চৰকাৰী চাকৰি আৰু কিছু নিজৰ কথা
বৰ্তমান সময়ত চৰকাৰী চাকৰি বুলিলেই চিটিকাত লগা অৱস্থা৷ ইয়াৰ বাবে বিভিন্ন সময়ত উঠি অহা নতুন চামক বিভিন্নজনে দোষ জাপি দিব বিচাৰে৷ এই সন্দৰ্ভত দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিছ’ড়িয়াৰ এটা মন্তব্য বিশেষভাৱে উল্লেখনীয়৷ চিছ’ড়িয়াই এখন জনসভাত দৰ্শকৰ লগতে যুৱপ্ৰজন্মক উদ্দেশ্যি কৈছিল–দেশৰ নিৰানব্বৈ দশমিক ন শতাংশ যুৱকেই চাকৰিৰ সন্ধান কৰি থাকে যদি নিৰানব্বৈ দশমিক ন শতাংশই চাকৰি বিচাৰি থাকে তেওঁলোকক চাকৰি দিব কোনে? কেৱল চাকৰিমুখী হোৱাতো আমি যুৱপ্ৰজন্মই ভুল বুলি উপলব্ধি কৰিও কিন্তু আমি চাকৰি পাছত পাগলৰ দৰে ঘূৰি ফুৰো৷ এনেদৰে কিন্তু আমাক কেৱল চাকৰিমুখী কৰি তোলাত আমাৰ অগ্ৰজসকলৰ যি ভূমিকা সেয়া প্ৰায়ে চৰ্চাৰ বাহিৰত থাকে৷ আজি নতুন যুৱকচামে চাকৰি বুলিলে ক্ষুধাতুৰ দৰে আচৰণ কৰে কিয়? সেই একে আচৰণ কৃষিক্ষেত্ৰখনত, সেই একে আচৰণ আমি নতুন যুৱক-যুৱতীসকলে ব্যৱসায়, ফাৰ্ম বা অন্যান্য কাৰিকৰী ক্ষেত্ৰখনত প্ৰদৰ্শন নকৰো কিয়! আজি পৰা প্ৰায় দুবছৰমান পূৰ্বে মোৰ মাহীৰ ল’ৰা চাকৰি হ’ল৷ সি মোতকৈ এবছৰ সৰু৷ মোৰ চাকৰি নাই ঘৰতে শাক-পাচলিৰ এখন বাৰী পতাৰ লগতে কাকত এখনৰ স্থানীয় সংবাদদাতাৰূপে কাম কৰি আছিলোঁ৷ সি চাকৰি পোৱা পাছতে কেতিয়াবা আমি মানে মাহীৰ ল’ৰা আৰু মই মামাৰ ঘৰলৈ যাওঁ৷ মামাৰ ঘৰত চাকৰি কৰা মাহীৰ ল’ৰাৰ প্ৰতি মামা-মামীহঁতৰ যিমান আদৰ-সাদৰ তাকে দেখি মই হিংসাত; জ্বলি মৰো৷ পাছলৈ অৱশ্যে এই কথাবোৰক উপভোগ কৰিবলৈ শিকিছিলোঁ৷ ঘৰৰ আলহীৰ লগত চিনাকী কৰাই দিয়ে ই আমাৰ সৰুভনীজনীৰ ছোৱালী৷ ডিফেন্সত কৰে৷ টেকনিকেলৰ৷ আৰু মই কোনো নহয়! এসময়ত তাৰ বিয়াৰ বাবে ছোৱালী ছোৱালী চোৱাৰো আৰম্ভ কৰি দিছিল৷ ছোৱালীঘৰেও ল’ৰাই চাকৰি কৰা শুনি খৰখেদা লগাই দিছিল৷ কিন্তু চাকৰি নোহোৱা মোৰ বিয়া-চিয়া গুলিমাৰ৷ মামাৰ ঘৰত তাৰ যি সা-সন্মান আদৰ সেয়া মোৰ লগত তুলনা কৰিলে মোক কিবা নিজকে মালিকনীৰ মাকৰ ঘৰলৈ যাওঁতে লগত ল’ৰা ধৰিবলৈ যোৱা বনকৰা ছোৱালীজনীৰ দৰেহে লাগে৷ মই মাষ্টাৰ ডিগ্ৰীও কম্পিলেট কৰিছিলোঁ৷ পঢ়া-শুনাতো ভাল আছিলো বুলি এসময়ত ঘৰৰ সম্পৰ্কীয় মানুহবোৰে গৌৰৱ কৰিছিল৷ কিন্তু সেইবোৰ সৱ খিলাকটি তাল হৈছিল৷ পঢ়ি-শুনি পইচা বৰ্বাদ কৰা বুলিহে মাজে মাজে অপবাদ এটা এতিয়াও পাই থাকোঁ৷ অথচ মই নিজে চলিব পৰাকৈ এটা কাম আৰু সংবাদদাতাৰ দৰে এটা মননশীল কাম কৰি আছিলোঁ৷ অথচ মই ঘৰখনত এলাগী হৈ পৰিছিলোঁ কাৰণ এটাই মোৰ চাকৰি নাছিল৷
গতিকে আমাৰ সমাজত চাকৰি এটা এজন ল’ৰাক কিমান প্ৰয়োজন সেই কথা মই নিজে খুব গভীৰভাৱে অনুভৱ কৰোঁ৷ কাৰণ আমাৰ সমাজত এজন চৰকাৰী চাকৰিয়ালৰ যি সন্মান সেই সন্মান এজন ব্যৱসায়ীক, এজন ভাল খেতিয়কক, এজন প্ৰাইভেট কোম্পানীত কাম কৰা যুৱকৰ প্ৰতি বা মাছ পালকৰ প্ৰতি কৰা দেখা নাযায়৷ ঘৰৰ ছোৱালীজনী বিয়া দিবলৈ চৰকাৰী চাকৰিয়াল নহ’লে বাধ্যত পৰিহে আমাৰ দৰে চাকৰি নকৰা কৰ্মঠ ল’ৰালৈ দিয়ে, প্ৰায়ে নিদিয়ে৷ কাৰণ আমাৰ কামবোৰ সন্মানীয় কাম বুলি নাভাৱে আমাৰ অগ্ৰজসকলে৷ কামৰ মূল্য আমাৰ সমাজে নিদিয়ে৷ নিজৰ স্থানত নিজক যুঁজিবলৈ নিদিয়ে আমাৰ সমাজখনে৷ এটা বাঘে স্থলত যি শক্তি প্ৰদৰ্শন কৰিব সি পানীত ঘড়িয়ালৰ লগত সেই শক্তিৰে যুঁজিব নোৱাৰে বা ঘড়ীয়ালটোৱে বামত৷ এজন বেংকৰ স্মাৰ্ট কৰ্মচাৰীয়ে কী বৰ্ডত চকু নিদিয়াকৈ যি গতিত চলাব সেই একেদৰে বজাৰত পাকৈত মাছকটাজনেও চকুমুদি মাছ কাটি দিব৷ তেওঁলোক দুয়োজনেই নিজৰ নিজৰ স্থানত পাকৈট৷ গতিকে দুইজনেই সমান সন্মানৰ অধিকাৰী৷ বেংকৰ চাকৰিয়ালজনক বহুতে উচ্চ বুলি গণ্য কৰিব আৰু আমাৰ সমাজে কৰি আহিছে কিন্তু মাছকটা মানুহজনে কম্পিউটাৰটো চলাব নাজানে ইফালে বেংকৰ চাকৰিয়ালজনেও মাছ কাটিব নাজানে? অথচ কিন্তু আমাৰ সমাজত বেংক বিষয়াজনক মাছমৰীয়াজনে বেংক বেংকটো বা তেওঁৰ পৰা মাছ ল’বলৈ আহোঁতেও ছাৰ বুলি মাতিবই লাগিব৷ গতিকে আমি চাকৰি কৰিবই লাগিব যদি আমাৰ সমাজত সা-সন্মানে জীয়াই থাকিবলৈ লগা হয়৷ চাকৰি বিনে যেন নিস্তাৰ নাই৷কিন্তু ইয়াৰ মাজতো এচাম যুৱকে তথাকথিত এচাম মানুহৰ ধ্যান-ধাৰণাক ভ্ৰুক্ষেপ নকৰিও নিজৰ ভৰিত নিজে থিয় দি সংগ্ৰাম কৰি গৈছে৷ মোৰ লেখাটো এইসকল বন্ধুলৈহে৷
সম্প্ৰতি চাকৰি কাৰণে মানুহে হাহাকাৰ কৰি থকাৰ সময়তে চাকৰিৰ প্ৰতি মোৰ কিন্তু চুলিডালৰ সমানো লিপ্সা নাই৷ বহু শুভকাংশীয়ে অবশ্যে মোৰ ধাৰণাটোক ভুল প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে৷ আৰু মোক সকীয়াই দিছে যে পাছত প্ৰস্তাবি৷ আৰু অনুশোচনাই কিন্ত মানুহক বৰ বেয়াকৈ খুলি খুলি খায়৷ সাধুকথাত থকা শিয়ালটোৱে আঙুৰ টেঙা বুলি কৈছিল, আৰু সেই দৃষ্টান্তটোকে কোনোৱে মোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে৷ কোনোৱে কয়–‘তই চাকৰি নোপোৱা কাৰণেও এনেকুৱা চাকৰি বিদ্বেষী মন এটা কঢ়িয়াই লৈ ফুৰিব পাৰ৷’ মই সিহঁতক কওঁ কিছুমান আঙুৰ সঁচাকৈয়ে টেঙা৷ মোৰ কেইবাজনো ভাল বন্ধু চৰকাৰী চাকৰিয়াল৷ মোৰ চাকৰি নাই৷ মোৰ যিদৰে চাকৰি নাই একেদৰে মোৰ চাৰিওফালে এখন বেৰো নাই৷ সিহঁতক দেখিছোঁ ফেচবুকত এটা পোষ্ট দিবলৈ ভয় কৰে? সিদিনা গাড়ীৰে ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতে মোৰ চাকৰিয়াল বন্ধুৱে গোটেই পথটো চৰকাৰৰ কাম-কাজৰ সমালোচনা কৰি আহিছিল৷ চৰকাৰী কাম-কাজৰ ভিতৰুৱা কিছুমান কেলেংকাৰীৰ কথাও সি জানে৷ কিন্তু টোলগেট পাৰ হ’বৰ সময়তে টোল কৰ বৃদ্ধি সন্দৰ্ভত আপুনি চৰকাৰক কি ক’ব-বুলি এগৰাকী সাংবাদিকে বমটো আগবঢ়াই দিলে৷ তৰ্ক প্ৰতিযোগিতাত কলেজত দ্বিতীয়-তৃতীয় হোৱা মোৰ চাকৰিয়াল বন্ধু সিদিনা মুখ বন্ধ হৈছিল৷ গুজৰাটৰ দলিত বিধায়ক জিগনেশ মেৱানীক গুজৰাটৰ পৰা অসম পুলিছে ধৰি অনা সন্দৰ্ভত মোৰ চাকয়িাল বন্ধু [সি কলেজ শিক্ষক] আৰু মই কথা পাতি আছো৷ তাৰ কথাখিনিত আছিল মোৰ নিজৰ চিন্তা-ধাৰাতকৈ বহু ওপৰত৷ গতিকে সাংবাদকৰ্মী হিচাপে মোৰ চিন্তাটো আহিল জিগনেশ মেৱানী সন্দৰ্ভত তাৰ পৰা এটা বাইট লৈ লোৱা৷ কিন্তু মোৰ বন্ধু জাঁপ মাৰি উঠিল৷ ইনেই মই লটি-ঘটি খাব নোৱাৰো৷ হিমু মামাই মোক টিভিত দেখক তাৰ পাছত মোৰ কি হ’ব৷ অৱশ্যেই এইটো মোৰ চৰকাৰী চাকৰিৰ প্ৰতি লিপ্সা নাইকীয়াটো প্ৰধান কাৰণ নহয়৷ সৰু পৰাই স্বাধীনতাৰ ইমান প্ৰেমত পৰিছিলো যে কিছুমান কথাত বিৰোধ কৰি ঘৰৰ পৰা খেদা খাইছিলোঁ৷ আৰু কেইবাবাৰো ঘৰৰ পৰা ওলাই গৈছিলোঁ৷ গতিকে স্বাধীনতাৰ প্ৰেমীক হিচাপে চৰকাৰী চাকৰিৰ জালখনত পৰি ধৰফৰাই থকাতো মুৰ্খামীতকৈ কোনোগুণে কম নহ’ব বুলি মই ভাৱো৷ [ইয়াৰ দ্বাৰা চৰকাৰী চাকৰি কৰাসকলে মুৰ্খামী কৰি আছে বুলি মই কোনো কালে কোৱা নাই৷ এই অনুভৱখিনি সম্পূৰ্ণ মোৰ নিজৰ৷] চাকৰি প্ৰতি মোৰ লিপ্সা নাইকীয়া প্ৰথম আৰু প্ৰধান কামটোৱেই সাংবাদিকতাৰ মাজত মই সুখ পাওঁ৷ সাংবাদিকতা মই চাকৰি নাই পোৱা বাবে কৰা নাই৷ সাংবাদিকতাত মই সুখ পাওঁ৷ এই সুখক কোনো লাখ টকাৰ লগত তুলনা কৰিব নোৱাৰো৷ তথাকথিত এচাম মানুহে মোক পইচা নাই বাবে হয়তো মোক হীন চকুৰে চাব পাৰে৷ কোনো ছোৱালীৰ মাক-দেউতাকে মোক তেওঁৰ ছোৱালীজনী বিয়া দিবলৈ নিবিচাৰিব পাৰে৷ আৰু মই কেতিয়াও আশা কৰা নাই মোৰ পইচা দেখি কোনোবাই প্ৰেম কৰক, নাইবা মোৰ পইচা দেখি কোনোবাই সন্মান কৰক৷

Comments
Post a Comment