মই কিয় বিয়া পাতিব লাগে!



মই কিয় বিয়া পাতিব লাগে! এই কথাটো মই বহুত দিন ধৰি ভাবি আহিছো। আৰু এই বিষয়টো সন্দৰ্ভত মই দুই এজনৰ লগত কথা পাতিছো আৰু দুই এখন কিতাপো পঢ়িছো। মোৰ বন্ধুসকলৰ লগত এই বিষয়ে কথা পাতোতে সিহঁতি বিবাহ সম্বন্ধীয় পৰম্পৰাগত কথাবোৰেই কয়। সিহঁতি  সংসাৰৰ নিয়ম, বংশ ৰক্ষা, আমাক যেনেকে জন্ম দিছে আমিও বিয়া পাতি ল'ৰা-ছোৱালী জন্ম দি সংসাৰৰ ধৰ্ম পালন কৰিব লাগে আদি  কথাবোৰ কয় । লগতে বৃদ্ধ কালছোৱাত নিসংগতাৰে কটাবলগীয়া ভয়াবহ ছবিখনো মোৰ আগত দাঙি ধৰে ।

             আৰু ময়ো দেখিছো পতি-পত্নীৰ সম্বন্ধটো সমান আন একোৱেই হ'ব নোৱাৰে। ভাই-ককাই, বাই-ভনী, বন্ধু-বান্ধববোৰ এসময়ত দূৰলৈ গুছি যায় আৰুৱসেই সময়ত পতি-পত্নী, সন্তান ওচৰ-চাপি আহে। অভাৱ-অনাটন, সুখ-দুখ, বিপদ-আপদ সকলো সময়তে পতি-পত্নীয়ে নিজস্বতাক ত্যাগ কৰি হ'লেও সংগ দিয়ে ইজনে সিজনক। গতিকে জীৱন যাত্ৰাত এনেকুৱা এজন বন্ধুক কোনে নিবিচাৰে। যিজনে এনেকুৱা এটা সম্বন্ধ এটা নিবিচাৰে তেওঁ হ'ব লাগিব বৌদ্ধদেৱ, বিখ্যাত চিত্ৰকৰ পল গঁগা নাইবা জাঁ পল ছাত্ৰে বা ছমাৰছেট মমৰ The Razor's Edge ৰ নায়ক লেৰী হ'ব লাগিব। 

                  গৌতম বুদ্ধৰ কথা আমি সকলোৱে জানো। পল গঁগাই বিয়া বাৰু কৰাই সতি-সন্ততিৰে ভৰা এখন সম্পূৰ্ণ ঘৰ এৰি গুচি গৈছিল ছবি আঁকিবলৈ। লেৰীয়ে বাগদাতা অপৰূপা সুন্দৰী এলিজাবেথক এৰি জীৱনৰ সত্য সন্ধানত নামি পৃথিবীখন ঘূৰি ফুৰিছিল আৰু জীৱনৰ তিতা-মিঠা অভিজ্ঞতাৰ সন্ধান কৰিছিল। জাঁ পল ছাত্ৰে বিয়া কৰোৱা নাছিল কিন্তু  The second sex ৰ লেখিকা তথা নাৰীবাদৰ প্ৰবক্তা চিমন দ্যা বিভোৱাৰ লগত গোটেই জীৱন একেলগে পাৰ কৰিছিল।  তেওঁলোকে চুক্তি কৰিছিল যিদিনাই ইজনে সিজনৰ প্ৰতি আবেগ নাইকীয়া হ'ব সেইদিনা তেওঁলোকে সম্পৰ্কটো শেষ কৰিব।  ইয়াৰ বিপৰীতে আকৌ ৰামে পত্নীৰ বাবে পাৰাপাৰহীন সাগৰত সেতু বনাই পত্নীক উদ্ধাৰ কৰিছিল। হোমাৰৰ ওডিছিয়ে আকৌ বিশ্ব সুন্দৰী, চিৰ যৌৱনা অপেশ্বৰীকো ত্যাগ কৰি মধ্যবয়সীয়া পত্নী পেনলিপিৰ কাষলৈ আহিবলৈ এখন চুৰি কটাৰী সমান অস্ত্ৰৰে নাও সজাত ব্যস্ত হৈ পৰিছিল সদা গৰ্জিত বিশাল সাগৰ পাৰ হ'বলৈ। এইয়া জীৱনৰ বিচিত্ৰতা।


             ইফালে, বিবাহৰ লগেই লগেই প্ৰেমৰো মৃত্যু হয় বুলি কৈ বিবাহৰ বিৰুদ্ধ অৱস্থান গ্ৰহণ কৰে এচামে।  মই জনা বিবাহ বিৰোধীসকলৰ ভিতৰত বিখ্যাত ইংৰাজী সাহিত্যৰ কবি শ্যেলী অন্যতম। তেওঁ আকৌ গডউইনৰ Political justice নামৰ কিতাপখনৰ পৰা অনুপ্ৰাণিত হৈছিল। যিজন আকৌ শ্যেলিৰ দ্বিতীয়া পত্নী মেৰীৰ পিতৃ আৰু শ্যেলিৰ শহুৰ হৈছিল। হাস্যকৰ কথা যে দুয়োজন বিবাহবিৰোধীয়ে আকৌ দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। গডউইনৰ বিবাহ সমন্ধীয় ধাৰণাটো এনেকুৱা আছিল যে বিবাহ এক বন্ধন, এক যুক্তিহীন ব্যবস্থা। (ইয়াত বান্ধোন বুলি কওঁতে আমাৰ তথাকথিত বাবা সকলে কোৱা সংসাৰ মায়াজাল বোলা কথাষাৰ নহয়) মানুহে সৃষ্টি কৰা নিয়ম কানুনে আমাৰ স্বাভাবিক ভাৱ-অনুভূতিবোৰ বান্ধি ৰাখিব নোৱাৰে। কাৰোবাক ভাল লগাতো স্বাভাৱিক কিন্তু বিবাহ হৈ যোৱাৰ পাছতে আমাৰ সমাজৰ মতে, পতিয়ে পত্নীৰ বাহিৰে, একেদৰে পত্নীয়ে পতিৰ বাহিৰে আন এগৰাকীক ভাল লগাটো  সমাজবিৰুদ্ধ।  আৰু বহু সময়ত পতী-পত্নীৰ সম্পৰ্কটো এনেকুৱাও হয় যে দুয়োজনেই দুয়োজনক সমূলি দেখিব নোৱাৰে, সহ্য কৰিব নোৱাৰে অথচ তেওঁলোকে সমাজৰ বাবে সতি-সন্ততিৰ কথা ভাবি ভাবি বিচ্ছিন্ন হ'ব নোৱাৰে। কিন্তু তেওঁ ভাল লগা এগৰাকী দূৰত থাকে উশাহ-নিশাহত সেইগৰাকীক লৈ ফুৰে অথচ তেওঁৰ কাষলৈ যাব নোৱাৰে, তেওঁৰ বুকুত মুখ গুছি শুব নোৱাৰে। সেয়া কৰিবলৈ গ'লে সমাজবিৰুদ্ধ কথা, পাপৰ কথা। এই কথাবোৰ লক্ষ্য কৰিয়েই শ্যেলি আৰু গদউইন প্ৰেমৰ উন্মুক্ত প্ৰকাশৰ এক ব্যবস্থাৰ কথা কৈছিল। ভাল নলগা ব্যক্তি এজনৰ লগত জীৱনটো কটোৱাতকৈ ভাল লগা ব্যক্তিজনৰ লগত জীৱনটো পাৰ কৰা উচিত বুলি কয়। তেওঁলোকৰ মতে আবেগ নথকা, ভালপোৱা নথকা সম্বন্ধ এটা জোৰ কৰি ধৰি ৰখাতকৈ সম্বন্ধটো এক বুজাবুজি মাজেৰে ভাঙি পেলোৱাটো ভাল বুলি যুক্তি দাঙি ধৰিছিল। আৰু শ্যেলীয়ে নিজেই প্ৰথমা পত্নী হেৰিয়েটৰ লগত সেই কামটোকে কৰিছিল। আপুনি জানি আচৰি হ'ব যে শ্যেলিয়ে দ্বিতীয়বাৰৰ বাবে মেৰিক বিয়া কৰোৱাৰ পাছত প্ৰথমা পত্নীয়ে কষ্টেৰে দিন কটোৱা বুলি জানিব পাৰি শ্যেলিয়ে হেৰিয়েটলৈ চিঠি লিখিছিল- তোমাৰ যদি অসুবিধা হৈছে তুমি আমাৰ লগত বন্ধুৰ দৰে থাকিব পাৰিবা। 


           শ্যেলি আৰু গডউইনৰ এই তত্ত্বটো বাস্তৱ ৰূপ দিছিল তেওঁলোকৰ  উত্তৰপুৰুষ জাঁ পল ছাত্ৰে আৰু চিমন দ্যা বিভোৱাই। জাঁ পল ছাত্ৰে আৰু চিমনে বিবাহ পাশত আবদ্ধ হোৱা নাছিল কিন্তু তেওঁলোক দুয়োজনে একেলগে আছিল। তেওঁলোকে এইবুলি চুক্তি কৰিছিল যে আমাৰ দুয়োজনৰ মাজত যিদিনাই আবেগ, ভালপোৱা নথকা বুলি জানিব পাৰিব তেতিয়াই দুয়োজনে সম্পৰ্কটো চিঙি পেলাব। কাৰণ আবেগ, ভালপোৱা নথকাকৈ সম্পৰ্ক এটা  কষ্ট কৰি জীয়াই ৰখাটো যুক্তি সংগত কথা নহয়। ই ব্যক্তি স্বতন্ত্ৰাৰ বিপৰীতমুখী কথা।

              অবশ্যে  সংসাৰ কৰা মানে কাজিয়া-পেছাল থকাটো সাধাৰণ কথা, মানুহৰ নিজৰ কথা-বতৰা, চিন্তা-ধাৰাৰ মাজতে বিৰোধ-স্ববিৰোধ হয়। গতিকে দুজন-মানুহ মানে পতি-পত্নীৰ মাজত বহু সময়ত কথাৰ অমিল, কেতিয়াবা কাজিয়া-পেচাল, ঘৰ-সংসাৰ জঞ্জাল, ল'ৰা-ছোৱালী চম্ভলা আদিবোৰক লৈ কেতিয়াবা সংসাৰত কাজিয়া-পেছাল, দণ্ড-খৰিয়াল থাকিবই। ইজনৰ সিজনৰ প্ৰতি কিছু কিছু মুৰ্হূতত বিৰক্তি আহিবই। এইবিলাক কথাক লৈ কিন্তু জাঁ পল ছাত্ৰে কোনোদিন পতি-পত্নীৰ সম্পৰ্কটো ছেদ কৰিবলৈ কোৱা নাই। এইখিনিতে এটা কথা মনত পৰিছে। এবাৰ এজন চহৰ ব্যক্তিয়ে কোনো কামত যাওঁতে গাঁৱত এনিশা থাকিব লগা হ'ল। কিন্তু পিছনিশাই ওচৰৰ ঘৰত হুলস্থুল। পতিয়ে পত্নীক দালৈ কাটিবলৈ বিচাৰি ফুৰিছে পতিৰ ভয়ত পত্নী নাই। মানুহজনৰ পত্নীক ওচৰ-চুবুৰিয়াই সকলোৱে গোটেই বিচাৰি চলাথ কৰিলে। কিন্তু মানুহগৰাকী নাই। অৱশেষত সকলোৱে আশা এৰি নিজা নিজা ঘৰলৈ গ'ল। তাৰ পাছতে চহৰৰ মানুহজনৰ মনলৈ বিভিন্ন চিন্তা আহিল- মৰম দয়া নাই কেনেকৈ চলি আছে এইবোৰ মানুহ, কি যে হ'ব আদি বিভিন্ন চিন্তা, লগতে নিজ পত্নীক দালৈ কাটিবলৈ বিচাৰি থকা মানুহজনক দুচৰ মান দিবলৈয়ো মন গ'ল তেওঁৰ। এনেকৈ কথাবোৰ চিন্তা কৰিয়েই চহৰৰ মানুহজন টোপনি গ'ল। ৰাতিপুৱা দেৰিকৈ সাৰ পালে। সাৰ পায়েই তেওঁ  নিশাৰ ঘটনাটোৰ খবৰ ল'লে। যিঘৰত তেওঁ ৰাতিটো কটাইছিল তেওঁলোকৰ ঘৰৰে এজনে আঙুলি টোৱাই দেখুৱালে। চহৰৰ মানুহজনে দেখিলে ৰাতি দালৈ কাটিবলৈ বিচাৰি থকা পতি আৰু নিশা নাপাত্তা হোৱা পত্নীয়ে চোতালত গাহৰি মাংস বনাই আছে।  

            পুনৰ জাঁ পল ছাত্ৰে প্ৰসংগলৈ ঘুৰি আহিছো। জা পল ছাত্ৰে আৰু চিমোন দ্যা বিভোৱাই গোটেই জীবন একেলগে কটালে। কিন্তু তেওঁলোকে প্ৰতিজ্ঞা কৰা নাছিল যে আমি গোটেই জীবন একেলগে কটাম। আমাৰ বহু পতি-পত্নীয়ে গোটেই জীবন, জীবনে-মৰণে, শয়নে-সপোনে, বিপদে-আপদে, সুখে-দুখে একলগে কটাম বুলি হোমৰ জুইত সাক্ষী কৰি প্ৰতিশ্ৰুতিবদ্ধ হয় সমাজৰ আগত। ইয়াৰ লগেই লগেই তেওঁলোক বান্ধোনত সোমাই পৰো। কাৰণ ইয়াৰ পাছতেই তেওঁলোকে কাৰোবাক ভাল লাগিলে বা ভালপালেও তাক প্ৰকাশ কৰিব নোৱাৰে। তাক প্ৰকাশ কৰিবলৈ গ'লেই বিপদ আৰু কাৰণ বিবাহৰ জৰিয়তে তেওঁলোকৰ ভালপোৱা বা প্ৰেমক ছিল মাৰি পেলাব লগীয়া হয়। তেওঁলোকে কেৱল ইজনে-সিজনকহে ভাল পাব পাৰিব। আন কাকো নোৱাৰে কিন্তু ভালপোৱা, প্ৰেম অনুভুতি আদি স্বাভাবিক অনুভূতিবোৰক জানো মানব সৃষ্ট বা সমাজ সৃষ্ট নীতি-নিয়মেৰে তলা মাৰি বন্ধ কোঠাৰ ভিতৰত ৰাখিব পাৰি। পতি-পত্নীয়ে সময়ৰ গতিত ইজনে-সিজনৰ প্ৰতি সমূলি প্ৰেম-ভালপোৱা নাথাকিলেও সমাজক দেখুৱাই একেলগে থাকিব লাগিব। এনেদৰে ব্যক্তিৰ আশা-আকাংশা, ব্যক্তিৰ স্বতন্ত্ৰাক তলা মাৰি থ'ব পৰাকে অমাৰ সমাজ ব্যৱস্থাই আদৰ্শ বুলি কয়।

               পিছে সম্প্ৰতি আমাৰ সমাজত বাঢ়ি অহা পৰকীয়া প্ৰেমক কি বুলি ক'ম। নিজৰ কামনা-বাসনা পুৰণ কৰিবলৈ দুমহীয়া তিনিমহীয়া সন্তান এৰি প্ৰেমিকৰ সৈতে পলাই যোৱা মাতৃগৰাকীক বা আধুনিকতাৰ নামত বিচনা বগাই ফুৰা নাৰী-পুৰুষ, য়'য়' হোটেলত গৈ দেহৰ জুতি লোৱা পুৰুষ-নাৰীক আমি জাঁ পল ছাত্ৰেৰ উত্তৰ পুৰুষ বুলি ক'ম নেকি!  ওহো নিশ্চয় ক'ব নোৱাৰো। কাৰণ তেওঁলোকৰ এই কামবোৰৰ মাজত সততা সৌন্দৰ্য  একোৱেই নাই। তেওঁলোকে এই কামবোৰ অগবঢ়াই নিওতে বিশ্বাসঘাতকতা নামৰ বস্তুটোক সকলোতকৈ আগত ৰাখে। সম্পৰ্ক এটা গঢ়া দিয়াৰ উজ্বলতা আৰু সম্পৰ্ক এটা চিঙিতেও সেই সৌন্দৰ্য অটুট থাকিব লাগে। কিন্তু দুমহীয়া সন্তানক এৰি প্ৰেমিকৰ সৈতে পলাই যোৱা বা য়' য়' হোটেলত দেহৰ জুতি লোৱা পুৰুষ-নাৰীসকলৰ এই কামবোৰত জাঁ পল, গদউইন বা শ্যেলিৰ ব্যক্তি স্বতন্ত্ৰাৰ সৌন্দৰ্য নাই। আছে বিশ্বাসঘাটকতা। সৌন্দৰ্য থাকিবলৈ হ'লে তেওঁলোকৰ কাৰ্যকলাপৰ মাজত থাকিব লাগিব সাহস আৰু সততা।


সামৰণি-  মানুহে কিয় বিয়া পাতে! এই প্ৰশ্নটো মোক এদিন মোক মহিলা সহকৰ্মী এগৰাকীয়ে সুধিছিল- তেতিয়া মই কৈছিলো- মই যদি কোনো বিখ্যাত মানুহ হ'লোহেতেন, চিত্ৰকৰ, শিল্পী, সাহিত্যিক, মোৰ যদি অজস্ৰ সম্প্ৰতি থাকিলহেঁতেন মই বিয়া নাপাতিলোহেঁতেন। এইবোৰ থাকিলে জীৱনটোক বিশৃংখল ৰূপত আগবঢ়াই নিলেও সমস্যা নহয়। কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ জীবনটো আগবঢ়াই  নিয়াত এজন পাৰ্টনাৰ প্ৰয়োজন। বাকী বেলেগ কিবা আছে বুলি নাভাৱো।

Comments

Popular posts from this blog

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)