বৰ্তমান অসমত কোনজন লাচিতক বেছি প্ৰয়োজন



১। মোগল খেদা লাচিতক নে!

২। নে আপোন-পৰ বিচাৰ নকৰি কামত ফাকি দিয়া মামাকৰ ডিঙি কাটি দিয়া লাচিতজনক !

                 বৰ্তমান সময়ত অসমত এজন বীৰৰ  প্ৰাসংগিকতা মই আটাইতকৈ বেছি অনুভৱ কৰো। সেইজন আন কোনো নহয় তেওঁ লাচিত বৰফুকন। জানিব পাৰিছো চৰকাৰৰ পৃষ্ঠপোষকতাত এই বীৰজনক সোঁৱৰণ কৰিবলৈ যি যো-জা চলাইছে। সি সঁচাকৈ প্ৰসংশনীয়।  বীৰ পূজাই বীৰ সৃষ্টি কৰে আৰু বহুজনক বীৰপূজাই বীৰৰ দৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়। বহুজনৰ দৰে লাচিতে মোগলৰ বিৰুদ্ধে বীৰদৰ্পে যুদ্ধ কৰাৰ কাৰণে মোৰ লাচিতৰ প্ৰতি আকৰ্ষণ নাই। লাচিত মোৰ প্ৰিয় হৈ উঠা মূলতে: লাচিতে ভুল দেখি আপোন-পৰ বিচাৰ নকৰি দোষীক শাস্তি প্ৰদান কৰা কাৰ্যটো। (#মই  কিন্তু ইয়াত ভুল কৰা দেখি আমাৰ লাচিতৰ দৰে ভাগিনে আমাৰ মামাক শিৰচ্ছেদ কৰা কাৰ্যটোক কোনোদিনে গ্ৰহণ নকৰো। সেইটো খুব স্পষ্টভাৱে প্ৰথমে কৈ লৈছো যাতে পাছত মই আইনী মেৰ-পেঁছত নপৰো।)  সম্প্ৰতি আমাৰ অসমত দোষী; কোনো মন্ত্রী-বিধায়কৰ সম্পৰ্কীয় তথা এলেকৰ-পেলেক হ'লেও হাৰি যায়, মন্ত্ৰী-বিধায়কৰ পত্নী ভূমি কেলেংকাৰী, পিপি কীট কেলেংকাৰীত পৰিলে স্বামী মন্ত্ৰীয়ে যিকোনো প্ৰকাৰে বচাব বিচাৰে কিন্তু আমাৰ লাচিতৰ দৰে তই ভুল কৰিছ; তোক ৰেহাই দিলে আন দহটাই এনে কাম কৰিবলৈ সাহস পাব বুলি কৈ ঘৰ-পৰ নাচাই ডিঙিটো কাটি নিদিয়ে। বৰং আমাৰ মন্ত্ৰীসকলে মিচা ওপৰি মিচা কৈ নিজৰ আত্মীয়ক বচাবলৈ চেষ্টা কৰে। আমাৰ মূলুকত এতিয়া পুলিছৰ পুতেকে  বাটে-পথে মদ খাবলৈ, হোষ্টেল-কলেজত অভদ্ৰামী কৰিবলৈ, ছোৱালী বলাৎকাৰ কৰিবলৈ ভয় নকৰে কাৰণ বাপেকে পুলিচ। শাসনৰ বাঘজাৰীডাল বাপেকৰ হাতত আছে বচাই দিব। কিন্তু লাচিত বৰফুকনৰ দৰে মানুহ পুলিছ হোৱা হ'লে ক'লা ল'ৰাক এনকাউন্টাৰ কৰাৰ দৰে নিজৰ বিপথে যোৱা পুতেকক প্ৰথমে এনকাউন্টাৰ কৰিলেহেঁতেন। এতিয়া আকৌ আমাৰ পুলিছ বাপেকে পুতেকক বচাবলৈ পুতেকে বলাৎকাৰ কৰা ছোৱালীজনীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে।

              কিন্তু আজি তাৰিখত অসমৰ ৰাজ্য চৰকাৰখনে এই দিশটোক লুকুৱাই লাচিতে মোগল খেদিছিল কাৰণে অসমে তেওঁক সোঁৱৰণ কৰিব লাগে বুলি কৈ অসমৰ হিন্দু আৰু মুছলিমৰ সাম্প্ৰদায়িক ৰাজনীতিত অধিক গুৰুত্ব আৰোপ কৰিছে।  সেয়ে মোৰ প্ৰশ্ন বৰ্তমান অসমত কোনজন লাচিতক অধিক প্ৰয়োজন-

১। মোগল খেদা লাচিতক নে

২। নে আপোন-পৰ বিচাৰ নকৰি কামত ফাকি দিয়া মামাকৰ ডিঙি কাটি দিয়া লাচিতজনক!

              মোৰ বোধেৰে অসমত দ্বিতীয়জন লাচিত বৰফুকনকহে এতিয়া বেছি প্ৰয়োজন। কাৰণ  বৰ্তমান অসমত নিজৰ কামত ফাঁকি দিয়া, ঘোঁচখোৰ, চলাহি কথা কোৱা, দুৰ্নীতিগ্ৰস্ত, চৰকাৰৰ টকাৰে লাহ-বিলাহ কৰা,বলাৎকাৰী, হিন্দু-মুছলিমৰ মাজত বিভাজনৰ কথা কোৱা আদিৰ লোকৰ সংখ্যা দিনক দিনে তীব্ৰগতিত বাঢ়িব ধৰিছে। এওঁলোকক জাতি-ধৰ্ম, বংশ, পৰিবাৰ, ভাতৃ, পুত্ৰ, পিতৃ, সম্পৰ্কীয় আদিৰ উৰ্দ্ধত থাকি উচিত শিক্ষা দিবলৈ এজন লাচিত বৰফুকনৰ দৰে এজন বীৰৰ  এতিয়া আটাইতকৈ বেছি প্ৰয়োজন।

         অৱশ্যে মোগল খেদা লাচিতজনকো আমাক প্ৰয়োজন। কা' আইনৰ দ্বাৰা আনিবলগীয়া বাংলাদেশীক প্ৰত্যাহ্বান জনাবলৈ এজন মোগল খেদা লাচিতকো নুই কৰিব নোৱাৰি। বি:দ্ৰ: ইয়াত মই ডিঙি কাটি দিয়াটো এটা প্ৰতীক হিচাপেহে ব্যৱহাৰ কৰিছো।

ৰচনাকাল : ১৭ নৱেম্বৰ ২০২২

নতুন দিল্লী

Comments

Popular posts from this blog

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

মই কিয় বিয়া পাতিব লাগে!

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)