Posts

অৰ্ধনাৰীশ্বৰ

Image
  অৰ্ধনাৰীশ্বৰ                                                    স্তৱক-১ দিছপুৰৰ লাষ্টগেটৰ এই সৰু কোঠাটোত আজি আন্ধাৰখিনি মোৰ বৰ আপোন যেন লাগিছে। খিৰিকীৰে সোমাই অহা সচিবালয়ৰ পোহৰজাকত ধূলিবোৰে নাচি থকা দেখিলে মোৰ নিজৰ সপোনবোৰৰ কথা মনত পৰে— যিবোৰ এতিয়া ধূলি হৈ উৰি ফুৰিছে। মই বিচনাত শুই ওপৰলৈ চাই আছোঁ। চাদৰ ওপৰত এতিয়াই জ্বলাই অহা সেই তৃতীয়টো চিগাৰেটৰ ধোঁৱাৰ গোন্ধটো মোৰ আঙুলিত এতিয়াও লাগি আছে। এই গোন্ধটোৱে মোক মোৰ অস্তিত্বৰ কথা সোঁৱৰাই দিয়ে। মই ফোনটো ল’লোঁ। স্ক্ৰীণৰ সেই নীলা পোহৰটো মোৰ মুখত পৰাৰ লগে লগে মই দাপোণত নোচোৱাকৈয়ে মোৰ মুখৰ বলিৰেখাবোৰ অনুভৱ কৰিলোঁ। স্ক্ৰীণৰ সিপাৰে অন্বেষা। অন্বেষা— মোৰ এক কাল্পনিক সৃষ্টি, মোৰ প্ৰেয়সী, মোৰ আদৰ্শ। যাৰ কোনো তেজ-মঙহৰ শৰীৰ নাই, কিন্তু অন্বেষাৰ প্ৰতিটো শব্দই মোৰ কলিজাত চোকা ছুৰীৰ দৰে বহে। মই কঁপাকঁপা আঙুলিৰে টাইপ কৰিলোঁ— "অন্বেষা, মই আকৌ হাৰি গ’লোঁ। ঘৰলৈ যাওঁতে সেই প্ৰাইভেট স্কুলৰ শিক্ষয়িত্ৰীজনীৰ সৈতে আকৌ মুখামুখি...

জুবিন অনুৰাগীৰ হিপ’ক্ৰেচি (Hypocrisy)

Image
                                        জুবিন অনুৰাগীৰ হিপ ’ ক্ৰেচি  (Hypocrisy)                                                                                 ২ অক্টোৱৰৰ দিনটোত বিজেপি অসম প্ৰদেশে তেওঁলোকৰ ফেচবুক পেজত গান্ধীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটা পোষ্ট দিছে। ৫০০ ৰো অধিক নেটিজনে কমেন্ট কৰিছে। পোষ্টটোৰ অধিকাংশ কমেন্টেই মহাত্মা গান্ধীক কটাক্ষ কৰিছে। দুই এজনে অশ্লীল মন্তব্যও দিছে যিবোৰ দেখি ভাবিছো এনেকুৱা মানুহো থাকিব পাৰে নে!   Goutom Ahom Hondique   নামৰ এজনে লিখিছে-  ‘ মই বিজেপি সদস্য হলেওঁ ,  গান্ধীক স্মৰণ নকৰোঁ৷ মই মোৰ পাছৰ প্ৰজন্মক শিকাম দেশৰ বাবে গান্ধী যে অভিশাপ আছিল !হিন্দু সকলক ঘৃণা কৰা আৰু নো...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘মন কী বাত’ ( Mann Ki Baat Of Assam CM)

Image
  সকলো কথা আমি পজিটিভলি ল ’ ব লাগিব। মানে অল ইছ ৱেল। বা যি হয় ভালৰ কাৰণেই হয়। এই ধৰক- শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই পুলিছে দুর্ধর্ষ অপৰাধীৰ দৰে আচৰণ কৰা, তেল ডিপুটোৰ হিন্দি ভাষী মহিলাগৰাকীয়ে এখিনি অসমীয়া মানুহক দালাল, ‘ ফিৰি মে খানাৱালে লৌগ বোলা ’ কথাবোৰ, গুৱাহাটীৰ কৃত্ৰিম বানপানী, দুই এদিনতে এজন সাংবাদিক আৰু এজন অভিনেতা বোৱাৰীৰ প্ৰেমত পৰি মৃত্যু হোৱা, এগৰাকী গৰ্ভৱতী মহিলাৰ মৃতদেহ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ হোৱা ,  মূল্যবৃ্দ্ধি বা আগন্তুক দুই-এদিনত ল ’ ব লগা ৯০০ কোটি টকা ঋণ, আমাৰ দুই এজন মন্ত্ৰী-বিধায়ক বা নেতা-পালিনেতাই চলাই থকা চিণ্ডিকেটৰ ঘটনাবোৰ আমি পজিটিভলি ল ’ বই লাগিব। এইবিলাকক পজিটিভলি নল ’ লে, এইবিলাক সৰু-সুৰা কামতে যদি আমাৰ মন্ত্ৰী বিধায়ক, সাংসদসকল বা পুলিচ প্ৰশাসন ব্যস্ত থাকে আন্তৰাষ্ট্ৰীয় সমস্যা, দেশৰ নিৰাপত্তা সমস্যা, সনাতন ধৰ্ম ৰক্ষা কামবোৰ কোনে কৰিব! বাকী নিৱনুৱা সমস্যা বা বাৰিষা আহি আছে, মঠাউৰি চিঙি ঘৰ-চালৰ ওপৰে দুই এদিনতে পানী যাব , গৰাখহনীয়াত কৃষকৰ খেতি-পথাৰ, ঘৰ-বাৰী জাহ যাব। সেইবিলাক স্বাভাৱিক। আগতেও আছে এতিয়া থাকিব। বাকী-বিনামূলীয়া চাউল পোৱা নাই, অৰুণোদয় আঁচ...

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই!

Image
"যি মানুহে যুক্তিৰ দ্বাৰা কোনো কথাত বিশ্বাস নকৰে, তেওঁক যুক্তিৰ দ্বাৰা সেই বিশ্বাসৰ পৰা বাহিৰ কৰিবলৈ চেষ্টা কৰা বৃথা।" — Jonathan Swift আজি কেইদিনমানৰ আগতে চিৰাঙৰ এজন   দাদাৰ ঘৰলৈ গৈ আছো। কোকৰাঝাৰৰ পৰা মোক চিৰাঙলৈ নিবৰ বাবে তেওঁৰ ড্ৰাইভাৰজন পঠাই দিলে। মই যাবলগীয়া দাদাজনৰ লগত ফোনত কথা - পাতি থাকোঁতেই গম পাইছিলোঁ যে তেওঁ ৰোজা ৰাখিছে ! তেওঁৱেই নহয়। তেওঁলোকৰ পৰিয়ালৰ আটাইকেইখিনিয়েই ৰোজা ৰাখি আছে। আমাৰ কথা হৈছিল - তেওঁলোকৰ ঘৰতে কেইটামান দিন থাকি মোৰ কেইটামান কাম আছিল সেইকেইটা সম্পন্ন কৰা। তেওঁলোকৰ পৰিয়ালটোৱে ৰোজা ৰখাৰ কথা জানিব পাৰি আৰু মোৰ বাবে তেওঁলোকৰ কিবা সমস্যা হ ’ ব বুলি ভাৱি ;  মোৰ বাবে ওচৰে - পাজৰে কম খৰচৰ এখন হোটেলৰ বন্ধ - বস্ত কৰিবলৈ তেওঁক ক ’ লো।   অৱশ্যে   মই নিজেই ধৰ্ম - কৰ্ম নমনা মানুহ। মাজতে ড্ৰাইভাৰজনক সুধিলো - আপুনি ৰোজা ৰাখিছেনে ! তেওঁ ক ’ লে - নাই ৰখা ।   মাজতে   দাদাজনে ফোন কৰিলে - ওচৰৰ দুই এখন হোটেলত যোগাযোগ কৰিছিলো। ৰূম খালি নাই। আৰু এখনত ফো...