Posts

Showing posts from May, 2025

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘মন কী বাত’ ( Mann Ki Baat Of Assam CM)

Image
  সকলো কথা আমি পজিটিভলি ল ’ ব লাগিব। মানে অল ইছ ৱেল। বা যি হয় ভালৰ কাৰণেই হয়। এই ধৰক- শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই পুলিছে দুর্ধর্ষ অপৰাধীৰ দৰে আচৰণ কৰা, তেল ডিপুটোৰ হিন্দি ভাষী মহিলাগৰাকীয়ে এখিনি অসমীয়া মানুহক দালাল, ‘ ফিৰি মে খানাৱালে লৌগ বোলা ’ কথাবোৰ, গুৱাহাটীৰ কৃত্ৰিম বানপানী, দুই এদিনতে এজন সাংবাদিক আৰু এজন অভিনেতা বোৱাৰীৰ প্ৰেমত পৰি মৃত্যু হোৱা, এগৰাকী গৰ্ভৱতী মহিলাৰ মৃতদেহ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ হোৱা ,  মূল্যবৃ্দ্ধি বা আগন্তুক দুই-এদিনত ল ’ ব লগা ৯০০ কোটি টকা ঋণ, আমাৰ দুই এজন মন্ত্ৰী-বিধায়ক বা নেতা-পালিনেতাই চলাই থকা চিণ্ডিকেটৰ ঘটনাবোৰ আমি পজিটিভলি ল ’ বই লাগিব। এইবিলাকক পজিটিভলি নল ’ লে, এইবিলাক সৰু-সুৰা কামতে যদি আমাৰ মন্ত্ৰী বিধায়ক, সাংসদসকল বা পুলিচ প্ৰশাসন ব্যস্ত থাকে আন্তৰাষ্ট্ৰীয় সমস্যা, দেশৰ নিৰাপত্তা সমস্যা, সনাতন ধৰ্ম ৰক্ষা কামবোৰ কোনে কৰিব! বাকী নিৱনুৱা সমস্যা বা বাৰিষা আহি আছে, মঠাউৰি চিঙি ঘৰ-চালৰ ওপৰে দুই এদিনতে পানী যাব , গৰাখহনীয়াত কৃষকৰ খেতি-পথাৰ, ঘৰ-বাৰী জাহ যাব। সেইবিলাক স্বাভাৱিক। আগতেও আছে এতিয়া থাকিব। বাকী-বিনামূলীয়া চাউল পোৱা নাই, অৰুণোদয় আঁচ...

কথাবোৰতো কোনোবাই কৈ থাকিবই লাগিবই!

Image
"যি মানুহে যুক্তিৰ দ্বাৰা কোনো কথাত বিশ্বাস নকৰে, তেওঁক যুক্তিৰ দ্বাৰা সেই বিশ্বাসৰ পৰা বাহিৰ কৰিবলৈ চেষ্টা কৰা বৃথা।" — Jonathan Swift আজি কেইদিনমানৰ আগতে চিৰাঙৰ এজন   দাদাৰ ঘৰলৈ গৈ আছো। কোকৰাঝাৰৰ পৰা মোক চিৰাঙলৈ নিবৰ বাবে তেওঁৰ ড্ৰাইভাৰজন পঠাই দিলে। মই যাবলগীয়া দাদাজনৰ লগত ফোনত কথা - পাতি থাকোঁতেই গম পাইছিলোঁ যে তেওঁ ৰোজা ৰাখিছে ! তেওঁৱেই নহয়। তেওঁলোকৰ পৰিয়ালৰ আটাইকেইখিনিয়েই ৰোজা ৰাখি আছে। আমাৰ কথা হৈছিল - তেওঁলোকৰ ঘৰতে কেইটামান দিন থাকি মোৰ কেইটামান কাম আছিল সেইকেইটা সম্পন্ন কৰা। তেওঁলোকৰ পৰিয়ালটোৱে ৰোজা ৰখাৰ কথা জানিব পাৰি আৰু মোৰ বাবে তেওঁলোকৰ কিবা সমস্যা হ ’ ব বুলি ভাৱি ;  মোৰ বাবে ওচৰে - পাজৰে কম খৰচৰ এখন হোটেলৰ বন্ধ - বস্ত কৰিবলৈ তেওঁক ক ’ লো।   অৱশ্যে   মই নিজেই ধৰ্ম - কৰ্ম নমনা মানুহ। মাজতে ড্ৰাইভাৰজনক সুধিলো - আপুনি ৰোজা ৰাখিছেনে ! তেওঁ ক ’ লে - নাই ৰখা ।   মাজতে   দাদাজনে ফোন কৰিলে - ওচৰৰ দুই এখন হোটেলত যোগাযোগ কৰিছিলো। ৰূম খালি নাই। আৰু এখনত ফো...