Posts

Showing posts from October, 2024

বৰ্তমানৰ প্ৰেক্ষাপটত অসম আৰু অসমীয়াৰ ভৱিষ্যৎ

Image
মই অসমৰ বাহিৰত থাকো। আৰু মোৰ কৰ্মস্থলীৰ সহকৰ্মীসকল ভাৰতবৰ্ষৰ বিভিন্নপ্ৰান্তৰ। বিভিন্ন সময়ত আমি কথা-বতৰাৰ মাজত আমি আমাৰ জাতীয় গৌৰৱ, ঐতিহ্য, মানৱতা, স্বাভিমান আদিৰ বিষয়ে কথা-বতৰা পাতো ।  অসমীয়া ভাষাৰ কথা ক'বলৈ গ'লে মই মোৰ সহকৰ্মীসকলক মাধৱ কন্দলীয়ে ৰামায়ণখন প্ৰথম প্ৰান্তীয় তথা আঞ্চলিক ভাষালৈ অনুবাদ কৰিছিল বুলি গৌৰৱ কৰি মানৰ আক্ৰমণ, বঙালীসকলৰ প্ৰৰোচনাৰ বাবে আধুনিক অসমীয়া ভাষাতো অলপ থমকি ৰ'ব লগা হ'ল বুলি কওঃ। লগতে অসমীয়া মানুহৰ কথা ক'বলৈ গৈ শংকৰদেৱে বলী বিধান, মূৰ্তি পূজা, জাত-পাত বিচাৰ নকৰি মানুহক মানুহ হিচাপে বিচাৰ কৰি  শংকৰদেৱে আজিৰ যি আধুনিক মানুহৰ চিন্তা সেই চিন্তা কৰিছিল চৰ্তুদশ-পঞ্চদশ শতিকাতে বুলি মই বুকু ফিন্দাই কওঁ। লাচিতে বৰফুকনে মোগলৰ দৰে কেন্দ্ৰীয় শক্তিক পৰাস্ত কৰিছিল, ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালতে প্ৰমথেশ বৰুৱাই "দেৱদাস"ৰ দৰে ছবি পৰিচালনা কৰা আদি কথাবোৰো কথা প্ৰসংগত সহকৰ্মীসকলৰ আগত ক'ব লগা হয়। অসমীয়া মানুহৰ স্বাভিমানৰ কথা ক'বলৈ গৈ অমলপ্ৰভা দাসে ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্বোচ সন্মান পদ্মবিভূষণ বঁটা ল'বলৈ অস্বীকাৰ কৰাৰ কথা কওঁ। লগতে মই কওঁ...

চাউল,দালি, সংস্থাপনৰ আশংকাত থকা আমি অলিম্পিক, নবেল, অস্কাৰৰ কথা কেতিয়া ভাবিম!

Image
                      এসপ্তাহৰ ভিতৰতে মই কাম কৰি থকা অফিচটোলৈ বিহাৰৰ পৰা দুটাকৈ ল’ৰা আহিছে ঝাড়ু মৰা কাম কৰিব বাবে। বয়স ১৮ বছৰ হওঁ হওঁ। এটা আগতেই আমাৰ অফিচতে কাম কৰিছিল। মই তাক কৈছিলো- তই ঘৰ সৰা, পানী দিয়া কামবোৰ কৰি থকাতকৈ গাড়ী চলাবলৈ শিকি ল’ব পাৰে। দুদিনমান কষ্ট পাবি। তাৰপাছত চব থিক হৈ যাব। তাক ইলেক্টিচিটি কাম নাইবা গেৰেজত মেকানিকৰ কাম শিকাৰো কথা কৈছিলো। এটা সময়ত সি গুছি গৈছিল- গাড়ী শিকাৰ কথা ভাৱি ঝাড়ু মৰা কামটো এৰি। ময়ো ভাল পাইছিলো। মাজে মাজে সি মোলৈ ফোন কৰিছিল। ফোন কৰিলেই মই তাক সুধিছিলো- গাড়ী শিকিবলৈ কেতিয়া যাবি। সি যাম যাম কৈ থাকিল। মই তাক গাড়ী শিকিবলৈ গ'লে কিবা পইচা প্ৰয়োজন হ’লেও দিয়াৰ কথা কৈছিলো। কিন্তু সি নগ’ল। সি আকৌ উভটি আহিছে। লগত এটা লৈ। দুয়োটাৰ লগত কথা পাতি গম পালো- দুয়োটাৰে বোলে বায়েকক বিয়া দিলে। সিহঁতৰ বোলে যৌতুক (দহেছ) দিব লাগে। মহাজনৰ পৰা ধাৰ লৈ বিয়া পাতি দিলে। ভিনিয়েকক বায়েক, পইচা পঞ্চাচ হাজাৰ টকা, মটৰ চাইকেল এখনকৈ দি সিহঁত দুটা ঝাৰু মাৰিবলৈ গুচি আহিছে দিল্লীলৈ। মই সিহঁত দুটাক সুধিলো- তহঁতি যৌতুক ল’...

ৰতন টাটাৰ মোৰ ভাল লগা গুণটো

Image
শুকুৰবাৰৰ দিনটো এক কথাত ৰতন টাটাৰেই দিন আছিল। সকলো ফালে ৰতন টাটাক লৈ চৰ্চাৰ। ফেচবুকটো চাই থাকোতেই কোনোবা এটা নিউজ চেনেলৰ এটা পোষ্টত দেখিলো -অসাধৰণ ৰতন টাটাৰ কোনেও মন নকৰা কেইটামান গুণ। পোষ্টটোত ৰতন টাটাৰ কেইবাটাও গুণৰ কথা উল্লেখ কৰিছে। তাৰ ভিতৰত মোৰ আটাইতকৈ ভাল লগা কথাটো আছিল- নিজৰ বেগটো নিজেই কঢ়িয়াই লৈ ফুৰা কথাটো। নিজৰ বেগটো নিজেই কঢ়িয়াই লৈ ফুৰা কামটো হোমেন বৰগোঁহাঞিয়ো কৰিছিল। পৃথিবীৰ বহু বিখ্যাত ব্যক্তিয়ে এই কামটো কৰিছিল। দেখাত কিন্তু তেনেই সাধাৰণ কথা। কিন্তু কথাটোৱে এজন ব্যক্তিৰ ব্যক্তিৰ ব্যক্তিত্বক বাৰুকৈয়ে প্ৰতিনিধিত্ব কৰে। বৰ্তমানলৈ মই তিনিটা সংবাদ প্ৰতিষ্ঠানত কাম কৰিছো। প্ৰথমটো সংবাদ প্ৰতিষ্ঠান আছিল এখন দৈনিক কাকত। প্ৰতিষ্ঠানটোত এজন চকীদাৰ আছিল। শাৰিৰীকভাৱে তেওঁ অলপ সক্ষম। খোজকাঢ়োতে অলপ ঢলং পলং কৰিছিল। মাতষাৰো অস্পষ্ট। মুখৰ পৰা প্ৰায়ে লেলাউটি ওলায় থাকে। আমাক অলপ কথাতে খং কৰে। সম্পাদকজনৰ পাছতে তেওঁ নিজকে তাৰ মূৰব্বী বুলি ভাৱে। কিন্তু সম্পাদকজনৰ ওচৰত সি পানী ঢলা মেকুৰী। অফিচটোৰ ফাষ্ট ফ্লৰত আমাৰ কাৰ্যালয়। কাকতখনৰ সম্পাদকজন অহাৰ সময়ত তেওঁ সদায় খিৰিকীৰ কাষত ৰৈ থাকে। অৱশ্যে তেওঁ ন...

চৰকাৰী চাকৰি আৰু কিছু নিজৰ কথা

Image
  বৰ্তমান সময়ত চৰকাৰী চাকৰি বুলিলেই চিটিকাত লগা অৱস্থা৷ ইয়াৰ বাবে বিভিন্ন সময়ত উঠি অহা নতুন চামক বিভিন্নজনে দোষ জাপি দিব বিচাৰে৷ এই সন্দৰ্ভত দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিছ’ড়িয়াৰ এটা মন্তব্য বিশেষভাৱে উল্লেখনীয়৷ চিছ’ড়িয়াই এখন জনসভাত দৰ্শকৰ লগতে যুৱপ্ৰজন্মক উদ্দেশ্যি কৈছিল–দেশৰ নিৰানব্বৈ দশমিক ন শতাংশ যুৱকেই চাকৰিৰ সন্ধান কৰি থাকে যদি নিৰানব্বৈ দশমিক ন শতাংশই চাকৰি বিচাৰি থাকে তেওঁলোকক চাকৰি দিব কোনে? কেৱল চাকৰিমুখী হোৱাতো আমি যুৱপ্ৰজন্মই ভুল বুলি উপলব্ধি কৰিও কিন্তু আমি চাকৰি পাছত পাগলৰ দৰে ঘূৰি ফুৰো৷ এনেদৰে কিন্তু আমাক কেৱল চাকৰিমুখী কৰি তোলাত আমাৰ অগ্ৰজসকলৰ যি ভূমিকা সেয়া প্ৰায়ে চৰ্চাৰ বাহিৰত থাকে৷ আজি নতুন যুৱকচামে চাকৰি বুলিলে ক্ষুধাতুৰ দৰে আচৰণ কৰে কিয়? সেই একে আচৰণ কৃষিক্ষেত্ৰখনত, সেই একে আচৰণ আমি নতুন যুৱক-যুৱতীসকলে ব্যৱসায়, ফাৰ্ম বা অন্যান্য কাৰিকৰী ক্ষেত্ৰখনত প্ৰদৰ্শন নকৰো কিয়! আজি পৰা প্ৰায় দুবছৰমান পূৰ্বে মোৰ মাহীৰ ল’ৰা চাকৰি হ’ল৷ সি মোতকৈ এবছৰ সৰু৷ মোৰ চাকৰি নাই ঘৰতে শাক-পাচলিৰ এখন বাৰী পতাৰ লগতে কাকত এখনৰ স্থানীয় সংবাদদাতাৰূপে কাম কৰি আছিলোঁ৷ সি চাকৰি পোৱা পাছতে কেতিয়...

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

Image
অসমীয়া সমাজত এষাৰ কথা আছে যাৰ নাই গৰু সি সবাটোকৈ সৰু৷ আপ্তবাক্যশাৰী সত্যসত্যতা প্ৰতিজন অসমীয়া মানুহেই উপলব্ধি কৰি গৰুক বহাগ বিহুৰ প্ৰথম দিনটোতেই মাহ-হালধিৰে নোৱায়-ধোৱায় আৰু সুস্থ নিৰোগী হৈ থকাৰ কামনা কৰে৷ বৰ্তমান খেতিৰ বাবে টেক্টৰ, পাৱাৰটিলা ব্যৱহাৰ কৰে যদিও অসমৰ অধিকাংশ খেতিয়কে নিৰ্ভৰ কৰে গৰুহালৰ ওপৰত৷ সাৰ বুলিলে গৰু গোৱৰৰ বাহিৰে অসমীয়া অধিকাংশ কৃষকে অন্য ৰাসায়নিক কথা নাজানে৷ বিপদে-আপদে গৰুকেইটা বিক্ৰি কৰিয়েই সমস্যা সমাধানৰ চেষ্টা কৰে অসমীয়া মানুহে৷ ল’ৰাটোক, ছোৱালীজনীক কলেজত নামভৰ্তি কৰিবলৈ বা ল’ৰাটোক কলেজলৈ যাবলৈ চাইকেল এখন কিনি দিবলৈ ঘৰৰ গৰু এটাই এসময়ত বিক্ৰি কৰিছিল৷ তদুপৰি গাই গৰুজনীৰ গাখীৰকণেই অসমীয়া মানুহৰ বাবে সৰ্বোত্তম খাদ্য৷ এক কথাত গৰু অসমীয়া জনজীৱনৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপোতভাৱে জড়িত হৈ আছে৷ তদুপৰি বৰ্তমান সময়ত অসমত গৰুৱে নতুনকৈ ৰাজনীতিতো বিশেষ স্থান দখল কৰিছে৷ গৰু ইমানখিনি গুণ থকাৰ মাজতো গৰু কিদেৰ অসমত বিপদ হৈ থিয় দিছে; ই এটা বিচাৰ্যৰ বিষয়৷ এই বিষয়টো সন্দৰ্ভত চিন্তাশীল লেখক অৰবিন্দ ৰাজখোৱাই এটা লেখা লিখিছিল ‘নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব’ শীৰ্ষক গ...