মোৰ টোকাবহীৰ পৰা
১। প্লেটোৰ ৰিপ্লাবিকত আৰ্ডিমেণ্টাছে দুজন মানুহৰ জীৱনৰ ছবি আঁকিছিল। এজন আছিল ভয়ংকৰ পাপী আৰু চয়তান। কিন্তু তেওঁৰ সমস্ত জীৱন অতিবাহিত হ'ল পৰম সুখত, মৃত্যুৰ মুহূৰ্তটো তেওঁ লাভ কৰিলে সকলো মানুহৰ শ্ৰদ্ধা আৰু সন্মান। আনজন মানুহে গোটেই জীৱন দুখ কষ্ট কৰি সৎ পথত চলিও প্ৰতিদানত পালে নিন্দা অপবাদ আৰু ধিক্কাৰ। শেষত তেওঁক ক্ৰুচবিদ্ধ কৰা হ'ল। এই দুজন মানুহৰ জীৱনৰ আৰ্হি দেখুৱাই আৰ্ডিমেণ্টাছে প্লাটিমাছক প্ৰশ্ন কৰিলে- এইদুটা জীৱনৰ ভিতৰত তুমি কোনটো জীৱন বাছি ল'বা? প্লাটিমাছে উত্তৰ দিলে- মই বাছি ল'ম সেইজন মানুহৰ জীৱন যিজনে গোটেই জীৱন সৎ পথত চলিও প্ৰতিদানত পালে কেৱল, নিন্দা,অপবাদ আৰু যন্ত্ৰনাময় মৃত্যু। যি মানুহে কিবা পুৰস্কাৰৰ আশাত সৎ জীৱন-যাপন কৰে, তেনে মানুহে কেতিয়াও সৎ জীৱন-যাপন কামনা নকৰে।
২। ৰি কুই- এম এছ
কভেণ্টি পেটম
অনুবাদ- প্ৰফুল্ল কটকী
------------------------------
তুমি গুচি গ'লা
তুমি গুচি যোৱাৰ ধৰণটো যে তোমাৰ মহৎ ধৰণ-কৰণবোৰৰ লগত নিমিলা
তোমাৰ বাবে শোক প্ৰকাশ কৰিবলৈ (মোৰ বাহিৰে) তোমাৰ তো আন কোনো নাই!
প্ৰিয়া মোৰ, সেই জুলাইৰ আবেলিটোত
হঠাতে বুজিব নোৱৰা কিবা এক মোক-মোকনি
আৰু ভীতি-বিহুল চাৱনিৰে
তুমি গুছি গ'লা
তোমাৰ সুদীৰ্ঘদিনীয়া যাত্ৰাপথত মোক যাওঁ বুলি নোকোৱাকৈ
এটা চুমা নিদিয়াকৈ
তুমি গুচি গ'লা কিয়
তোমাৰ প্ৰস্থান যে তোমাৰ মহৎ আৰু শোভন
ধৰণ-কৰণবোৰৰ লগত নিমিলা।
-----------------------------------------------------
৩। নীৰৱ হৈ থাকিবা, নিজ্জনতাত নিজৰ কাম কৰিবা, বাহিৰত দেখুৱাই প্ৰচলিত মতত হয়ভৰ দি চলিবা কিন্তু নিজৰ মনৰ ভিতৰত সম্পূৰ্ণ মুক্ত হৈ থাকিব- ইউৰোপত ধৰ্মৰ নামত চলা যুদ্ধ-বিগ্ৰহবোৰে ইউৰোপীয় সভ্যতাত এবিধ নতুন মানুহৰ জন্ম দিলে। তেওঁলোক হ'ল intellectual reccluse সন্যাসীৰ দৰে নিসংগ আৰু বিচ্ছিন্ন জীৱন যাপন কৰা বুদ্ধিজীৱী। নিজৰ চিন্তা আৰু বিবেকৰ স্বাধীনতা ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে উপৰত উল্লিখিত কৌশলটো অৱলম্বন কৰিছিল।
------------------------------------------------------------------
৪। মৃত্যু অনিবাৰ্য বুলি জানিয়েই ছক্ৰেটিছে বিচাৰক মণ্ডলীৰ ওচৰত এটা শেষ আবেদন জনালে। ক'লে- আপোনালোকৰ ওচৰত মোৰ এটাই শেষ অনুৰোধ আছে। আপোনালোকে যেন মোৰ পুত্ৰকেইজনৰ সু শিক্ষাৰ ব্যবস্থা কৰে। সিহঁতে যদি চৰিত্ৰ গঠনতকৈ ধন-সম্প্ৰতি ঘটাৰ ওপৰত অধিক গুৰুত্ব দিয়ে বা একো নাজানিও বহুত কথা জনাৰ ভাঁও ধৰি ওফাইদাং মাৰি ঘূৰি-ফুৰে তেন্তে আপোনালোকে সিহঁতক কঠোৰ শাস্তি দিয়াৰ ব্যবস্থা কৰিব লাগিব। এইটোৱেই আপোনালোকৰ ওচৰত মোৰ শেষ অনুৰোধ।
Comments
Post a Comment