কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)
— Jonathan Swift
আজি কেইদিনমানৰ আগতে চিৰাঙৰ এজন মুছলমান দাদাৰ ঘৰলৈ গৈ আছো। কোকৰাঝাৰৰ পৰা মোক চিৰাঙলৈ নিবৰ বাবে তেওঁৰ ড্ৰাইভাৰজন পঠাই দিলে। মই যাবলগীয়া দাদাজনৰ লগত ফোনত কথা-পাতি থাকোঁতেই গম পাইছিলোঁ যে তেওঁ ৰোজা ৰাখিছে! তেওঁৱেই নহয়। তেওঁলোকৰ পৰিয়ালৰ আটাইকেইখিনিয়েই ৰোজা ৰাখি আছে। আমাৰ কথা হৈছিল- তেওঁলোকৰ ঘৰতে কেইটামান দিন থাকি মোৰ কেইটামান কাম আছিল সেইকেইটা সম্পন্ন কৰা। তেওঁলোকৰ পৰিয়ালটোৱে ৰোজা ৰখাৰ কথা জানিব পাৰি আৰু মোৰ বাবে তেওঁলোকৰ কিবা সমস্যা হ’ব বুলি ভাৱি; মোৰ বাবে
ওচৰে-পাজৰে কম খৰচৰ এখন হোটেলৰ বন্ধ-বস্ত কৰিবলৈ তেওঁক ক’লো। কিন্তু মই নিজেই ধৰ্ম-কৰ্ম নমনা মানুহ। মাজতে ড্ৰাইভাৰজনক সুধিলো- আপুনি ৰোজা ৰাখিছেনে! তেওঁ ক’লে-নাই ৰখা। মাজতে দাদাজনে ফোন কৰিলে- ওচৰৰ দুই এখন হোটেলত যোগাযোগ কৰিছিলো। ৰূম খালি নাই। আৰু এখনত ফোন লগাই আছো ফোনটো ধৰা নাই। বেছি অসুবিধা নহ’লে আমাৰ ঘৰতে থাকি দিব। মই বৰ
চিন্তাত পৰিলো। মই জানো- ৰোজা ৰাখিলে মুছলমানসক’লে খোৱা-বোৱা নকৰে! মোক যদি তেওঁলোকৰ ঘৰত থকাৰ পাছতো একাপ চাহ দিব নোৱাৰে বা কিবা এটা খাবলৈ দিব নোৱাৰে তেওঁলোকৰো বেয়া লাগিব। মই চিন্তাত পৰা যেন দেখাত ড্ৰাইভাৰজনৰ মোৰ প্ৰতি এটা ঘৃণা ভাৱ তেওঁৰ মুখত দেখিবলৈ পালো। তেওঁ হয়তো ভাৱিছে মুছলিম হোৱাৰ বাবেই তাৰ মালিকৰ ঘৰত মই থাকিবলৈ ইচ্চা কৰা নাই। আমাৰ মালিকৰ ঘৰত খাব নোৱাৰে। আমি মানে সৰু মানুহ। তেওঁৰ মনৰ ভাৱটো বুজিয়েই মই তেওঁক সুধিলো- দাদা, এটা কথা সুধো। ধৰক আপোনালোকৰ পৰিয়ালটোৱে ৰোজা ৰাখিছে, অন্য ধৰ্ম বা ধৰ্ম কৰ্ম নমনা মানুহ এটা আপোনালোকৰ ঘৰত থাকিব পাৰিবনে নোৱাৰে! আৰু তেওঁলোকে সেই অন্যধৰ্মৰ মানুহ এজনক ৰোজা ৰখাৰ সময়ত চাহ-তাহ দিব পাৰে নে! তেওঁ ক’লে- সেইবোৰ একো নাই। মানুহ গলে চাহ একাপ দিব নোৱাৰিব নেকি! আমি নোখোৱাখিনিয়েহে নাখাবহে লাগে! বাকী একো নাই! মই তেওঁক কলো- এই কথাটো সুধাৰ কাৰণ এইটোৱেই যে মই আপোনাৰ মালিকে আজি এমাহ ধৰি ৰোজা ৰাখি আছে! মই তেওঁলোকৰ ঘৰত যোৱাৰ বাবদ যদি এমাহ দিন ধৰি ৰখা ৰোজা পানী হ’বলৈ হয় মোৰ বেয়া লাগিব। সেই কথা ভাৱিয়েই মই তেওঁৰ ঘৰত থকাৰ সলনি হোটেলৰ কথা ভাৱিছিলো। কথাবোৰ মই নাজানো যে সেইকাৰণে আপোনাক সুধিলো। কোনো অসুবিধা নাই যদি মোৰ হোটেলত থকাৰ কোনো কথা নাই।
এইবাৰ দেখিলো মোৰ প্ৰতি তেওঁ অকণমান সদয় হৈছে। মই তেওঁক সুধিলো- আপুনি কিয় ৰোজা নাৰাখিলে! তেওঁ ক’লে- ড্ৰাইভাৰ মানুহ, ৰাতিপুৱাই গাড়ী চলাব ওলাই যাব লাগে! পৰিয়ালৰ মানুহে ৰাখিছে। তেওঁ কথাটোৱে মোৰ-ধৰ্ম-কৰ্ম নমনা মানুহটোক অকণমান জগাই তুলিলে। মই কলো- আপুনি তেতিয়াহ’লে স্বৰ্গলৈ যাব নোৱাৰে আৰু! আপুনি ৰোজা ৰখা নাই! যিসক’লে ৰাখিছে তেওঁলোকক আল্লাই ভাল পাব, মনত ৰাখিব। আপুনিতো ৰখা নাই! আপুনি কেনেকৈ স্থান পাব! তেওঁ ক’লে নাই সেইটো কথা নহয়। ৰাখিলে ভাল আৰু! মই এৰি নিদিলো। তেওঁক কলো- কিন্তু
ৰখা আৰু নৰখাটো একেই কথা নহয়। ৰখাসকলৰতো কিবা লাভ হ’বই লাগিব। নহলেনো নোখোৱা নোবোৱাকৈ কেলেই কষ্টখন কৰিব। তেওঁ ক’লে- হয় ৰাখিলে ভাল। কিন্তু এটা কথা- আপোনালোকৰ এই ৰোজাটো কিন্তু দুখীয়া মানুহখিনিয়ে ৰাখিব নোৱাৰে। কাৰণ নোখোৱা-নোবোৱাকৈ এজন মুছলমান ৰিক্সাৱলাই কেনেকৈ ৰিক্সাখন চলাব। বা ঠেলাৱলাই ঠেলাখন। তেওঁলোকেও ৰোজা ৰাখিব কিন্তু ইফতাৰ কৰিবলৈহে একো নাথাকিব! গতিকে আপোনালোকৰ ধৰ্মৰ ধনী মানুহখিনিয়েহে আল্লাৰ ওচৰলৈ যাব পাৰিব। দুখীয়া মানুহখিনিয়ে নোৱাৰে। কাৰণ আপোনালোকৰ যি ৰোজা ৰখাৰ নিৰ্দেশ দিছে সেই ৰোজা কিন্তু দুখীয়া মানুহখিনিয়ে মানিব নোৱাৰে।
মই তেওঁক সুধিলো-এই যে ৰোজা ৰখাৰ কথাটো আপোনালোকৰ কোৰাণত লিখা আছে নেকি! তেওঁ ক’লে- হয়। মই কলো- এটা কথা কওঁ হা আপুনি বেয়া নাপাব। কথা পাতি গ'লে দিঘল ৰাস্তাটো চুটি হৈ পৰিব। আমনি নালাগিব গৈ। কোৰাণখন আজিৰ পৰা শ শ বছৰ আগতে লিখা। একেদৰে আমাৰ হিন্দু ধৰ্মৰ ধৰ্মশাস্ত্ৰবোৰ। যি সময়ত এই কথাবোৰ লিখিছিল তেতিয়া বেছিভাগ মানুহ হাবি জংগলত আছিল। মবাইল নাছিল, লেপটপ নাছিল, আজিৰ দৰে গাড়ী-ঘোঁৰা, হেলিকপ্টাৰ, ৰকেট, কৃত্ৰিম উপগ্ৰহ, ইন্টাৰনেট সেই সময়ত নাছিল। আমাৰ সমাজখনো আজি শ শ বছৰ আগৰ। আজিৰ লগত নিমিলে। বহুত পৰিৱৰ্তন আহিল। আৰু শ শ বছৰ আগতে যি কথা কোনো গ্ৰন্থত লিখা হৈছিল সেই কথাবোৰ আজিৰ দিনতো আখৰে আখৰে মানি থকাৰ যুক্তি আছে নে! সেই কথাবোৰৰ প্ৰাসংগিকতা বৰ্তমান সময়ত আছে নে! বা সেই সময়ছোৱাত লিখা কথা-বতৰাবোৰৰ কিবা মূল্য থাকিব নে! বৰ্তমান সময়ত। আজিৰ পৰা কেইবছৰমান পূৰ্বে আমি ব্যৱহাৰ কৰি থকা ১২০০ মডেল মবাইলটো বা ২ জি ইন্টাৰনেট আমি ব্যৱহাৰ কৰিবলৈ এৰি দিছো। কিন্তু হাজাৰ হাজাৰ বছৰ পূৰ্বে কোনো ব্যক্তিয়ে লিখা কথাবোৰ সাৱতি সেইবোৰেই সঁচা বুলি আমি মানি আহিছো। আৰু সেই কথাবোৰেই সত্য বুলি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিছো। আপোনালোকৰ কোৰাণত মবাইল, ইন্টাৰনেট, ডাটা, কৃত্ৰিম উপগ্ৰহ আদি কথাবোৰ লিখা আছে নে! মই তেওঁক সুধিলো। অ সৱ লিখা আছে। কোৰাণত লিখামতেই কথাবোৰ চলি আছে- তেওঁ কলে। মই সুধিলো- আপুনি কোৰাণ পঢ়িছে নে! মিছা ক’লে কি হ’ব মই পঢ়া নাই- তেওঁ ক’লে। তেতিয়াহ'লে আপুনি কেনেকৈ গম পালে। কিছুমান মানুহ আছে নিজৰধৰণে কিছুমান কথা কিছুমান নিজৰ ধৰণে সঁজাই লয়। মই এটা কথা আপোনাক সুধো হা। মই হিন্দু আপুনি মুছলমান। এই গাড়ীখন এক্সিডেন্ট হ'ল। আমি দুয়োটাই মৰিলো। মই পোনে পোনে স্বৰ্গ বা নৰক পালো গৈ। আৰু আপোনাৰ আত্মাটো কবৰত ৰৈ থাকিব। কোনোবা এটা বিশেষ দিনলৈ। তাৰপাছতে আপুনি স্বৰ্গ-বা নৰক পাবগৈ। এইটো সম্ভৱ নে! মানুহজনে হাঁহিলে। আৰু ক’লে- সেইটো নহয়। ধৰ্মৰ কথাবিলাক তেনেকুৱাই। মই পুনৰ ক'লো- আৰু এটা কথা কম হা। আপুনি দেখিছে নে! মানুহৰ বিপদৰ সময়ত ভগৱান বা আল্লাহ থিয় দিয়া। আজি কেইদিনমান আগতে এজন বুঢ়া মুছলমান মানুহে এজনী ৭-৮ বছৰীয়া ছোৱালী বলাতকাৰ কৰাৰ পাছত মাৰি পেলায় মৰাপাট খেতিৰ মাজত পেলাই থৈছিল। পৃথিবীৰ একো উম-ঘাম নোপোৱা, পাপ-পূণ্যৰ কথা নজনা সেই ছোৱালীজনীক বলাতকাৰ কৰি মাৰি পেলোৱা সময়ত ভগৱান ক'ত আছিল! ভগৱানেতো সৱ দেখি থাকে। আমাৰ গীতাত কৃষ্ণই কৈছে- পৃথিৱীত যি হয় সেয়া সৱ মোৰ মতেই হয়। কভিডৰ সময়ত কিমান মানুহ মৰিল, অসমত প্ৰতিবছৰে বানপানী হয় তাৰ কাৰণো নিশ্চয় ভগৱানেই হয়! চহৰে-নগৰে দেখিবলৈ পাব শ শ সৰু লৰা-ছোৱালীয়ে খাবলৈ নাপায়, স্কুল পঢ়িবলৈ নাপায়, প্লাষ্টিকৰ বটল বিচাৰি ফুৰে এই লৰা-ছোৱালীখিনিৰ বাবে ভগৱান বা আল্লাই কিবা এটা কৰা দেখিছেনে! যুদ্ধ-বিগ্ৰহত কিমান মানুহ মৰে! কিমান অনাথ হয়, কিমান পংগু হয় কিমানে দৰিদ্ৰতাৰ গৰাহত পৰে! এনে যুদ্ধ বিগ্ৰহবোৰ ভগৱানে নোহোৱা কৰিব নোৱাৰে কিয়! আমি দেখিবলৈ পাওঁ- বহু সময়ত মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতে বহু মানুহৰ এক্সিডেন্ট হৈ মৰে, গীৰ্জাত প্ৰাৰ্থনা কৰি থকাৰ সময়তে ভূমিকম্পত বহু ধৰ্মত আস্থা ৰখা মানুহৰ মৃত্যু হয়। একেদৰে মচজিদত নামাজ পঢ়ি থাকোঁতেই জুই লাগি বহু মানুহ মৃত্যু মুখত পৰে! এনে ধৰ্মীয় অনুষ্ঠানবোৰলৈ মানুহে যায় জীৱন বিচাৰি আৰু ভগৱানে তেওঁলোকৰ হাতত তুলি মৃত্যুৰ উপহাৰ। ভগৱানৰ এনে মানুহৰ প্ৰতি কৰা অন্যায় আৰু নিৰ্দয় প্ৰকৃতিৰ এনে উদাহৰণ আছে। এই কথাবোৰ দেখা-শুনাৰ পাছতো আমি ভগৱানক কওঁ- ভগৱান দয়ালু। ন্যায়পৰায়ণ। পৃথিৱীখনত আপুনি লক্ষ্য কৰিলে দেখিব। ভাল মানুহে, সত জীৱন-যাপন কৰা মানুহৰ দুখ-কষ্ট বেছি। কিন্তু যিসকলে দুই নম্বৰী কৰিছে তেওঁলোকে ৰজাৰ দৰে সুখত আছে। উদাহৰণস্বৰূপে। মন্ত্ৰী-এমএলএবোৰ। মৃত্যুৰ পাছতো তেওঁলোকে সসন্মান পায়। কিন্তু বেছিভাগ ভাল মানুহেই জীয়াই থকা কালত কষ্ট পাইছে। মৃত্যুৰ সময়তো ভাল চিকিতসা নোপোৱাকৈ মৃত্যুক সাৱতি লৈছে। বা কোনো দুস্কৃতিকাৰীৰ গুলিত মৃত্যু হৈছে। তাৰপাছতো আমি কম ভগৱান ন্যায়পৰায়ণ।
মই ইমানখিনি কথা তেওঁক কলো যদিয়ো, তেওঁ হয়ভয় দিলে যদিয়ো তেওঁৰ যুগ যুগ ধৰি ধৰ্মৰ কথাবোৰে তেওঁৰ মগজুত মৰা বেৰাখনত মোৰ কথাবোৰে খুন্দাই খায় কোনোবাখিনিত হেৰাই গ’ল। কিন্তু কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিব। মই কোৱাৰ লগে লগেই যে তেওঁৰ জীৱনলৈ এটা বিৰাট পৰিৱৰ্তন আহিব- তেনেকৈ ভৱাতো মোৰ বাবেওঁ আকাশত চাংপতাৰ দৰেই হ’ব। মই তেওঁক
পুনৰ ক’লো- মই হিন্দু,
আপুনি মুছলিম। ধৰ্মই আমাক কি শিকাইছে। মই আপোনাৰ ঘৰত এসাঁজ ভাত খাব নোৱাৰো। মোৰ ঘৰত আপুনি ভাত খাব নোৱাৰে। মই গৰু খালে পাপ হ’ব। আৰু আপুনি
গাহৰি খালে। কিন্তু খ্ৰীষ্টানে আকৌ গৰু-গাহৰি দুইটা খালেও পাপ নহয়। এইবোৰ কেনে কথা। মই কোনো ধৰ্মত বিশ্বাসী নহয়। আপোনাৰ হাতেৰে মই যি দিলেও খাম। আপুনি মোক চেনেহত কিবা এটা দিছে আৰু মই যদি মই যদি কওঁ মই আপোনাৰ হাতেৰে নাখাম নহয়। তেতিয়া আপোনাৰ মোৰ প্ৰতি কেনেভাৱ আহিব। কিন্তু মই আপোনাৰে দুই হাতেৰে কৰা শাক-পাচলি দোকানৰ পৰা খাই আছো। এইবোৰেই ধৰ্মৰ কথা। আৰু এই কথাবোৰেই আমি যুগ যুগ ধৰি কৰি আহিছো। ধৰ্ম ঈশ্বৰৰ নামত।
মোৰ ঘৰখনো শংকৰদেৱ সংঘ নামৰ অনুষ্ঠানটোৰ আদৰ্শৰে চলে। শংকৰদেৱ সংঘৰ যি নীতি-আদৰ্শবোৰো অলপ সংকীৰ্ণ। গতিকে মোৰ যুক্তিবাদী মনটোৱে এই কথাবোৰ ভাল নলগা কাৰণে মই আঁতৰি আহি জীৱনটোক অন্য দৃষ্টিৰে চাবলৈ চেষ্টা কৰিছো। কিন্তু আমি দেখিবলৈ পাওঁ আমাৰ অধিক সংখ্যক মানুহে কথাবোৰ নিজ মগজুৰে চিন্তা নকৰি মোৰ দেউতা যি ধৰ্ম লৈছিল বা যাক উপাসনা কৰিছিল, যি নিয়ম-নীতি বা পৰম্পৰা আছিল সেয়া ময়ো কৰিম। লাগিলে সেয়া ভালেই হওঁক বা বেয়াই হওঁক। আমি দেখিবলৈ পাঁও আন ধৰ্মাৱলম্বী লোকৰ সন্তানতকৈ মুছলমান ধৰ্মাৱলম্বী লোকৰ সন্তানৰ মাজত উদাৰ চিন্তা কৰা মানুহৰ সংখ্যা কম। কথাটো মনলৈ অহাৰ লগে লগেই মই ড্ৰাইভাৰজনক সুধিলো- আপোনালোকৰ অঞ্চলটোত ইশ্বৰ বা আল্লা নমনা কোনোবা আপোনালোকৰ মানুহ আছে নেকি! তেওঁ নাই বুলি ক’লে। মই পুনৰ সুধিলো- আপুনি কেতিয়াবা লগ পাইছেনে তেনেকুৱা মানুহ! তেওঁ ক’লে- এজন এবাৰ লগ পাইছিলো। বহুদিন হ’ল।
হয় ময়ো লগ পাইছো। কিন্তু তেনেই কম-মই নিজৰ মাজতে ভোৰভোৰালো।
ৰচনাকাল- ০৮-০৫-২০২৫
লতুন দিল্লী
Comments
Post a Comment