জুবিন গাৰ্গ , পদ্ম বঁটা আৰু অল্ড মংগৰ দুটা পেগ ( Zubben Garg, Padma Award & Two Pack of Old Monk)
জুবিন গাৰ্গ , পদ্ম বঁটা আৰু অল্ড মংগৰ দুটা পেগ ৰচনাকাল- ২ জানুৱাৰী, ২০২৫ অকলে অকলে মদ খাবলৈ ভাল। কাৰণ এটাই নিজক জহাবলৈ কোনো নাথাকে। নিজৰ ভুলবিলাক ক’ত তাক বিচাৰ কৰিবলৈ অলপ সময় পোৱা যায়। অল্ড মংগৰ হাফটো কেইবাদিনো হ’ল শেষ হোৱা নাই। আজি নাখাম বুলি ভাবিছিলো যদিয়ো কেইটুকুৰামান ব্ৰয়লাৰ ফ্ৰাই টুকুৰা কেৰাহিখনত পৰি আছিল। গতিকে গৰম পানী অকণমান লৈ অল্ড মংগৰ দুপেগৰ হাফটো খটম কৰি দিয়া কথাই ভাবিলো। ব্ৰয়লাৰ টুকুৰা কেইটা অলপ গৰম কৰোঁতেই তেলত শুকান জলকীয়াকেইটা পেলাই দিলো। ব্ৰয়লাৰ টুকুৰাকেইটাৰ হাড়কেইডাল আঁতৰাই মৰ মৰীয়া হৈ উঠা জলকীয়াকেইটা সৈতে সানি গিজাৰৰ পৰা গৰম পানী অলপ লৈ আৰম্ভ কৰি দিলো। দুটামান ঘোট মাৰি মবাইলটো পিটিকি থাকোতেই দেখিলো প্ৰাগ নিউজৰ ফেচবুক পেজত এটা পোষ্ট। ৰমাকান্ত দেউৰীৰ এটা উক্তি- মোডীয়ে আমাৰ কাৰণে সকলো কৰিছে। বেচেৰাৰ মোডীৰ নিজৰ লৰা-ছোৱালীয়ো নাই। হাঁহি উঠিল! আৰু লগে লগেই মোৰ মনলৈ অটেমেটিক আহি গ’ল জুবিন গাৰ্গে কিয় পদ্মশ্ৰী এতিয়াও পোৱা নাই! এইকেইদিন এই বিষয়টোৱে সামাজিক মাধ্যম চৰ্চাত লাভ কৰিছিল। সিদিনা মবাইলত কিবা এটা চাই থাকোঁতে দেখিছিলো। জুবিন গাৰ্গে লগৰীয়াকেইজনমানৰ লগত জাঙিয়া পিন্ধ...