Posts

Showing posts from April, 2025

জুবিন গাৰ্গ , পদ্ম বঁটা আৰু অল্ড মংগৰ দুটা পেগ ( Zubben Garg, Padma Award & Two Pack of Old Monk)

Image
 জুবিন গাৰ্গ , পদ্ম বঁটা আৰু অল্ড মংগৰ দুটা পেগ ৰচনাকাল- ২ জানুৱাৰী, ২০২৫ অকলে অকলে মদ খাবলৈ ভাল। কাৰণ এটাই নিজক জহাবলৈ কোনো নাথাকে। নিজৰ ভুলবিলাক ক’ত তাক বিচাৰ কৰিবলৈ অলপ সময় পোৱা যায়। অল্ড মংগৰ হাফটো কেইবাদিনো হ’ল শেষ হোৱা নাই। আজি নাখাম বুলি ভাবিছিলো যদিয়ো কেইটুকুৰামান ব্ৰয়লাৰ ফ্ৰাই টুকুৰা কেৰাহিখনত পৰি আছিল। গতিকে গৰম পানী অকণমান লৈ অল্ড মংগৰ দুপেগৰ হাফটো খটম কৰি দিয়া কথাই ভাবিলো। ব্ৰয়লাৰ টুকুৰা কেইটা অলপ গৰম কৰোঁতেই তেলত শুকান জলকীয়াকেইটা পেলাই দিলো। ব্ৰয়লাৰ টুকুৰাকেইটাৰ হাড়কেইডাল আঁতৰাই মৰ মৰীয়া হৈ উঠা জলকীয়াকেইটা সৈতে সানি গিজাৰৰ পৰা গৰম পানী অলপ লৈ আৰম্ভ কৰি দিলো। দুটামান ঘোট মাৰি মবাইলটো পিটিকি থাকোতেই দেখিলো প্ৰাগ নিউজৰ ফেচবুক পেজত এটা পোষ্ট। ৰমাকান্ত দেউৰীৰ এটা উক্তি- মোডীয়ে আমাৰ কাৰণে সকলো কৰিছে। বেচেৰাৰ মোডীৰ নিজৰ লৰা-ছোৱালীয়ো নাই। লগে লগে হিন্দি চিনেমাৰ সকলোৰে চিনাকী এটা খলনায়ক চৰিত্ৰ গহ্বৰৰ কথা মোৰ মনলৈ আহিল। গহ্বৰৰো নিজৰ নিজৰ লৰা-ছোৱালী নাছিল, পত্নী নাছিল। কিন্তু সি দুখীয়া-দৰিদ্ৰক লুটিছিল। হাঁহি উঠিল! সেই কথাটো ভবাৰ লগে লগেই মোৰ মনলৈ অটেমেটিক আহি গ’ল জুবিন গাৰ্গে ...

বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা ( Pain of Love)

Image
বুকুৰ ঘাবোৰ শুকুৱাৰ বেদনা  ( কেৱল প্ৰেমৰ বিচ্ছেদৰ পৰাই নহয়! কোনোবা আত্মীয়ৰ মৃত্যুত, সন্তানৰ মৃত্যুত, মাতৃৰ মৃত্যুত, বন্ধুৰ মৃত্যুত মানুহৰ বুকুত যি ধুমুহাৰ সৃষ্টি হয়! সেই ধুমুহাৰ পৰা কেনেকৈ ধীৰে ধীৰে মানুহবোৰ ওলায় আহে! বা ওলায় আহিব পাৰি! সেইবোৰৰ কিবা সুত্ৰ আছে নেকি! ) মোৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিছে যিবোৰ কিছুমান এতিয়া মনত আছে, কিছুমান মনত নাই। কিন্তু সেই ঘটনাবোৰ সেই সময়ত মোৰ বাবে আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। জীৱন-মৰণৰ। এটা সৰু উদাহৰণ দিয়ো। আজি কেইদিন মানৰ আগতে সম্বন্ধীয় মামী এগৰাকীৰ সৈতে কথা-বতৰা পাতি থাকোঁতে কথাৰ মাজতে তেওঁৰ মুখত এজনী ছোৱালীৰ নাম শুনিলো। প্ৰথমবাৰ ছোৱালীজনীৰ নামটোৱে মোৰ মনত একো ক্ৰিয়া কৰা নাছিল। মামীগৰাকীৰ মুখত দ্বিতীয়বাৰ ছোৱালীজনীৰ নাম শুনাৰ লগে লগে নামটো কিবা চিনাকী চিনাকী লাগিল। মই যেন ছোৱালীজনীৰ কথা পাতিছো, এটা সম্পৰ্ক আছে। তেনেকুৱা লাগিল। মামীগৰাকীৰ লগত কথাত কথা মিলাই কথা পাতিছো যদিয়ো মই মনৰ ভিতৰত ছোৱালীজনী কোন আছিল মনত পেলাবলৈ চেষ্টা কৰি থাকিলো। কিন্তু নোৱাৰিলো। যদিয়ো চেষ্টা চলাই থাকিলো মনে মনে। ঘৰলৈ আহি কিবা এটা চিন্তা কৰি থাকোতেই হঠাতে ছোৱালীজনীৰ নামটোৰ ...