ৰতন টাটাৰ মোৰ ভাল লগা গুণটো



শুকুৰবাৰৰ দিনটো এক কথাত ৰতন টাটাৰেই দিন আছিল। সকলো ফালে ৰতন টাটাক লৈ চৰ্চাৰ। ফেচবুকটো চাই থাকোতেই কোনোবা এটা নিউজ চেনেলৰ এটা পোষ্টত দেখিলো -অসাধৰণ ৰতন টাটাৰ কোনেও মন নকৰা কেইটামান গুণ। পোষ্টটোত ৰতন টাটাৰ কেইবাটাও গুণৰ কথা উল্লেখ কৰিছে। তাৰ ভিতৰত মোৰ আটাইতকৈ ভাল লগা কথাটো আছিল- নিজৰ বেগটো নিজেই কঢ়িয়াই লৈ ফুৰা কথাটো। নিজৰ বেগটো নিজেই কঢ়িয়াই লৈ ফুৰা কামটো হোমেন বৰগোঁহাঞিয়ো কৰিছিল। পৃথিবীৰ বহু বিখ্যাত ব্যক্তিয়ে এই কামটো কৰিছিল। দেখাত কিন্তু তেনেই সাধাৰণ কথা। কিন্তু কথাটোৱে এজন ব্যক্তিৰ ব্যক্তিৰ ব্যক্তিত্বক বাৰুকৈয়ে প্ৰতিনিধিত্ব কৰে।

বৰ্তমানলৈ মই তিনিটা সংবাদ প্ৰতিষ্ঠানত কাম কৰিছো। প্ৰথমটো সংবাদ প্ৰতিষ্ঠান আছিল এখন দৈনিক কাকত। প্ৰতিষ্ঠানটোত এজন চকীদাৰ আছিল। শাৰিৰীকভাৱে তেওঁ অলপ সক্ষম। খোজকাঢ়োতে অলপ ঢলং পলং কৰিছিল। মাতষাৰো অস্পষ্ট। মুখৰ পৰা প্ৰায়ে লেলাউটি ওলায় থাকে। আমাক অলপ কথাতে খং কৰে। সম্পাদকজনৰ পাছতে তেওঁ নিজকে তাৰ মূৰব্বী বুলি ভাৱে। কিন্তু সম্পাদকজনৰ ওচৰত সি পানী ঢলা মেকুৰী। অফিচটোৰ ফাষ্ট ফ্লৰত আমাৰ কাৰ্যালয়। কাকতখনৰ সম্পাদকজন অহাৰ সময়ত তেওঁ সদায় খিৰিকীৰ কাষত ৰৈ থাকে। অৱশ্যে তেওঁ নেদেখিলেও গাড়ী শব্দটো শুনিলেই গম পায় যে সম্পাদকজন আহিছে। সম্পাদকজনৰ গাড়ী মাতটো শুনাৰ লগেই লগেই চকীদাৰজন কোবা-কোবিকৈ খটখটীৰে দৌৰ মাৰে ঢলং-পলংকৈ। দৌৰি গৈ সি গাড়ীৰ পৰা নমাৰ লগে লগেই সি সম্পাদকৰ গাড়ীৰ পৰা বেগটো লৈ বেগৰ মালিক গৈ নোপোৱাৰ আগতে বেগ গৈ টেবুল প্ৰায়। সম্পাদকজন স্বাস্থ্যৱান। অথচ তেওঁ নিজেই কঢ়িয়াই নিব পৰা বেগটো সেই বিকলাংগ মানুহজনক নিবলৈ দিছিল। সেয়া আছিল ডিব্ৰুগড়ৰ ঘটনা।

মোৰ দ্বিতীয়টো অফিচ আছিল গুৱাহাটী। এটা প্ৰতিষ্ঠিত অসমৰ ভিতৰতে আগশাৰী প্ৰতিষ্ঠান। অনুষ্ঠানটোত পদবী ফালৰ তিনিজন বিশেষ ব্যক্তি। ইয়াৰে দুজন অসমৰ বৌদ্ধিক জগতৰ নাম থকা মানুহ। আনজনে নিজকে চিন্তাশীল ব্যক্তি বুলি ভাৱে কিন্তু তেওঁ কোনেও নাভাৱে। ইয়াৰে দুজনৰ গাড়ী গেটত সোমোৱাৰ লগে লগেই ফৰ্থ ফ্ল’ৰৰ টেলিফোনটো বাজে নাইবা চাহ দিয়া মানুহজনৰ মবাইলটো বাজে। মানুহজনে দৌৰ মাৰে ফৰ্থ ফ্লৰৰ পৰা। মুখ্য সম্পাদকজনৰ বেগটো আনিবলৈ। বেগটো বৰ বেছি গধুৰো নহয় নিজেই আনিব পাৰে কিন্তু নানে মুখ্য সম্পাদকজনতকৈ বয়সত সৰু হ’লেও দেখাত কিন্তু তেওঁতকৈ বৃদ্ধজন লগা মানুহটোৱেই বেগটো ধৰি আনিব লগা হয়। একেদৰে ডেপুটি ইডিটৰজন আহিলেও ফৰ্থ ফ্লৰৰ টেলিফোনটো বাজে বয়সত ডেপুটি ইডিটৰজন চাহ দিয়া মানুহজনতকৈ বয়সত ডাঙৰ আৰু দূৰ্বল। অথচ তেওঁ দৌৰি গৈ ডেপুটি ইডিটৰজনৰ বেগটো আনিব লগা হয়। তদুপৰি তেওঁ চাহ দিয়া মানুহজনক বিভিন্নসময়ত তই, তোৰ জাতীয় শব্দবোৰে কথা কয়। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল এক্সুকিউটিভ এডিটৰজন। তেওঁ আহিলে ফৰ্থ ফ্লৰৰ টেলিফোনটো নাবাজে। বা চাহ দিয়া মানুহজন দৌৰি যাব নালাগে। তেওঁ সদায় নিজৰ বেগটো নিজেই হাতত লৈ অহা দেখিছিলো। তেওঁ আছিল দিগন্ত ওজা ছাৰ।

বৰ্তমান মই নতুন দিল্লীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত। এই প্ৰতিষ্ঠানটোৰ সম্পাদকজন নিজেই সঞ্চালকো। মোৰ বহা ঠাইৰ পৰা অলপ দূৰতে অফিচৰ একুৱাৰটো। আমাৰ অফিচত তিনিজন চকীদাৰজাতীয় কৰ্মচাৰী। মই দেখো ছাৰে (সম্পাদকজনে) হাতত গিলাছ এটা লৈ দিনটোত দুবাৰ একুৱাৰটো ওচৰলৈ আহে। একুৱাৰটোৰ পৰা এগিলাছ পানী খাই আৰু এগিলাছ পানী ভৰাই লৈ তেওঁ নিজৰ কেবিনলৈ যায়। গাড়ীৰ পৰা নামি নিজৰ বেগটো নিজেই লৈ আহে। তেওঁ কেৰালাৰ।

ইয়াৰ বিপৰীতে মই দেখো মোৰ কেইবাজনো সহকৰ্মীয়ে তিনি মিটাৰ দূৰত্বত থকা একুৱাৰটোৰ পৰা পানী এবটল আনি নিজেই খাব নোৱাৰে। গ্ৰাউন্ড ফ্লৰত বা থাৰ্ড ফ্লৰত থকা বনকৰাটোলৈ ফোন কৰি এবটল পানী আনিবলৈ দিবলৈ কয় একুৱাৰটোৰ পৰা।

Comments

Popular posts from this blog

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

মই কিয় বিয়া পাতিব লাগে!

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই! (Useless Attempt)