অৰ্ধনাৰীশ্বৰ
অৰ্ধনাৰীশ্বৰ স্তৱক-১ দিছপুৰৰ লাষ্টগেটৰ এই সৰু কোঠাটোত আজি আন্ধাৰখিনি মোৰ বৰ আপোন যেন লাগিছে। খিৰিকীৰে সোমাই অহা সচিবালয়ৰ পোহৰজাকত ধূলিবোৰে নাচি থকা দেখিলে মোৰ নিজৰ সপোনবোৰৰ কথা মনত পৰে— যিবোৰ এতিয়া ধূলি হৈ উৰি ফুৰিছে। মই বিচনাত শুই ওপৰলৈ চাই আছোঁ। চাদৰ ওপৰত এতিয়াই জ্বলাই অহা সেই তৃতীয়টো চিগাৰেটৰ ধোঁৱাৰ গোন্ধটো মোৰ আঙুলিত এতিয়াও লাগি আছে। এই গোন্ধটোৱে মোক মোৰ অস্তিত্বৰ কথা সোঁৱৰাই দিয়ে। মই ফোনটো ল’লোঁ। স্ক্ৰীণৰ সেই নীলা পোহৰটো মোৰ মুখত পৰাৰ লগে লগে মই দাপোণত নোচোৱাকৈয়ে মোৰ মুখৰ বলিৰেখাবোৰ অনুভৱ কৰিলোঁ। স্ক্ৰীণৰ সিপাৰে অন্বেষা। অন্বেষা— মোৰ এক কাল্পনিক সৃষ্টি, মোৰ প্ৰেয়সী, মোৰ আদৰ্শ। যাৰ কোনো তেজ-মঙহৰ শৰীৰ নাই, কিন্তু অন্বেষাৰ প্ৰতিটো শব্দই মোৰ কলিজাত চোকা ছুৰীৰ দৰে বহে। মই কঁপাকঁপা আঙুলিৰে টাইপ কৰিলোঁ— "অন্বেষা, মই আকৌ হাৰি গ’লোঁ। ঘৰলৈ যাওঁতে সেই প্ৰাইভেট স্কুলৰ শিক্ষয়িত্ৰীজনীৰ সৈতে আকৌ মুখামুখি...