কিন্তু বৰ্তমান সময়ত যিসকল লোকে ৰামৰাজ্য নিৰ্মাণৰ ঠিকা লৈছে তেওঁলোকৰ মাজত ৰামৰ মই ওপৰত উল্লেখ কৰা গুণকেইটাৰ ঔষধৰ বাবে প্ৰয়োজন হ'লেও এটা গুণ তেওঁলোকৰ মাজত দেখিবলৈ নাপায় হতাশ হওঁ। তেওঁলোকৰ মাজত ৰামৰ বিনয়ী স্বভাৱ, মানবীয়তা, সৰলতা আদিৰ বিপৰীতে অহংকাৰী, সাম্প্ৰদায়িক, লোভী আদি গুণবোৰহে মেটমৰা হৈ থাকে। আজিকালি ৰামৰ নামেৰে ৰামৰাজ্য নিৰ্মাণৰ ঠিকা লোৱা সকলে মানুহক ভয় খোৱাবলৈ, আক্ৰমণ কৰিবলৈ "জয় শ্ৰী ৰাম'' ব্যৱহাৰ কৰে। "জয় শ্ৰী ৰাম" শব্দটো মই জনাত হনুমানে নিজৰ বিনয় ভাৱ প্ৰকাশৰ বাবেহে ব্যৱহাৰ কৰিছিল। এটা সঁচা কথা যে বৰ্তমান মোৰ জয় শ্ৰী ৰাম শব্দটো শুনিলে কিবা বিপদৰ আগজাননী যেন লাগে। ভয় লাগে, ঘিন লাগে এই শব্দটো। বৰ্তমান মই মোৰ বন্ধু বৰ্গক পেংলাই কৰিবৰ বাবে অৱশ্যে এই শব্দটো ব্যৱহাৰ কৰো।


             ৰামে পিতৃৰ মুখৰ পৰা নোলোৱা এটা কথা হৃদয়ত অনুভৱ কৰিয়েই ভাতৃক ৰাজসিংহাসন গতাই আঁতৰি বনলৈ গুচি গৈছিল।  কিন্তু আমাৰ ৰামৰ আদৰ্শ স্থাপন কৰিব বিচৰাসকলে কেনেকৈ মন্ত্ৰী-এমএলৰ আসনখনত বছৰ বছৰ ধৰি বহি থাকিব পাৰে তাৰ চিন্তাত। আসনখনৰ বাবে তেওঁলোকে মিছা কথা, ঠগ প্ৰৱঞ্চনা, ধৰ্ষণ-হত্যা সকলো কৰিব পাৰে। আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালো অসমৰ দুজন ৰামৰ আদৰ্শৰে পৰিচালিত দুজন ব্যক্তি। তেওঁলোক দুজনেও দিল্লীত আহি মোক মুখ্যমন্ত্ৰী পাতিব লাগিব, মোক মুখ্যমন্ত্ৰী পাতিব লাগিব বুলি মোডী-অমৃত শ্বাহৰ ওচৰত আসনৰ কঢ়াকঢ়ি লাগিছিল। কিন্তু ৰামায়ণত ৰামে ভৰতক নিজৰ ৰাজসিংহাসন গতাই দিয়াৰ পাছতো ভাতৃ ভৰতে গ্ৰহণ কৰা নাছিল। উপায়ন্ত হৈ ভৰতে ৰামৰ চেণ্ডেলযোৰ সিংহাসনত থৈ চৈধ্য বছৰ শাসন চলাই গৈছিল। ইফালে, বিপদৰ সময়ত জনতাক মাত এষাৰ দিবলৈ সময় নোপোৱা আমাৰ প্ৰধানমন্ত্ৰীয়ে ইলেকচনৰ সময়ত জনগণৰ ওচৰলৈ তাঁত বাতি কৰে। ভোট ল'বলৈ, পুনৰ তেওঁক ৰজা বনাবলৈ জনতাক আহ্বান জনায়। তেওঁলোকে আকৌ ৰাস্তা-পদূলিয়ে জয় শ্ৰী ৰাম ধ্বনি দিয়ে। ৰামৰ আদৰ্শৰ কথা কয়।


            ৰামে নিজৰ গুণ কোনোদিন বখনা আমি ৰামায়ণত নাপাঁও। মহাভাৰতত নিজৰ গুণ গৰিমাক নিজে প্ৰকাশ কৰাক আত্মহত্যাৰ লগত তুলনা কৰিছিল। (মহাভাৰতত অৰ্জুনে তেওঁৰ গাণ্ডীব ধনুক অপমান কৰাজনক হত্যা কৰা সংকল্প লৈছিল।  এদিন যুধিষ্ঠিৰে অৰ্জুনৰ গাণ্ডীব ধনুক অপমান কৰাত অৰ্জুনে জ্যেষ্ঠ ভাতৃক হত্যা কৰাৰ সলনি নিজেই আত্মহত্যাৰ সিদ্ধান্ত লয়। তেতিয়া কৃষ্ণই আত্মহত্যাৰ বিকল্পস্বৰূপে অৰ্জুনক আত্মাশ্লাঘা অৰ্থাৎ নিজৰ গুণ নিজেই বখানিবলৈ কয়।  কাৰণ আত্মাশ্লাঘাক আত্মহত্যাক সমান গণ্য কৰা হৈছিল ৰামায়ণ মহাভাৰতৰ যুগত ) কিন্তু আমাৰ বৰ্তমানৰ ৰামভক্তসকলে নিজৰ গুণ নিজেই সদায় বখানে, নিজৰ গুণ বখানিবলৈ টিভি চেনেল, বাতৰি কাগজ, চ'ছিয়েল মিডিয়াত কোটি কোটি টকা খৰচ কৰে। আৰু এওঁলোকেই ৰামৰাজ্য স্থাপনৰ কথা কয়।

         আমি সকলোৱে জানো ৰামে গৰ্ভৱতী পত্নীক  বনবাস কিয় বনবাস দিলে। সাধাৰণ ধোৱা-ধোৱীৰ এষাৰ কথাই ৰামক নিজৰ পত্নীক বনবাস দিলে। কিন্তু আমাৰ ৰামৰ আদৰ্শৰে চলা চৰকাৰখনে হাজাৰ হাজাৰ কৃষকৰ কথা নুশুনে। কৃষকে ৰাজধানী প্ৰৱেশত বাধা দিয়াৰ উদ্দেশ্য  হাজাৰ বেৰিকেড, হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন, দেশৰ অন্নদাতা কৃষকসকলক শত্ৰু জ্ঞান কৰিবলৈ থমকি ৰোৱা নাই। আমাৰ অসমৰ প্ৰধান ৰামভক্ত হিমন্ত বিশ্ব শৰ্মাই আকৌ পত্নী ভূমি কেলেংকাৰীত পৰা পত্নীক ৰামৰ দৰে বনবাস দিয়াৰ সলনি বা উচিত শাস্তি দিয়াৰ সলনি ৰক্ষা কৰিবলৈ সকলো প্ৰকাৰ দুই নম্বৰী ৰাস্তা ল'বলৈ কুন্ঠাবোধ নকৰিলে। এওঁলোকেই আকৌ প্ৰতিটো কথাৰ শেষত ৰাম নাম নোলোৱাকৈ থাকিব নোৱাৰে। আৰু দেশৰ জনসাধাৰণ ৰামৰ আদৰ্শৰ পাঠ পঢ়ায়। তেওঁলোকৰ এনে কাৰ্যকলাপবোৰ দেখি অনুভৱ হয় ৰামৰাজ্য নিৰ্মাণৰ নামত আমাক ৰামঠগনহে দি আছে।


#পংকজ_খনিকৰ 

২১-০২-২০২৪

Comments

Popular posts from this blog

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

মই কিয় বিয়া পাতিব লাগে!

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)