বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)


বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা 

(কেৱল প্ৰেমৰ বিচ্ছেদৰ পৰাই নহয়! কোনোবা আত্মীয়ৰ মৃত্যুত, সন্তানৰ মৃত্যুত, মাতৃৰ মৃত্যুত, বন্ধুৰ মৃত্যুত মানুহৰ বুকুত যি ধুমুহাৰ সৃষ্টি হয়! সেই ধুমুহাৰ পৰা কেনেকৈ ধীৰে ধীৰে মানুহবোৰ ওলায় আহে! বা ওলায় আহিব পাৰি! সেইবোৰৰ কিবা সুত্ৰ আছে নেকি!)

মোৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিছে যিবোৰ কিছুমান এতিয়া মনত আছে, কিছুমান মনত নাই। কিন্তু সেই ঘটনাবোৰ সেই সময়ত মোৰ বাবে আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। জীৱন-মৰণৰ। এটা সৰু উদাহৰণ দিয়ো। আজি কেইদিন মানৰ আগতে সম্বন্ধীয় মামী এগৰাকীৰ সৈতে কথা-বতৰা পাতি থাকোঁতে কথাৰ মাজতে তেওঁৰ মুখত এজনী ছোৱালীৰ নাম শুনিলো। প্ৰথমবাৰ ছোৱালীজনীৰ নামটোৱে মোৰ মনত একো ক্ৰিয়া কৰা নাছিল। মামীগৰাকীৰ মুখত দ্বিতীয়বাৰ ছোৱালীজনীৰ নাম শুনাৰ লগে লগে নামটো কিবা চিনাকী চিনাকী লাগিল। মই যেন ছোৱালীজনীৰ কথা পাতিছো, এটা সম্পৰ্ক আছে। তেনেকুৱা লাগিল। মামীগৰাকীৰ লগত কথাত কথা মিলাই কথা পাতিছো যদিয়ো মই মনৰ ভিতৰত ছোৱালীজনী কোন আছিল মনত পেলাবলৈ চেষ্টা কৰি থাকিলো। কিন্তু নোৱাৰিলো। যদিয়ো চেষ্টা চলাই থাকিলো মনে মনে। ঘৰলৈ আহি কিবা এটা চিন্তা কৰি থাকোতেই হঠাতে ছোৱালীজনীৰ নামটোৰ সৈতে মুখখন মনলৈ আহিল। আৰু স্বয়ংক্ৰিয়ভাৱে মোৰ মুখত হাঁহি ফুটি উঠিল। লগতে এক উদাস বিষণ্মতা। নিজেই নিজকে ক’লো- ধেৎ! হয় ছোৱালীজনী মোৰ প্ৰেমিকা আছিল। প্ৰায় ছমাহমান তাইৰ লগত সম্পৰ্কত আছিল। বিশেষ কিছুমান কাৰণত সম্পৰ্কটো আগনাবাঢ়িল। ছমাহ মানতে সম্পৰ্কটো শেষ হ’ল। কিন্তু বিচ্ছেদ আছিল মোৰ বাবে প্ৰায় জীৱন-মৰণৰ। বিচ্ছেদৰ সেই সময়খিনিত মই নিশা উজাগৰে আছিলো। পেকেটে পেকেটে  ছিগাৰেট শেষ কৰিছিলো। অফিচ যোৱাৰ অনিয়মিত হৈছিল। খোৱা-বোৱাৰ প্ৰতি ৰাপ নাইকীয়া হৈছিল। চুলি দাৰিৰ অৱস্থা বেয়া হৈছিল। এক বিষন্নতাই মোৰ মাজত শিপাইছিল। মকৰাৰ জালত পৰা এটা পোকে ছটফটাই থকাৰ দৰেই অৱস্থা মোৰ হৈছিল। ভয় হৈছিল। পাগলা হৈ যাম নেকি! কি হ’ব! চেষ্টা চলিল মদৰে জোৰেৰে জালৰ মুক্ত হোৱাৰ, না নোৱাৰিলো। পেইন কিলাৰ হিচাপে (বিষ মৰা) কাষ চাপিলো কলগাৰ্লৰ। নিৰ্দিষ্ট সময়ৰ বাবে থিকেই কাম দিয়ে। কিন্তু জাল যোৱাৰ লগে লগেই আকৌ বিষ। চিলিপিং টেবলেট খালো। কিতাপ পঢ়িবলৈ ল'লো। চিনেমা চাবলৈ আৰম্ভ কৰিলো। টোপনি আহিল। এদিন তাইলৈ মেচেজ কৰিলো। মোৰ মনৰ ভিতৰত চলি থকা আৰু তাৰ পৰা মুক্তি পাবৰ বাবে কৰি থকা কামবোৰৰ দুই এটা কথা গোপনে ৰাখি বাকীবোৰ ক'লো। লগতে ক'লো- তুমি মোৰ লগত কৰাৰ দৰে আনৰ লগত নকৰিবা।বহুত কষ্ট হয়। সেই বাবেহে তোমাক কৈছো। তাইলৈ দিয়া শেষৰ মেচেজটো আছিল- মোৰ এই অৱস্থাটোৰ কথা ভাৱি তুমি চিন্তা নকৰিবা, মই দুই এমাহৰ থিক হৈ যাম। মই মেনেজ কৰি ল'ম। সকলো থিক হৈ যাব। হয় এদিন সকলো থিক হৈ গ'ল। কিন্তু এতিয়াও কেতিয়াবা মনত পৰে। পুৰণা ঘাঁহবোৰ কেতিয়াবা বিষোৱা দৰেই বিষায়। মাত্ৰ তাইৰ নামটোৰ সৈতে মানুহজনীক পাহৰি গৈছিলো। অৱশ্যে এনে ঘটনাবোৰ বহুবাৰ জীৱনত ঘটিছে। আৰু সময়ৰ সোঁতত পাহৰি গৈছে। 

    প্ৰেমৰ মকৰা জালখনত চটফটাই  পৰি ছটফটাই থকাৰ মুৰ্হূৰ্তবোৰত মই প্ৰায়েই ভাবিছিলো, বুকুত লগা ঘাঁহবোৰ শুকুৱাব কেনেকৈ পাৰি! এই বেদনা, এই যন্ত্ৰণাবোৰৰ পৰা মুক্তি কেনেকৈ পাব পাৰি! এই কথাবোৰ মই বহুবাৰ ভাৱিছো। তেনে সময়বোৰত কেৱল প্ৰেমৰ বিচ্ছেদৰ পৰাই নহয়! কোনোবা আত্মীয়ৰ মৃত্যুত, সন্তানৰ মৃত্যুত, মাতৃৰ মৃত্যুত, বন্ধুৰ মৃত্যুত মানুহৰ বুকুত যি ধুমুহাৰ সৃষ্টি হয়! সেই ধুমুহাৰ পৰা কেনেকৈ ধীৰে ধীৰে মানুহবোৰ ওলায় আহে! বা ওলায় আহিব পাৰি! সেইবোৰৰ কিবা সুত্ৰ আছে নেকি! মবাইল ফোনত ৰিছেট মাৰিলেই, ডিলিট কৰিলেই কৰিলেই, ৱেবছাইট বিলাকৰ হিষ্টিৰি ডিলিট কৰাৰ দৰেই, মবাইলৰ কিছুমান এপছ আনইনষ্টল কৰাৰ দৰেই মনৰ মাজৰ পৰা বেদনাবোৰ, দুখবোৰ, তিতা স্মৃতিবোৰ মোহাৰি পেলোৱাব পৰা কিবা থিয়ৰি আছে নেকি! মই লক্ষ্য কৰিছিলো সময়ৰ লগে লগেই বুকুৰ ঘাঁহবোৰ শৰীৰ ঘাঁহবোৰৰ দৰেই শুকাই যায়। শৰীৰ ঘাঁহবোৰ শুকাই যাবৰ বাবে আমি চিকিৎসা কৰো, ডাক্টৰৰ কাষ চাপো। ঔষধ খাঁও। কিন্তু বুকুৰ ঘাঁহবোৰ শুকুৱাৰ চিকিৎসা সহজলভ্য নহয়। অথচ বহু সময়ত বুকুৰ ঘাঁবোৰ শুকাই যায় স্বয়ংক্ৰিয়ভাবে। কিন্তু বহুতৰ কেন্সাৰ দৰেই হয়, দিনক দিনে বাঢ়ি যায়। বুকুৰ ঘাঁহবোৰ শুকাই নাযায়। জীৱনৰ শেষ সময়কণলৈ। বৰ্তমান মই ৱাদাৰিং হাইটছ নামৰ এমিলি ব্ৰন্টিৰ এখন কিতাপ পঢ়ি আছো। উপন্যাসখনৰ নায়ক হিথক্লিথে নায়িকা কেথেৰিণৰ কবৰ কাষত প্ৰায়ে নিশা কটায়। নোপোৱাৰ বেদনাৰে বুকুত বিষন্নতা আৰু প্ৰতিশোধ পৰায়নতাৰ কৱলত অৰ্ধমৃত হিথক্লিথ। কাৰ্গিল যুদ্ধৰ শ্বহীদ জিন্তু গগৈৰ বাগদাতা তথা প্ৰেমীকা আজিয়ো আবিয়ৈ হৈ জীৱন কটাইছে। এতিয়া এনে বহু ব্যক্তি আছে, যিয়ে কঢ়িয়াই লৈ ফুৰিছে কোনোবাৰ প্ৰেমিকাৰ বিচ্ছেদৰ জৰ্জৰিত বহু যন্ত্ৰণা বুকুত। অথবা কোনো প্ৰেমিকাই চলনাময়ী প্ৰেমিকৰ বিশ্বাস ভংগ কৰাৰ বহু তিতা স্মৃতি। কোনো মাতৃয়ে অকাল মৃত্যুক সাৱটি লোৱা পুত্ৰৰ বেদনাৰ গধুৰ বোজা।

    ‘অসম আদিত্য’ নামৰ কাকতখনত মই কাম কৰি থকাৰ অৱস্থাত এজন মানুহক লগ পাইছিলো। বয়স ৪০-৫০ হোৱা যেন লাগে। স্ফুৰ্তিবাজ মানুহ। সকলোৰে লগত এক সমিলমিলেৰে থাকে। কাৰোবাক নতুন কথা এটা শিকাই ভাল পাইছিল। আৰু নিজেও সদায় নতুন কিবা এটাৰ শিকাৰ চেষ্টা চলাইছিল। তেওঁ জাৰ্মানী, কোৰিয়া, চাইনিজ আদি ভাষা শিকিছিল। কেতিয়াবা আমাক কৈছিল। কেতিয়াবা ফেচবুকত আপলোড কৰিছিল। এটা ইউটিউব চেনেলো আছিল। আমি তেওঁক গগৈদা বুলিছিলো। তেওঁৰ এটা ল’ৰা সন্তান আছিল। ক্লাছ ফাইভ-চিক্স মানত মই তেওঁৰ সৈতে কাম কৰি থকা সময়খিনিত। মাজে আমাক ল’ৰাটোৰ কথা কৈছিল। সি কৰা দুষ্টামিৰ দুএ এটা ভিডিঅ’ তেওঁ কেমেৰাত ধৰি ৰাখিছিল। আৰু আমাক দেখুৱাইছিল। এদিন তেওঁ মোক দেখুৱাইছিল- লৰাটোৰ সৈতে দুইজনে ইংৰাজীত কথা পতাৰ এটা ভিডিঅ। কথাবোৰ পাহৰিছিলো। কিন্তু এদিন দেখিলো- ফেচবুকৰ এটা পোষ্টত। অসহায় এজন মানুহ। লৰাটোৰ এক্সিডেন্ট হৈছে। ফটোত সন্তানৰ কংকালসাৰ দেহত চেনাইলৰ পাইপ আৰু মুখত অক্সিজেনৰ মাস্ক। মোৰ সকলো শেষ হল। যি আছিল সকলো বিক্ৰি কৰিলো। আপোনালোকৰ অকণমান সহায় লাগে। পোষ্টটো দিয়াৰ কেইদিনমানৰ পাছতে পুনৰ এটা ফেচবুক পোষ্টত দেখিলো। লৰাটোক ৰাখিব নোৱাৰিলো, আপোনালোক যিসকলে আমাক সহায় কৰিছিল সকলোকে ধন্যবাদ। সেই পোষ্টটোৰ দেখাৰ পাছতে মই অলপ সময় থৰ হৈ ৰৈছিলো। মবাইলত তেওঁৰ ফোন নাম্বাৰ এতিয়াও আছে। কিন্তু মানুহজনলৈ ফোন এটা কৰিবলৈ মোৰ এতিয়াও সাহস হোৱা নাই। জানিবলৈ মন গৈছে তেওঁ বাৰু এতিয়াও জাৰ্মানী, কোৰিয়ান ভাষাবোৰ শিকি আছে নে! 

    একেদৰে এতিয়াও মোৰ যাবলৈ ভয় লাগে অকাল মৃত্যুক সাৱতি লোৱা সুমিত্ৰ নামৰ মোৰ নলে গলে লগা বন্ধুজনৰ ঘৰলৈ যাবলৈ। কলেজত পঢ়ি থকাৰ অৱস্থাতেই সি মৰিল। এদিন তাৰ ঘৰলৈ গ’লো লগৰ দুটাৰ সৈতে । মাকৰ বুকুত উমি উমি জ্বলি থকা জুই কৰা যেন আমি গৈ ফুৱাই দিলো। সেইদিন ধৰি সুমিত্ৰ ঘৰলৈ যাবলৈ ভয় লগা হ’ল। এতিয়াও কেতিয়াবা যাওঁ সিহঁতৰ ঘৰৰ সন্মুখৰেৰে। আঁৰ চকুৰে চাই যাওঁ। নাযাও, ভয় লাগে মাকৰ বুকুৰ জুইকৰা জ্বলি উঠাৰ ভয়ত। কলেজত পঢ়ি থকাৰ সময়তে আৰু এটা ঘটনা। সম্বন্ধীয় মাহীজনীৰ ক্লাছ চিক্সত পঢ়ি থকা ল’ৰাটোৰ পানীত পৰিল। গৰু চৰাবলৈ গৈছিল। গৰম বন্ধ আছিল। দৌৰি গৈ গৈ পানীত পৰা ল’ৰাটোক উঠাই আনিলো। কিন্তু তেতিয়ালৈ সি জী থকা নাছিল। মাকৰ কান্দোনবোৰ এতিয়াও মনত বাজি উঠে আৰু বাপেকৰ নীৰৱতাখিনি। কিছুদিনৰ পাছতে তেওঁলোকৰ জীৱনলৈ এটি সন্তান আহিল। এতিয়া সেই বিষন্নতাখিনি বৰ বেছি চকুত নপৰে। মই কেতিয়াবা সন্ধান কৰো। তেওঁলোকৰ দুই চকুত। কোনোবা সময়খিনিত যে তেওঁলোকৰ বুকু দেই পুৰি যায় সেই কথা অনুভৱ কৰো। 

    এই লেখাটো লিখি থাকোতেই মই প্ৰেমিক বা প্ৰেমিকাই ব্ৰেকআপৰ পাছত হোৱা যন্ত্ৰণাখিনিৰ পৰা কেনেকৈ উপক্ষম পাব পাৰে! তাক লৈ Deepseek ক মই প্ৰশ্ন কৰিছিলো। তাৰ উত্তৰত Deepseek এ কৈছিল- যন্ত্ৰণাখিনিক স্বীকাৰ কৰক। কান্দক, ডায়েৰী লিখক। বিশ্বাসী বন্ধুৰ লগত আলোচনা কৰক। নতুন শক্তিৰে কামত লাগিবলৈ চেষ্টা কৰক। প্ৰেমিকা বা প্ৰেমিকাৰ সৈতে দূৰত্ব বজাই ৰাখক। দুয়োজনে দুয়োজনক লগ পাব পৰা ঠাইবোৰ এৰি চলক। সামাজিক মাধ্যমসমূহত মিউট, ব্লক কৰক। ব্যায়াম কৰক। বন্ধু পৰিয়ালৰ লগত কথা পাতক। কেৰিয়াৰৰ কথা ভাৱক। নতুন লোকৰ সৈতে মিলা-মিছা আৰম্ভ কৰক। ক্ষমা কৰিবলৈ চেষ্টা কৰক। নাইবা থেৰাপিষ্টৰ লগত কথা পাতক।

Comments

Popular posts from this blog

মই কিয় বিয়া পাতিব লাগে!

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)