বাবা বাঘেশ্বৰৰ অসম ভ্ৰমণ বেমাৰী, দুৰ্ভগীয়া, সংস্থাপনহীনতাত ভুগি থকাসকলৰ বাবে এক টাৰ্ণিং পইন্ট হৈ পৰিব



পৃথিবীৰ ভিতৰতে ভাৰতবৰ্ষ জনসংখ্যা ফালৰ পৰা প্ৰথম হোৱাৰ দুই এবছৰৰ আগৰে পৰা মই এটা কথা মন কৰিছো ভাৰতবৰ্ষত ভগৱানৰ লগত পোণপটীয়া সম্পৰ্ক ৰখা কৰা কিছুমান ব্যক্তিৰ সংখ্যা বাঢ়িছে। উত্তৰ ভাৰতত জনসংখ্যাৰ ঘনত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ঈশ্বৰে সেই অঞ্চলসমূহত পূৰ্বৰ পৰাই ঈশ্বৰৰ লগত পোণপটীয়াকৈ সম্পৰ্ক ৰক্ষা কৰাৰ ব্যক্তি ৰাখিছে। শেহতীয়াকৈ ঈশ্বৰে তেওঁৰ প্ৰতিনিধি দুই এজন বঢ়াই দিছে আৰু তেওঁলোককো পোণপটীয়া সম্পৰ্ক ৰখা কৰাৰো অধিকাৰ দিছে। আমাৰ অসমৰ বাবা আৰু মা, আই ( ভগৱানৰ একান্ত ভক্ত)সকলক সেই অধিকাৰটো এতিয়াও দিয়া নাই। তেওঁলোকক অৱশ্যে মাজে সপোনত আহিহে দেখা দি যায়। সপোনত আহি মন্দিৰটো কেনেকৈ বনাব লাগে, কিছুমান বেমাৰৰ চিকিৎসা পদ্ধতি দি থৈ যায় কিন্তু পোনপটীয়াকৈ যোগাযোগ কৰাৰ ক্ষমতাটো পোৱা নাই। কেতিয়াবা অৱশ্যে বৰনামঘৰ, মন্দিৰত গৰৈ মাছৰ ৰূপত দেখা দি যায়হি, কেতিয়াবা বগা ঘোঁৰাৰ ৰূপত, কেতিয়াবা কণিত আল্লা লিখিত ৰূপ ( আল্লা নিৰাকাৰ যে সেই কাৰণে সম্ভৱ)ত দেখা দিয়ে। জানিবলৈ পৰা মতে, অসমৰ এগৰাকী মাক (সপোনত ভগৱানৰ লগত কথা পতা মহিলা) কমদিনতে ভগৱানৰ লগত পোণপটীয়াকৈ সম্পৰ্ক ৰক্ষা কৰাৰ বিশেষ ক্ষমতাতো দিব। কাৰণ ঈশ্বৰৰ লগত পোণপটীয়া সম্পৰ্ক ৰখাৰ বাবে যিমান পৰিমাণৰ শিষ্যৰ প্ৰয়োজন সেয়া সম্পূৰ্ণ হোৱাৰ দিশত। পূৰ্বতে ভগৱানে এই গোটেই ভাৰতবৰ্ষখন দুই এজনৰ লগত পোণপটীয়াকৈ সম্পৰ্ক ৰক্ষা কৰি পৰিচালনা কৰিছিল। কিন্তু জনসংখ্যা আৰু দুৰ্ভগীয়াৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান ব্যক্তিক পোণপটীয়া সম্পৰ্ক ৰক্ষাৰ বাবে ঈশ্বৰে তেওঁলোকক অনুমতি দিছে। গতিকে ভাৰতবৰ্ষৰ জনসাধাৰণৰ হিতৰ কাৰণে ঈশ্বৰৰ এই চিন্তা শলাগিব লগীয়া।
কাৰণ দেশত এতিয়া মাৰি-মৰক, বেমাৰ-আজাৰ, হত্যা-লুণ্ঠন, ধৰ্ষণ তীব্ৰ গতিত বাঢ়িছে। দুই এজন ঈশ্বৰৰ লগত সম্পৰ্ক থকা ব্যক্তিয়ে চম্ভালিব পৰা নাই। বেমাৰ হ'লে এতিয়া মানুহে ডাক্তৰ মেডিকেলৰ ওচৰলৈ যাবলৈ ভয় কৰা হৈছে- দিনক দিনে ঔষধৰ যি দাম বাঢ়িছে, ডাক্তৰ নে ডকাইত ধৰিবই নোৱাৰি, ডাক্তৰৰ ঘৰলৈ গ’লে ঘৰৰ মাটি-বাৰী, সাঁচতীয়া টকা গ’ল বুলি ধৰিব লাগিব। থকাসকলৰ বাৰু মাটি-বাৰী, সম্পতি যাব, নথকাসকলে কেনেকৈ চিকিৎসা কৰিব! চৰকাৰী হস্পিতেল নামতহে ফিৰি মানে টিভিৰ এডভাইটজত বাকী বাস্তৱত ডাক্তৰ নাৰ্চৰ ৰুঢ় আচৰণ, চৰকাৰী ডাক্টৰৰ সময়ো নাথাকে তেওঁলোকৰ চেম্বাৰৰহে ডাক্তৰ, ঔষধৰ বাবে দিঘলীয়া লাইন, প্ৰেচক্ৰিপচনখনত ডাক্তৰে লিখি দিয়া ঔষধ প্ৰায় নাথাকেই। গতিকে ভগৱানে দেশৰ চিকিৎসা বিভাগটোৰ এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ জনসাধাৰণৰ কামত অহাকৈ চিকিৎসাৰ ক্ষমতাটো এতিয়া বাবাসকলক দি দিছে। তেওঁলোকে এতিয়া টিলিকি মাৰি, পিঠিত ভুকু এটা মাৰি, ধুনীয়া মহিলাসকলৰ শৰীৰত হাত ফুৰাই, কপালত তৰ্জনী আঙুলিৰে টুকৰ মাৰি, শূন্যত পাঁচ আঙলি ঘূৰাই মন্ত্ৰমাতি বেমাৰ থিক কৰি দিয়ে। ঘৰৰ সম্পতি, সাঁচতীয়া টকা খৰচ কৰি, চৰকাৰী হস্পিতেলৰ ডাক্টৰ-নাৰ্চৰ গালি গালাজ খাই বেমাৰ ভাল কৰাতকৈ বাবাসকলৰ ওচৰলৈ যোৱাই ভাল। তাতনো কেইটকা যাব। পইচা নলয়েই তাত দক্ষিণা বুলিহে কিবা এটা লয়। গতিকে প্ৰতিদিনে দূৰ-দূৰণিৰ পৰা বেমাৰ-আজাৰ ভাল কৰাৰ আশাৰে বাবাসকলৰ আশ্ৰমলৈ অহা দেখিবলৈ পোৱা যায়।
ইফালে, পুলিচ-প্ৰশাসন আজিকালি ধনী, ক্ষমতাশালী লোকসকলৰ বাবেহে। দাগী, খুনী, দালাল, বলাতকাৰীসকলৰ বাবেহে সম্প্ৰতি পুলিচ-প্ৰশাসন। পতিয়ে যদি মদ খাই পত্নীক প্ৰতিদিনে মাৰধৰ কৰিছে একো নাই মৰিলেহে পুলিছে কেছ ল’ব, কোনোবা ৰাজনৈতিক নেতাৰ পালিনেতাই যদি কোনোবা ছোৱালী এজনীক বলাৎকাৰ কৰিছে সেয়াই কেছ নহয়। নিজৰ ছোৱালী স্বভাৱ ভাল নহয় বুলি দাবি-ধমকি দি পঠাই দিছে। এই মানুহবোৰে এতিয়া কি কৰিব! এই দুৰ্ভগীয়া মানুহখিনিৰ প্ৰতি লক্ষ্য ৰাখি ঈশ্বৰে বাবাসকলক ন্যায় দিয়াৰো ব্যৱস্থা কৰিছে। বাবাসকলে এই দুৰ্ভগীয়াসকলক এদিন নহয় এদিন ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ধৈৰ্য ধৰিবলৈ দুৰ্ভগীয়াসকলক কয়। সত্যৰ এদিন নহয় এদিন জয় হ’বই বুলি সকলো সহ্য কৰিবলৈ কয়। কোনো অহিংসা পথ নল’বলৈ কয়। ধৈৰ্যৰ ফল মিঠা বুলি দুৰ্ভগীয়াসকলক বাবাসকলে কয়।
বাবাসকলে চিকিতসা কৰা, ন্যায় প্ৰদান কৰা আদি কামবোৰ সূনিপূণতাৰে আগবঢ়াই নিয়া দেখি তেওঁলোকৰ কাৰ্যত আপ্লুত হৈ নিয়োগ, সংস্থাপনৰ দিশটো চোৱাচিতাৰ দায়িত্ব দিছে। চাউলকেইটামান ফিৰি দিছে বাকী তেল, চাবোন, ঔষধ, দালিৰ যি দাম সাধাৰণ মানুহে চকুৰে ধোৱা-কোৱা দেখিছে। ল’ৰা-ছোৱালী ডাঙৰ হৈ আহিছে বি এম এমএ পাছ কৰি ঘৰতে বহি আছে, কৰিবলৈ কাম পোৱা নাই, চাকৰি নাই, একহাজাৰ পোষ্টৰ কাৰণে ত্ৰিছ হাজাৰ প্ৰাৰ্থী। মাষ্টাৰ ডিগ্ৰী পাচ কৰিয়ো চকীদাৰ কাৰণে এল্পাই কৰিছে। যিকোনো প্ৰকাৰে চাকৰি এটা লাগে। চাকৰি নহ'লে একো নাই সমাজত। খেতি কৰি আপুনি ধনী হ'লেও, কোম্পানী কাম কৰি ভাল উপাৰ্জন কৰিলেও কাম নাই। চৰকাৰী চাকৰি এটা সমান একো হ’ব নোৱাৰে। কিন্তু চাকৰি নাই। গতিকে বাবাসকলৰ কাষ চাপিছে আধুনিক শিক্ষাৰে শিক্ষিত চাকৰি প্ৰাৰ্থীসকল, আৰু তেওঁলোকৰ অভিভাৱকসকল। বাবাৰ যিহেতু ভগৱানৰ লগত পোণপটীয়া সম্বন্ধ আছে। নিশ্চয় কিবা এটা কৰি দিব। ভগৱানৰ লগত কথা পাতি আধুনিক শিক্ষাৰে শিক্ষিত চাকৰি প্ৰাৰ্থীসকল, আৰু তেওঁলোকৰ অভিভাৱকসকলক বাবাসকলে কয়- চাকৰি তেওঁলোকৰ হাততে আছে। মাথো দেখা নাই। ভালকে চোৱা, মাত্ৰ তোমালোকে দেখা নাই। এটা কাম কৰা যদি ইমান সোণকালেই চাকৰি লাগে। এনে এনেকৈ দান-দক্ষিণা কৰা। চাকৰি পাই কিন্তু পাহৰি নাযাবা। চাকৰি পাই মা-দেউতাক, পূৰ্বৰ প্ৰেমিকাক পাহৰি নাযাবা। দুখিয়া মানুহক সহায় কৰিবা। মাতৃৰ চৰণতেই স্বৰ্গ।
অলপ দিনৰ আগৰলৈকে অসমত বৰ বেছি সমস্যাবোৰ নাছিল। আছিল যদিও শেহতীয়াকৈহে লক্ষ্য কৰিছে তেওঁ। গতিকে দুই এগৰাকী আইক সপোনত দেখা দিছে, আৰু শেহতীয়াকৈ তেওঁ গৰৈ মাছৰ পোনা ৰূপত, কণীৰ মাজত আল্লা লিখিত ৰূপেৰে, বগা ঘোঁৰাৰ হৈ আহি পৰ্যবেক্ষণো কৰিছে। সেই পৰ্যবেক্ষণৰ পৰা নিশ্চয় অসমতো ঈশ্বৰৰ পৰা পোণপটীয়াকৈ সম্পৰ্ক ৰক্ষা কৰিবৰ পৰা এজন ব্যক্তিৰ সন্ধান কৰিছে আৰু সেই ক্ষমতা তেওঁক দিব। ইয়াৰে অংশস্বৰূপে সম্ভৱ আজি বাবা বাঘেশ্বৰে অসম পৰিদৰ্শন কৰিছে। নিশ্চিতভাৱে তেওঁৰ এই অসম ভ্ৰমণ অসমৰ বেমাৰী, দুৰ্ভগীয়া, সংস্থাপনহীনতাত ভুগি থকাসকলৰ বাবে এক টাৰ্ণিং পইন্ট হৈ পৰিব।

Comments

Popular posts from this blog

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

মই কিয় বিয়া পাতিব লাগে!

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)