জুবিন গাৰ্গ , পদ্ম বঁটা আৰু অল্ড মংগৰ দুটা পেগ ( Zubben Garg, Padma Award & Two Pack of Old Monk)

 জুবিন গাৰ্গ , পদ্ম বঁটা আৰু অল্ড মংগৰ দুটা পেগ
ৰচনাকাল- ২ জানুৱাৰী, ২০২৫


অকলে অকলে মদ খাবলৈ ভাল। কাৰণ এটাই নিজক জহাবলৈ কোনো নাথাকে। নিজৰ ভুলবিলাক ক’ত তাক বিচাৰ কৰিবলৈ অলপ সময় পোৱা যায়। অল্ড মংগৰ হাফটো কেইবাদিনো হ’ল শেষ হোৱা নাই। আজি নাখাম বুলি ভাবিছিলো যদিয়ো কেইটুকুৰামান ব্ৰয়লাৰ ফ্ৰাই টুকুৰা কেৰাহিখনত পৰি আছিল। গতিকে গৰম পানী অকণমান লৈ অল্ড মংগৰ দুপেগৰ হাফটো খটম কৰি দিয়া কথাই ভাবিলো। ব্ৰয়লাৰ টুকুৰা কেইটা অলপ গৰম কৰোঁতেই তেলত শুকান জলকীয়াকেইটা পেলাই দিলো। ব্ৰয়লাৰ টুকুৰাকেইটাৰ হাড়কেইডাল আঁতৰাই মৰ মৰীয়া হৈ উঠা জলকীয়াকেইটা সৈতে সানি গিজাৰৰ পৰা গৰম পানী অলপ লৈ আৰম্ভ কৰি দিলো। দুটামান ঘোট মাৰি মবাইলটো পিটিকি থাকোতেই দেখিলো প্ৰাগ নিউজৰ ফেচবুক পেজত এটা পোষ্ট। ৰমাকান্ত দেউৰীৰ এটা উক্তি- মোডীয়ে আমাৰ কাৰণে সকলো কৰিছে। বেচেৰাৰ মোডীৰ নিজৰ লৰা-ছোৱালীয়ো নাই। লগে লগে হিন্দি চিনেমাৰ সকলোৰে চিনাকী এটা খলনায়ক চৰিত্ৰ গহ্বৰৰ কথা মোৰ মনলৈ আহিল। গহ্বৰৰো নিজৰ নিজৰ লৰা-ছোৱালী নাছিল, পত্নী নাছিল। কিন্তু সি দুখীয়া-দৰিদ্ৰক লুটিছিল। হাঁহি উঠিল! সেই কথাটো ভবাৰ লগে লগেই মোৰ মনলৈ অটেমেটিক আহি গ’ল জুবিন গাৰ্গে কিয় পদ্মশ্ৰী এতিয়াও পোৱা নাই! এইকেইদিন এই বিষয়টোৱে সামাজিক মাধ্যম চৰ্চাত লাভ কৰিছিল। সিদিনা মবাইলত কিবা এটা চাই থাকোঁতে দেখিছিলো। জুবিন গাৰ্গে লগৰীয়াকেইজনমানৰ লগত জাঙিয়া পিন্ধি নাও এখনত মদ খাই আছে, আৰু মাজে দুই এটা অশ্লীল শব্দ। ভিডিঅ’টোৰ শিৰোণামাত লিখিছে- জুবিন গাৰ্গ এনেকুৱাহে জাতীয় এটা বাক্য । আৰু মদ খোৱা গিলাছটো পিছফালে পানীলৈ দলিয়াই দিছে। এনেকুৱা কিছুমান কাৰ্যৰ দ্বাৰা এজন মানুহৰ চৰিত্ৰক জোখাটো অনুচিত। লগৰীয়া লগত মদ খালে, মুকলি ঠাইত মুকলি মনেৰে কথা-বতৰা পাতিলে এনেকুৱা কিছুমান অশ্লীল শব্দই আহিবই। সেয়া মানুহৰ চৰিত্ৰত লুকাই থকা আদিম আৰু বনৰীয়া প্ৰকৃতি বুলিব পাৰি। জুবিনৰ গাৰ্গৰ কথাৰ মাজতে মদৰ নিচাত মৰমৰীয়া শুকান জলকীয়াৰ সৈতে ব্ৰয়লাৰ মাংস অকণমান বুঢ়া আৰু তৰ্জনী আঙুলিৰে টানি মুখত ভৰাই মনতে ভাৱিলো মই বাৰু কি পাপ কৰিছো! আন একো নাহিল- মনলৈ আহিল দেউতাৰ ছবিখন। দেউতাই বাৰু মোৰ পৰা কি বিচাৰিছিল! মই দেউতাক কি দিছো। মই এতিয়া মদ, মাংস, আৰু চিগাৰেটৰ কৱলত। দুখবোধ এটাই বাবে মোক মোৰ বুকুত আঘাত কৰি গ’ল। আৰু খন্তেকতে হাবি ফালি হেৰাই যোৱা সাপ এটাই দৰেই খন্তেকতে নোহোৱা হ’ল। যদিয়ো মনতে ভাৱিলো যদি স্বৰ্গ এখন আছে তাত মই স্থান মই পাম নে! প্ৰথম পেগটো শেষ হ’ল। পুনৰ ডিছপ’জেল গিলাছটোত দুআঙলৰ পেগ এটা ঢালি ল’লো। বেছি গৰম পানী ভৰাই দিয়াৰ বাবে ইংৰাজী বৰ্ণমালাৰ এল আকৃতি ৰূপ লোৱা বটলটোৰ পৰা গৰম পানী পাঁচ আঙল ঢালি ল’লো। জুবিন গাৰ্গক ওচৰৰ পৰা লগ পাইছো কিন্তু কোনোদিন কথা পতাৰ আগ্ৰহ প্ৰকাশ কৰা নাই। কিন্তু কেইবাজনো পদ্মশ্ৰীৰ লগত (সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত জড়িত বাবে) মোৰ কথা-বতৰা হৈছে। তেওঁলোকৰ লগত কথা-বতৰা পাতোতে উপলব্ধি কৰিছিলো নিজৰ কৰ্মক্ষেত্ৰখনত বেছ দক্ষ আৰু তেওঁলোকৰ মাজত বিচাৰি পাইছিলো বিনয়ী আৰু নৈতিকভাৱে তেওঁলোক সৱল আৰু সুস্থ এজন ব্যক্তি। চিগাৰেট এটা জ্বলাই ল’লো। জুইশলা নাইকীয়া হোৱা প্ৰায় কেইবামাহো হ’ল। গেছটো জ্বলাই চিগাৰেটটো জ্বলাই লোৱাৰ অভ্যাস এটা হৈ গৈছে। চিগাৰেটটো জ্বলাই থাকোতেই মনলৈ আহিল- যেতিয়া প্ৰথম বাৰৰ বাবে পেহীৰ ঘৰত গেছটো জ্বলাইছিলো তেতিয়া প্ৰথমকেইদিন চিলিণ্ডাৰটো জ্বলাওতে লাইটাটোৰ মাৰি পাঁচফুটমান পিছৱাই গৈছিলো। আৰু আজি চকুমদি গেছটোত চিগাৰেট জ্বলাইছো। একেদৰে ব্ৰেকআপৰ প্ৰথমকেইদিন ভাবো মই কেনেকৈ জীয়াই থাকিম তোমাৰ অবিহনে। পিছে মই এতিয়াও নমৰাকৈ জীয়াই আছো। সময়ত সকলো থিক হৈ যায়। মদ খোৱাৰ মাজত চিগাৰেট এটা জ্বলাই লোৱাৰ আমেজ বেলেগ। মনলৈ আহিল এবছৰমান পূৰ্বৰ এটা কথালৈ- এতিয়া সৰু কথা এটাতে এনেকৈ ঠেহ ঠেহ লাগি মুখ ফুলাইছা। পাছত চাকৰিয়াল ভাল ল’ৰা এটা পালে সৰু কথা এটাতে কাজিয়া লাগি একো এটা নোকোৱাকৈ আঁতৰি যাবা। চকুকেইটা মুদি দিলো মই। হাঁহি উঠিল। জ্যোতিষীৰ কামটো মই ভালদৰে কৰিব পাৰিলোহেঁতেন। চিগাৰেটোত দিঘল সোপা এটা মাৰি বিচনাত পিঠিটো দি জাপি থোৱা কম্বলখনত মূৰটো পেলাই দিলো। অকলে অকলে মদ খালেই লাভ এইটোৱেই যিটি কৰিব পাৰি। হাঁহিব পাৰি। শুই দিব পাৰি মন গ’লেই। ৰোমৰ লগত এটেছ হৈ থকা ট্ৰয়লেটত ৰোমৰ পৰাই থিয় হৈ মুটি দিব পাৰি। ২০২৩ বৰ্ষত গল্পকাৰ অতনু ভট্টাচাৰ্যই লিখা কাপোৰ পিন্ধা ৰঘুনাথ নামৰ গল্পটোৰ কথা মনলৈ আহিল। গল্পটোত জুবিন গাৰ্গৰ নাম উল্লেখ নাই যদিয়ো সচেতন পাঠক নহ’লেও ধৰিব পাৰিব গল্পটোত জুবিন গাৰ্গৰ কথাই হোৱা হৈছে। মনতে ভাৱিলো- জুবিন গাৰ্গে মই ঘেন্টা কাকো খাটিৰ নকৰো, মঞ্চত জাঙিয়া পিন্ধি গান গোৱা, পিষ্টলৰ গুলি ফুটাই দিয়া, অশ্লীল মাত মতা, বহু সময়ত খেয়ালি মন্তব্য দিয়া কথাবোৰৰ বাবেও পদ্ম বঁটাৰ বাবেই যোগ্য হৈ উঠা নাই। কিন্তু মোৰ এটা কথা ভাল লাগে গৰিমা গাৰ্গৰ কাষত সদায় শান্ত শিশুৰ দৰে শান্ত হৈ থাকে মই যিমান জানো। বহু বিখ্যাত মানুহ ব্যতিক্ৰম। গতিকে সকলো কথাতে সাধাৰণ মানুহৰ দৃষ্টিৰে জুবিনক মূল্যায়ন নকৰি জুবিনক একক আৰু অনন্য দৃষ্টিভংগীৰে আলোচনা কৰিব লাগে বুলি ভাৱি পুনৰ বুঢ়া আৰু টৰ্জনী আঙুলিৰে শুকান জলকীয়া সনা ব্ৰয়লাৰ মাংস অকমাণ মুখত ভৰাই ললো। কিন্তু জুবিন আদৰ্শ নহয়। জুবিন যিদিনাই আদৰ্শ হৈ উঠিব সিদিনাই পদ্ম বঁটা লাভ কৰক। কিন্তু জুবিনক জানো পদ্মবঁটাৰ প্ৰয়োজন আছে! 

Comments

Popular posts from this blog

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

মই কিয় বিয়া পাতিব লাগে!

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)