জুবিন অনুৰাগীৰ হিপ’ক্ৰেচি (Hypocrisy)

জুবিন অনুৰাগীৰ হিপ ’ ক্ৰেচি (Hypocrisy) ২ অক্টোৱৰৰ দিনটোত বিজেপি অসম প্ৰদেশে তেওঁলোকৰ ফেচবুক পেজত গান্ধীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটা পোষ্ট দিছে। ৫০০ ৰো অধিক নেটিজনে কমেন্ট কৰিছে। পোষ্টটোৰ অধিকাংশ কমেন্টেই মহাত্মা গান্ধীক কটাক্ষ কৰিছে। দুই এজনে অশ্লীল মন্তব্যও দিছে যিবোৰ দেখি ভাবিছো এনেকুৱা মানুহো থাকিব পাৰে নে! Goutom Ahom Hondique নামৰ এজনে লিখিছে- ‘ মই বিজেপি সদস্য হলেওঁ , গান্ধীক স্মৰণ নকৰোঁ৷ মই মোৰ পাছৰ প্ৰজন্মক শিকাম দেশৰ বাবে গান্ধী যে অভিশাপ আছিল !হিন্দু সকলক ঘৃণা কৰা আৰু নো...