চাউল,দালি, সংস্থাপনৰ আশংকাত থকা আমি অলিম্পিক, নবেল, অস্কাৰৰ কথা কেতিয়া ভাবিম!

 




                এসপ্তাহৰ ভিতৰতে মই কাম কৰি থকা অফিচটোলৈ বিহাৰৰ পৰা দুটাকৈ ল’ৰা আহিছে ঝাড়ু মৰা কাম কৰিব বাবে। বয়স ১৮ বছৰ হওঁ হওঁ। এটা আগতেই আমাৰ অফিচতে কাম কৰিছিল। মই তাক কৈছিলো- তই ঘৰ সৰা, পানী দিয়া কামবোৰ কৰি থকাতকৈ গাড়ী চলাবলৈ শিকি ল’ব পাৰে। দুদিনমান কষ্ট পাবি। তাৰপাছত চব থিক হৈ যাব। তাক ইলেক্টিচিটি কাম নাইবা গেৰেজত মেকানিকৰ কাম শিকাৰো কথা কৈছিলো। এটা সময়ত সি গুছি গৈছিল- গাড়ী শিকাৰ কথা ভাৱি ঝাড়ু মৰা কামটো এৰি। ময়ো ভাল পাইছিলো। মাজে মাজে সি মোলৈ ফোন কৰিছিল। ফোন কৰিলেই মই তাক সুধিছিলো- গাড়ী শিকিবলৈ কেতিয়া যাবি। সি যাম যাম কৈ থাকিল। মই তাক গাড়ী শিকিবলৈ গ'লে কিবা পইচা প্ৰয়োজন হ’লেও দিয়াৰ কথা কৈছিলো। কিন্তু সি নগ’ল। সি আকৌ উভটি আহিছে। লগত এটা লৈ। দুয়োটাৰ লগত কথা পাতি গম পালো- দুয়োটাৰে বোলে বায়েকক বিয়া দিলে। সিহঁতৰ বোলে যৌতুক (দহেছ) দিব লাগে। মহাজনৰ পৰা ধাৰ লৈ বিয়া পাতি দিলে। ভিনিয়েকক বায়েক, পইচা পঞ্চাচ হাজাৰ টকা, মটৰ চাইকেল এখনকৈ দি সিহঁত দুটা ঝাৰু মাৰিবলৈ গুচি আহিছে দিল্লীলৈ। মই সিহঁত দুটাক সুধিলো- তহঁতি যৌতুক ল’বি নাই। সিহঁতি বোলে ল’ব। সিহঁতৰ নিয়ম বোলে। কাষতে বহা উৰিষ্যাৰ তনুশ্ৰীয়ে কলে- পংকজ তইয়ো বিহাৰৰ ছোৱালী এজনী বিয়া পাতি লয়। তইতো বেছি পাবি। ইহঁততকৈ। মই হাঁহিলো। তনুশ্ৰীক কলো-তহঁতৰো এনেকুৱা নিয়ম আছে নেকি! তাই ক’লে আছে- যৌতুক নিদিয়াৰ বাবে বোলে বহু বোৱাৰীক মাৰি পেলাইছে উৰিষ্যাত। মই ক'লো- আমাৰ দুখীয়া মানুহৰ মাজত বৰ বেছি এইবোৰ নাই। ট্ৰাইবেল মানুহৰ মাজততো নায়েই। আমাৰ একাংশ ব্ৰাহ্মণ টাইপৰ মানুহৰ মাজতে এৰাধৰাকৈ আছে। অৱশ্যে যৌতুকৰ হাৱাটো এতিয়া অলপ লাগিব ধৰিছে অসমতো। মই যৌতুকৰ কথা বেছি ভাৱিব নোৱাৰিলো। ধাৰত পোত যোৱা এই সৰু লৰাকেইটা কোন দিনা ধাৰ শোধাব পাৰিব তাকে ভাবিলো। সিঁহতি মিছা কথা কৈছে বুলি ভাৱি বিয়াৰ ফটো, মটৰ চাইকেলকেইখন চালো! এতিয়া আহো মেইন কথাটোলৈ।
              ৰাষ্টাৰ কাষত গোৱৰত মাখি পৰা দৰে পৰি থকাৰ পাছতো লালকাল দি শুই থকা মানুহবোৰ দেখিলে, নিশা এপৰলৈকে দিল্লীৰ ৰাজপথত বেশ্যাবোৰে গ্ৰাহকৰ সন্ধান কৰি থকা দেখিলে, মুৰত পাহাৰ দৰে কৰি প্লাষ্টিকৰ বটল বিচাৰি ফুৰা মাক-পুতেকবোৰক দেখিলে কোনোবা খিনিত নিজকে ভাগ্যবান যেন। লাগে কিন্তু ভিতৰি ভিতৰি বুকুখন কঁপে। মনে মনে দৰিদ্ৰতা শেষ কৰিব পৰা এটা তত্ত্বৰ কথা ভাৱো। আৰু সেই চিন্তাবোৰ পানীৰ বুৰবুৰণি দৰেই শেষ হয় কোলাহল, ব্যস্ততা প্ৰতিযোগিতা, চাউল দাইলৰ চিন্তাৰ মাজত। মই এটা সন্মানীয় কামেই কৰো বুলি ধৰিব পাৰে। অথচ মোক সকলো সময়তে এক আৰ্থিক তাড়নাই টানি থাকে পিছলৈ। আৰ্থিক দৈন্যতাই মোক এনেকৈ টানিছে যে বৰ্তমান মই কোনো নতুন কথাই চিন্তা কৰিব নোৱৰা হৈ গৈছো। মাহেকৰ দৰমহাটোৰে কেনি কোনফালে মেনেজ কৰো তাতেই এতিয়া মোৰ চিন্তাবোৰ সীমাবদ্ধ। শেহতীয়াকৈ খুব গোপনে মোৰ বন্ধুবোৰক অধ্যয়ন কৰিছো। সিহঁতৰ মাজতো মই দেখিছো মোৰেই এক প্ৰতিবিম্ব। সকলো সময়তে দুপইচা সঞ্চয় আৰু পাৰিলে দুপইচা বেছিকৈ উপাৰ্জন কৰা এখন চক্ৰবেহুত সিঁহতিয়ো। কোনো উচ্চাস দেখা নাপাঁও, নাপাঁও কোনো উচ্চাকাংশা। ৪০ ডিগ্ৰী তাপামাত্ৰাটো চিগাৰেট এটা জ্বলি থকা দেখো বন্ধুবোৰৰ কঁপা কঁপা যেন ওঁঠত। আনফালে, ১৮ বছৰীয়া কিছুমান যুৱকৰো উপাৰ্জন কৰিব বিচৰা এক প্ৰৱণতা মই দেখিবলৈ পাইছো। এটা ভয় যেন সিঁহতিয়ো কঢ়িয়াই লৈ ফুৰিছে। কেতিয়া কি হৈ যায় যেন ঠিকনা নাই। গতিকে সাজু হৈ থকাই ভাল মনোভাৱ এটা দেখো সিহঁতৰ মাজত। এটা সঁচা কথা যে বেলেগৰ কথা মই না্জানো বৰ্তমান মোৰ ঘৰ এখন বনোৱা, চাউল, দাইল, ৰূমৰ ভাড়া আদিৰ মাজতেই মোৰ সমস্ত চিন্তা সীমাবদ্ধ। এতিয়া আৰু মোক বেলেগ চিন্তা কৰিবলৈ সময় নিদিয়ে, মই গল্প এটা লিখিবৰ বাবে ৰাতি ৩ বজালৈ টোপনি ক্ষতি কৰিব নোৱাৰো, মই এপিএচিৰ বাবে সাঁজু হ’ব নোৱাৰো, IAS, IPS ৰ বাবে টাইম দিব নোৱাৰো, কিবা এটা গৱেষণাৰ বাবে টাইম দিব নোৱাৰো এতিয়া। এইবোৰক টাইম দিলেই মোৰ ৰূমৰ পৰা মালিকে সময়মতে, ৰোমৰ ভাৰা দিব নোৱাৰিলে গতিয়াই উলিয়াব, খাবলৈ নাপাম ধান পকাৰ আগতেই টুনীৰ মৰণ হ’ব। তেনেক্ষেত্ৰত মই কি চিন্তা কৰিম। 
                পশ্চিমীয়া উন্নত দেশৰ এজন যুৱকে ভাত, ৰুটি, কাপোৰৰ কাৰণে আমাৰ দৰে চিন্তা কৰিব লগা হোৱা নাই।  আৰু আমি নতুন বয়সতেই নতুন কথাৰ চিন্তাৰ সলনি চাউল, ৰূমৰ ভাৰা, এমাহৰ পাছত কেনেকৈ চলিম আদি চিন্তাবোৰ কৰি আমি আমাৰ নিজৰ কাৰ্যসূচীমতে কাম কৰিছো। কিন্তু পশ্চিমৰ উন্নত দেশবোৰত ১৮ বছৰীয়া বা ২২-২৩ বছৰীয়া এজন যুবকে আমাৰ দৰে কথাবোৰত মাথা মাৰিব লগা হোৱা নাই গতিকে পশ্চিমীয়া দেশৰ পৰাই প্ৰতিবছৰে অস্কাৰ, নবেল বিজয়ী, বিজ্ঞানী, অলিম্পিক খেলুৱৈ, সাহিত্য, সংগীত, কলা আদি ক্ষেত্ৰতে আগবঢ়া ব্যক্তিসকলৰ সৃষ্টি হৈছে । আমি চাউল, দালি, ৰূমৰ ভাৰা আদি কথাৰ মাথা মাৰি থকা সময়ত সেই দেশসমূহৰে যুৱ-প্ৰজন্মই এনে মহান কামসমূহৰ বাবে নিজক প্ৰস্তুত কৰে। তেওঁলোকে নিজক মহান কামবোৰৰ প্ৰস্তুতি কৰি থকা সময়ত আমাৰ ভাৰতবৰ্ষৰ যুৱক চামে বায়েকৰ যৌতুকৰ ধাৰ মৰাত ব্যস্ত, চাউল, দাইল, মিঠাতেল ৰূমৰ ভাৰাত ব্যস্ত, আজি কাম নকৰিলে কাইলৈ কি কৰি খাম তাত ব্যস্ত।

Comments

Popular posts from this blog

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

মই কিয় বিয়া পাতিব লাগে!

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)