জুবিন অনুৰাগীৰ হিপ’ক্ৰেচি (Hypocrisy)
জুবিন অনুৰাগীৰ হিপ’ক্ৰেচি (Hypocrisy)
২ অক্টোৱৰৰ দিনটোত বিজেপি অসম প্ৰদেশে তেওঁলোকৰ ফেচবুক পেজত গান্ধীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটা পোষ্ট দিছে। ৫০০ ৰো অধিক নেটিজনে কমেন্ট কৰিছে। পোষ্টটোৰ অধিকাংশ কমেন্টেই মহাত্মা গান্ধীক কটাক্ষ কৰিছে। দুই এজনে অশ্লীল মন্তব্যও দিছে যিবোৰ দেখি ভাবিছো এনেকুৱা মানুহো থাকিব পাৰে নে! Goutom Ahom Hondique নামৰ এজনে লিখিছে- ‘মই বিজেপি সদস্য হলেওঁ, গান্ধীক স্মৰণ নকৰোঁ৷ মই মোৰ পাছৰ প্ৰজন্মক শিকাম দেশৰ বাবে গান্ধী যে অভিশাপ আছিল !হিন্দু সকলক ঘৃণা কৰা আৰু নোৱখলিৰ ইতিহাস জনাৰ পাছত ঘিণ কৰোঁ এনে সত্য আৰু অহিংসা পাঠ দিয়া পপিয়াটোক ! এতিয়া জীয়াই থকা হ’লে গান্ধীক হেংদাং ৰে দুচেও কৰিলোঁ হেতেন ৷’’ কমেন্টটো দেখাৰ পাছতে তেওঁৰ প্ৰফাইলটো চেক কৰিছো। তেওঁৱো এজন জুবিন অনুৰাগী। প্ৰথম দিনাৰ পৰা তেওঁৰ ৱালত জুবিন গাৰ্গৰ ফটো। একেদৰে কেইদিনমান পূৰ্বে হীৰেণ গোহাঁইৰ এটা সাক্ষাতকাৰত বহু জুবিন অনুৰাগীয়ে হীৰেণ গোহাঁইক বুঢ়া শগুণ, গেদাৰ চকিদা, ই মৰা নাই নেকি! জাতিয় কিছুমান কমেন্ট। এনে কমেন্ট কৰাসকল কিন্তু জুবিন অনুৰাগী। জুবিনক ভাল পায়, জুবিনৰ কাৰণে পাগল, প্ৰফাইলত জুবিন গাৰ্গৰ ফটো, জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিভিন্নধৰণৰ পোষ্ট কৰিছে। তাৰ সমান্তৰালভাৱে এইসকল অনুৰাগীৰ আকৌ ধৰ্মৰ বাবে কটা-কটাকটি কৰিবলৈ প্ৰস্তুত, জীৱ-জন্তু বলি, দিঘলীপুখুৰীৰ গছবোৰ কটাৰ সপক্ষে এওঁলোক। জুবিন গাৰ্গে কৈছিল- মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। অসমত এতিয়া জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যা কোটি কোটি ঘৰত কিন্তু জুবিনৰ যি আদৰ্শ, জুবিন গাৰ্গৰ যি দৰ্শন, তেওঁৰ সত্ত্বাক উপলব্ধি কৰা অনুৰাগীৰ সংখ্যা কিন্তু আঙুলিৰ মূৰত লেখিব পৰা। তেনেকৈ হ’লে আমি জুবিনক আমাৰ মাজত বেছিদিন জীয়াই ৰাখিব নোৱাৰিম।
জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰাখিবলৈ আমি তেওঁৰ গানকেইটামান শুনিলেই, বৃহত আকাৰৰ মূৰ্তি বনালেই, বছৰেকৰ মূৰত আনুষ্ঠানিক জন্মজয়ন্তী উদযাপন কৰিলেই আমাৰ মাজত জুবিন বেছিদিন জীয়াই নাথাকিব। এজন অনুৰাগী হিচাপে জুবিন গাৰ্গক আৰু তেওঁৰ আদৰ্শক প্ৰজন্মৰ পাছত প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ তেওঁক আমি উপলব্ধি কৰিব লাগিব। জুবিন গাৰ্গ আছিল কাঞ্চনজংঘা অৰ্থাত প্ৰকৃতি। তেওঁৰ বাবে আছিল প্ৰতিজন মানুহ মানুহ। গছ এজোপাই যিদৰে এজন দুখীয়াক যিদৰে ছাঁ দিয়ে সেইদৰে একেই ছাঁই দিয়ে ধনীজনকো। একেদৰে জুবিন গাৰ্গয়েও জাতি-ধৰ্ম, বৰ্ণভেদে তেওঁৰ কাষত মানুহে স্থান নাপাইছিল। ধনী-দুখীয়াৰ ভিত্তিতো তেওঁ মানুহক মূল্যায়ণ কৰা নাছিল। ৰকষ্টাৰ হৈয়ো পগলাজনৰ লগতো আন্তৰিকতাৰে কথা পাতিছে, আন্তৰিকতাৰে সাৱতি ধৰিছে, ফুটপাথৰ দোকানত বহি চাহ খাইছে, নাই কোনো ভেম অহংকাৰ। মুম্বাই এৰি আহিছে নিজৰ মানুহখিনিৰ মাজলৈ। কোনো দিন কাকো খাতিৰ কৰা নাই। য'তে ভুল দেখিছে তাতেই লাভ-লোকচানৰ অংক নকৰি মাত-মাতিছে। কোনো ৰাজনীতিকৰ, মন্ত্ৰী-এমএললৈ শংকা নকৰি নিজৰ ক'ব লগাখিনি ক'বলগাখিনি কৈছে, কৰিব লগাখিনি কৰিছে। গছ-গছনিৰ লগত কথা পাতিছে, গছকটাৰ বিৰোধে থিয় দিছে, জীৱ-জন্তুক মৰম কৰিছে, বলি বিধানৰ বিপক্ষে মাত-মাতিছে। দিন-ৰাত একাকাৰ কৰি কাম কৰিছে, চিনেমা বনাইছে, কিতাপ পঢ়িছে। তেওঁক অনুসৰণ কৰি আমিয়ো তেওঁৰ অধ্যৱসায় আৰু নিজৰ ক্ষেত্ৰখনত সাৰ নমনা মনোভাৱেৰে কাম কৰিব লাগিব। শেষত এটা কথা সংযোজন কৰো যে জুবিন গাৰ্গে ৩৮ হাজাৰ গীত কণ্ঠদান কৰিছিল বাবেই বা তেওঁ সুকণ্ঠৰগৰাকীৰ বাবেই আজি জুবিন গাৰ্গৰ বাবে কোটি সংখ্যাৰ মানুহ ওলাই অহা নাই। ভাৰতবৰ্ষত জুবিন গাৰ্গতকৈ অধিক প্ৰতিভাধৰ শিল্পী আছে। কিন্তু তেওঁলোকৰ মৃত্যুৱে এনেকৈ মানুহ উলিয়াই আনিব পৰা নাই। গতিকে কথাবোৰ আমাৰ অসমীয়া মানুহে উপলব্ধি কৰি আগবাঢ়িব লাগিব।
ৰচনাকাল- ৫-১০-২০২৫
Comments
Post a Comment