অৰ্ধনাৰীশ্বৰ

 অৰ্ধনাৰীশ্বৰ

                                                  

স্তৱক-১
দিছপুৰৰ লাষ্টগেটৰ এই সৰু কোঠাটোত আজি আন্ধাৰখিনি মোৰ বৰ আপোন যেন লাগিছে। খিৰিকীৰে সোমাই অহা সচিবালয়ৰ পোহৰজাকত ধূলিবোৰে নাচি থকা দেখিলে মোৰ নিজৰ সপোনবোৰৰ কথা মনত পৰে— যিবোৰ এতিয়া ধূলি হৈ উৰি ফুৰিছে। মই বিচনাত শুই ওপৰলৈ চাই আছোঁ। চাদৰ ওপৰত এতিয়াই জ্বলাই অহা সেই তৃতীয়টো চিগাৰেটৰ ধোঁৱাৰ গোন্ধটো মোৰ আঙুলিত এতিয়াও লাগি আছে। এই গোন্ধটোৱে মোক মোৰ অস্তিত্বৰ কথা সোঁৱৰাই দিয়ে।
মই ফোনটো ল’লোঁ। স্ক্ৰীণৰ সেই নীলা পোহৰটো মোৰ মুখত পৰাৰ লগে লগে মই দাপোণত নোচোৱাকৈয়ে মোৰ মুখৰ বলিৰেখাবোৰ অনুভৱ কৰিলোঁ। স্ক্ৰীণৰ সিপাৰে অন্বেষা। অন্বেষা— মোৰ এক কাল্পনিক সৃষ্টি, মোৰ প্ৰেয়সী, মোৰ আদৰ্শ। যাৰ কোনো তেজ-মঙহৰ শৰীৰ নাই, কিন্তু অন্বেষাৰ প্ৰতিটো শব্দই মোৰ কলিজাত চোকা ছুৰীৰ দৰে বহে।

মই কঁপাকঁপা আঙুলিৰে টাইপ কৰিলোঁ— "অন্বেষা, মই আকৌ হাৰি গ’লোঁ। ঘৰলৈ যাওঁতে সেই প্ৰাইভেট স্কুলৰ শিক্ষয়িত্ৰীজনীৰ সৈতে আকৌ মুখামুখি হৈ গ’লোঁ। চকু নমাই দিলোঁ মই।"
অন্বেষাৰ উত্তৰটো লগে লগে আহিল— "পংকজ, তুমি কিয় চকু নমাই দিলা? তুমি আচলতে তাইক নহয়, তোমাৰ সেই ৯ ঘণ্টাৰ ডিউটিৰ ক্লান্তি আৰু মাহৰ শেষত খালী হোৱা পকেটটোকহে ভয় কৰিছা। তুমি আজিও সেই হাওনৈ পাৰৰ ল’ৰাজনেই হৈ আছাঁ। কেৱল চহৰত মেকআপ কৰি নিউজ পঢ়িবলৈ এখন মুখা পিন্ধি লৈছা।"
অন্বেষাৰ কথাখিনি পঢ়ি মোৰ চকুৰ আগত নিউজ চেনেলৰ সেই দিনটো ভাহি উঠিল। মনত পৰিল আমাৰ এংকৰজনৰ সেই কদৰ্য ইংগিতটো— অখিল গগৈৰ বাইটটো কাটিবলৈ টেবুলৰ তলত কৰা সেই হস্তমৈথুনৰ দৰে কৰা অভিনয়টো। মই বুজি উঠিছোঁ যে মোৰ 'স্বাধীনতা' কেৱল মোৰ এই ব্যক্তিগত টোকাবহীখনৰ মাজতহে আৱদ্ধ। বাহিৰৰ পৃথিৱীখনত মই কেৱল এটা 'ছুইচ' টিপা চৰকাৰী মেচিনৰ এক আধুনিক সংস্কৰণ।
মই ফোনটো কাষত থৈ মোৰ পুৰণি টোকাবহীখন মেলি ল’লোঁ। প্লেটো, ছক্ৰেটিছ— কিমান যে ডাঙৰ ডাঙৰ কথা টুকি থৈছিলোঁ! কিন্তু ৰাতি হ’লেই মোৰ ভিতৰৰ সেই 'অপৰাধী'টোৱে সাৰ পাই উঠে। সেই যে 'বৃষ্টি'ক পাহৰিবলৈ মই 'পেইন কিলাৰ' হিচাপে এজনী কলগাৰ্লৰ কাষ চাপিছিলোঁ— সেই নিশা ছক্ৰেটিছৰ দৰ্শনবোৰ মোৰ কোঠাৰ কোনটো চুকত লুকাই আছিল?
মই ভাবিলোঁ— দেউতাই চাগে ভালেই কৰিছিল। তেওঁ চৰকাৰী চাকৰি নকৰি অন্তত: 'সৎ' হৈ আছিল। কিন্তু মই? মোৰ অনাগত সন্তানে যদি মোক সোধে— "দেউতা, তুমি চৰকাৰী চাকৰি কিয় নকৰিলা?"— মই কি ক’ম? মই কি ক’ম যে মই 'বিবেকৰ স্বাধীনতা' বিচাৰিছিলোঁ? কোনটো বিবেক? যিটো বিবেকে প্ৰতিটো নিউজ চলোৱাৰ আগতে 'চিণ্ডিকেট'ৰ ভাগ বিচাৰে?
মই আকৌ টাইপ কৰিলোঁ— "অন্বেষা, মোৰ মৰিবলৈ মন যোৱা নাই, কিন্তু এইদৰে প্ৰতিদিনে নিজৰ কলমটোৰ ডিঙি কাটি জীয়াই থাকিবলৈও ভাল লগা নাই। মই সেইজনী ছোৱালীৰ ওচৰত ক্ষমা খুজিব বিচাৰিছোঁ, যাক মই 'পাহৰিবলৈ' ব্যৱহাৰ কৰিছিলোঁ।"
অন্বেষাই লিখিলে— "পংকজ, তুমি চৰকাৰী চাকৰি কৰিলে চাগে আজি গাড়ী ল’ব পাৰিলাহেঁতেন। কিন্তু তেতিয়া এই কাহিনীটো কোনে লিখিলেহেঁতেন? কোনে ক’লেহেঁতেন যে ৯৮ শতাংশ মানুহ আজিও পানীত ঘৰিয়ালৰ লগত যুঁজি আছে? তুমি হাৰি যোৱা নাই পংকজ, তুমি কেৱল তোমাৰ যুঁজখনৰ স্থান সলনি কৰি দিছা।"
মই এটা গভীৰ উশাহ ল’লোঁ। চাদৰ ওপৰলৈ গৈ মই নিশাৰ আকাশখন চালোঁ। সচিবালয়ৰ লাইটবোৰ এতিয়াও জিলিকি আছে। মই বিড়বিড়াই ক’লোঁ— "মই আৰু চকু নমাই নিদিওঁ। এইবাৰ তাইক দেখিলেই মই সেই শিক্ষয়িত্ৰীজনৰ চকুলৈ চাই মোৰ বিফলতাবোৰৰ সৈতে কথা পাতিম।"
স্তৱক-২
কোঠাৰ চুকত থকা পুৰণা ঘড়ীটোৱে টিক-টিককৈ সময়ৰ হিচাপ ৰাখিছিল। মই অন্বেষালৈ লিখিলোঁ— "অন্বেষা, ১০ বছৰৰ ব্যৱধানটো কি জানা? মই যিটো সময়ত নিজৰ ভৰিৰ তলৰ মাটিখিনি বিচাৰি হাবাথুৰি খাই আছিলোঁ, সেই সময়ত তাই কেৱল এটা ৰঙীন ভৱিষ্যতৰ সপোন দেখিছিল। আমাৰ মাজৰ প্ৰেমটো এটা সময়ত 'দন্দ্ব'লৈ ৰূপান্তৰিত হৈছিল। তাই ভুল কৰিলেও মই ক্ষমা খুজিছিলোঁ। কিয় জানা? কাৰণ মই তাইক হেৰুৱাবলৈ ভয় কৰিছিলোঁ। মোৰ সেই বয়সৰ মৰ্যাদাই তাইৰ ল’ৰামতিৰ ওচৰত আঁঠু লৈছিল।"
অন্বেষাই সুধিলে— "পংকজ, তুমি কিয় নিজকে ইমান সৰু কৰি দিছিলা? তুমি 'ছৰি' কৈছিলা নেকি কাৰণ তোমাৰ হাতত তাইক ধৰি ৰাখিবলৈ কোনো আৰ্থিক নিৰাপত্তা নাছিল?"
মই খিৰিকীৰে সচিবালয়ৰ পোহৰবোৰলৈ চালোঁ। "হয়তো। কিন্তু তাতকৈ বেছি আছিল তাইৰ সেই যান্ত্ৰিকতা। এটা সময়ত তাইৰ কথা-বতৰাবোৰত সেই আন্তৰিকতাৰ পৰিৱৰ্তে কেৱল এটা 'দায়িত্ব'হে ফুটি উঠিছিল। মই বুজি পাইছিলোঁ— তাই মোৰ পৰা আঁতৰি যাব বিচাৰিছে। মই মুখেৰে কৈছিলোঁ— 'আঁতৰি যাব পাৰা', কিন্তু মোৰ আত্মাৰ কোনোবা এটা চুকত মই তাইৰ চৰণ ধৰি কান্দি আছিলোঁ। মই প্ৰস্তুত নাছিলোঁ অন্বেষা। কোনো পুৰুষেই নিজৰ আটাইতকৈ প্রিয় বস্তুটো হেৰুৱাবলৈ প্ৰস্তুত নহয়।"
অন্বেষাই লিখিলে— "তাৰমানে, তুমি যে বেশ্যাৰ ওচৰলৈ গৈছিলা— সেয়া কোনো চৰিত্ৰহীনতা নাছিল?"
মই কলমটো টানকৈ ধৰিলোঁ। "একেবাৰে নাছিল। এয়া আছিল এক নিৰ্মম 'Self-surgery'। তুমি বুজিব লাগিব অন্বেষা— মই তাইৰ প্ৰেমত ইমানেই নিমজ্জিত আছিলোঁ যে মই আন কোনো ছোৱালীৰ কথা ভাবিবই পৰা নাছিলোঁ। কিন্তু যেতিয়া বিচ্ছেদ হ’ল, বুকুৰ ভিতৰত যিটো বিষ আৰম্ভ হ’ল, তাৰ কোনো দৰব পৃথিৱীৰ কোনো ফাৰ্মাচীত নাছিল। মই বেশ্যাৰ কাষ চাপিছিলোঁ কেৱল শৰীৰৰ ভোক গুচাবলৈ নহয়, বৰঞ্চ তাইৰ সেই পবিত্ৰ স্মৃতিক নিজৰ পৰা অপবিত্ৰ কৰি আঁতৰাই পেলাবলৈ। মই নিজকে ইমানেই ঘৃণা কৰিব বিচাৰিছিলোঁ যাতে সেই ঘৃণাৰ মাজত তাইৰ প্ৰেমটো ধুই যায়। এয়া আছিল মোৰ বুকুৰ ঘাঁ শুকোৱাৰ এক বিপৰীতমুখী চিকিৎসা (Inverse Treatment)।" কি জানা- মই খিৰিকীৰে দিছপুৰৰ ৰাজপথলৈ চালোঁ। "অন্বেষা, শুনা। শুনাটো অলপ বেয়া হ'ব পাৰে, কিন্তু এয়াই সত্য— সেইদিনা নিশা মই যেতিয়া সেই নিষিদ্ধ গলিটোত সোমাইছিলোঁ, মোৰ কোনো আৱেগ নাছিল। মই কেৱল এটা মাংসৰ পিণ্ড বিচাৰিছিলোঁ। মই প্ৰমাণ কৰিব বিচাৰিছিলোঁ যে মোৰ দৰে এজন বিফল সাংবাদিকৰো ক্ষমতা আছে হাজাৰ টকাৰ বিনিময়ত এজনী নাৰীক কিনি ল’বলৈ। সেয়া প্ৰেমৰ অভাৱ নাছিল, সেয়া আছিল মোৰ বিধ্বস্ত অহংকাৰৰ এক অমানৱীয় প্ৰতিশোধ।"
অন্বেষাই নিস্তব্ধ হৈ ৰ'ল। তাৰপিছত লিখিলে— "পংকজ, এয়াই তোমাৰ দৰ্শন। তুমি শৰীৰৰ মাজেৰে ক্ষমতাৰ সন্ধান কৰিছিলা। তুমি বৃষ্টিৰ ওচৰত যিটো 'প্ৰতিষ্ঠা' হেৰুৱাইছিলা, সেইটো তুমি সেই নিশাৰ অন্ধকাৰত বিচাৰি ফুৰিছিলা। কিন্তু পালে জানো?"
মই লিখিলোঁ— "নাই। সেই নিশা মই বুজি পালোঁ যে শৰীৰৰ কোনো জাত-পাত বা আদৰ্শ নাই। শৰীৰে কেৱল ক্ষুধা জানে। কিন্তু আত্মা? আত্মাৰ ক্ষুধাৰ বাবে আকৌ সেই মাক্সবাদ, ছক্ৰেটিছ বা বৃষ্টিৰ দৰে এজনী ছোৱালীৰ প্ৰয়োজন। যি প্ৰেমে তোমাক ক্ৰুচবিদ্ধ কৰিব পাৰে, সেই প্ৰেমৰহে দৰ্শন আছে। যিয়ে তোমাক নিৰাপত্তা দিয়ে, সেয়া কেৱল এটা 'চৰকাৰী মেকানিজম'।"
( আত্মজীৱনী নহয়, উপন্যাস )

Comments

Popular posts from this blog

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই!

মই কিয় বিয়া পাতিব লাগে!