মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘মন কী বাত’ ( Mann Ki Baat Of Assam CM)

 


সকলো কথা আমি পজিটিভলি লব লাগিব। মানে অল ইছ ৱেল। বা যি হয় ভালৰ কাৰণেই হয়। এই ধৰক- শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই পুলিছে দুর্ধর্ষ অপৰাধীৰ দৰে আচৰণ কৰা, তেল ডিপুটোৰ হিন্দি ভাষী মহিলাগৰাকীয়ে এখিনি অসমীয়া মানুহক দালাল, ফিৰি মে খানাৱালে লৌগ বোলা কথাবোৰ, গুৱাহাটীৰ কৃত্ৰিম বানপানী, দুই এদিনতে এজন সাংবাদিক আৰু এজন অভিনেতা বোৱাৰীৰ প্ৰেমত পৰি মৃত্যু হোৱা, এগৰাকী গৰ্ভৱতী মহিলাৰ মৃতদেহ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ হোৱা,  মূল্যবৃ্দ্ধি বা আগন্তুক দুই-এদিনত লব লগা ৯০০ কোটি টকা ঋণ, আমাৰ দুই এজন মন্ত্ৰী-বিধায়ক বা নেতা-পালিনেতাই চলাই থকা চিণ্ডিকেটৰ ঘটনাবোৰ আমি পজিটিভলি লবই লাগিব। এইবিলাকক পজিটিভলি নললে, এইবিলাক সৰু-সুৰা কামতে যদি আমাৰ মন্ত্ৰী বিধায়ক, সাংসদসকল বা পুলিচ প্ৰশাসন ব্যস্ত থাকে আন্তৰাষ্ট্ৰীয় সমস্যা, দেশৰ নিৰাপত্তা সমস্যা, সনাতন ধৰ্ম ৰক্ষা কামবোৰ কোনে কৰিব! বাকী নিৱনুৱা সমস্যা বা বাৰিষা আহি আছে, মঠাউৰি চিঙি ঘৰ-চালৰ ওপৰে দুই এদিনতে পানী যাব, গৰাখহনীয়াত কৃষকৰ খেতি-পথাৰ, ঘৰ-বাৰী জাহ যাব। সেইবিলাক স্বাভাৱিক। আগতেও আছে এতিয়া থাকিব। বাকী-বিনামূলীয়া চাউল পোৱা নাই, অৰুণোদয় আঁচনিৰ পৰা যদি ধন পোৱা নাই বা আপোনাৰ নাম নাই, লাখপতি বাইদেউ আঁচনিৰ অধিনত ওচৰৰে কোনো মহিলাই ধন পাইছে আপুনি পোৱা নাই বা গছপুলি ৰোৱা বাবদ পইচা নাই পোৱা তেতিয়া আপোনালোকে প্ৰতিবাদ কৰক। মই মানি লম। আৰু তাক মই গুৰুত্বসহকাৰে লম। কিন্তু আমি এতিয়া আন্তৰাষ্ট্ৰীয় সমস্যা, দেশৰ নিৰাপত্তা সমস্যা, সনাতন ধৰ্ম ৰক্ষা কামবোৰত লাগিব! লাগিব। আজি আপোনাৰ লৰাই যদি চাকৰি পোৱা নাই বা আপোনাৰ লৰাক বহিঃৰাগতই কিবা ধমকি দিছে কিন্তু আপোনাৰ লৰাতো মৰি যোৱা নাই। বা আপুনি মৰি গৈছে নেকি! নাই মৰা। কিন্তু পাকিস্তানৰ লগত গৌৰৱ গগৈৰ সম্পৰ্কই আমাৰ দেশলৈ কি ভয়ংকৰ দু:সময় কঢ়িয়াই আনিব পাৰে আপুনি ভাবিব নোৱাৰিব। মই যদি আজি শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই পুলিছে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে আচৰণ কৰা, গুৱাহাটীৰ কৃত্ৰিম বানপানী বা আহিব লগা বাৰিষাৰ বানপানীৰ কথা ভাৱি থাকো আৰু তাকলৈ ব্যস্ত হৈ থাকো। তেতিয়া গৌৰৱ গগৈয়ে পাকিস্তানী আনি বদন বৰফুকনে মান আনি অসম ধ্বংস কৰাৰ দৰে কৰিব। আপোনালোকে বুৰঞ্জী পঢ়িব। মানে কেনেকৈ অসমীয়া মানুহক কচু কটা দিছিল সেই কথা জানিব। মোক যিমান সমালোচনা কৰিলেও মই অসম, মোৰ দেশৰ মানুহক সিহঁতৰ হাতত  পাকিস্তানৰ হাতত তুলি দিব নোৱাৰো। লাগিলে অসমৰ মানুহ বানপানীত মৰক, নিৱনুৱা সমস্যাত জৰ্জৰিত হওঁক, মূল্যবৃদ্ধি হওঁক, পুলিচৰ হাতত মৰক। জীয়াই থাকিব পৰাকে বিনামূলীয়াকৈ চাউল, দাইল পাইছে নহয়! লাগিলে মোৰ শাসনকালত কিছুমান দাগী অপৰাধীয়ো শাস্তি নাপাওঁক, নিৰ্দোষীয়েও শাস্তি পাঁওক, প্ৰয়োজন হলে অসমৰ দুই এজন মানুহ মোৰ দেশৰে উত্তৰ-ভাৰতীয়ৰ হাতত দমন হওঁক। সেইবোৰ মই পাছতো থিক কৰিব পাৰিম। কিন্তু দেশৰ নিৰাপত্তাৰ লগত জড়িত বিষয় এটাক পিছুৱাই দিব নোৱাৰো। CID, CBI, SIT, পুলিচ প্ৰশাসন আছে আৰু কেন্দ্ৰতো আমাৰ চৰকাৰ, ৰাজ্যতো আমাৰে চৰকাৰ! আৰু গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক থকা বুলি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ পাছতো কিয় তেওঁক গ্ৰেপ্তাৰ কৰা নাই! বা আপুনি কিয় গৌৰৱ গগৈৰ দেশদ্ৰোহিতাৰ বিষয়ে দেশৰ গৃহবিভাগক জনোৱা নাই- এই প্ৰশ্নটো হয়তো আপোনালোকৰ মনলৈ আহিছে! কিন্তু তেনে কথাবোৰ মনলৈ নানিব। হয়, মই জানো এইবিলাক কথাত আপোনালোকে মন নিদিয়ে। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আমাক জনোৱা সঁহাৰিৰ পৰাই কথাবোৰ অনুমান কৰিব পাৰি। আৰু কি জানে! তেনেবোৰ প্ৰশ্নই আমাৰ একতাত বাধা দিব! হিমন্ত বিশ্বই আপোনালোকক ঠগিব পাৰে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে বিশ্বাসত লওঁক। আমি সনাতন ধৰ্ম ৰক্ষা কৰিব লাগিব! আমি সকলোৱে এক হৈ যুঁজিব লাগিব। আমি সকলো হিন্দু এক হব লাগিব। জয় শ্ৰীৰাম।

ৰচনাকাল-  ২১-০৫-২০৫

নতুন দিল্লী

Comments

Popular posts from this blog

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

মই কিয় বিয়া পাতিব লাগে!

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)