বাবা বাঘেশ্বৰৰ অসম ভ্ৰমণ বেমাৰী, দুৰ্ভগীয়া, সংস্থাপনহীনতাত ভুগি থকাসকলৰ বাবে এক টাৰ্ণিং পইন্ট হৈ পৰিব

পৃথিবীৰ ভিতৰতে ভাৰতবৰ্ষ জনসংখ্যা ফালৰ পৰা প্ৰথম হোৱাৰ দুই এবছৰৰ আগৰে পৰা মই এটা কথা মন কৰিছো ভাৰতবৰ্ষত ভগৱানৰ লগত পোণপটীয়া সম্পৰ্ক ৰখা কৰা কিছুমান ব্যক্তিৰ সংখ্যা বাঢ়িছে। উত্তৰ ভাৰতত জনসংখ্যাৰ ঘনত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ঈশ্বৰে সেই অঞ্চলসমূহত পূৰ্বৰ পৰাই ঈশ্বৰৰ লগত পোণপটীয়াকৈ সম্পৰ্ক ৰক্ষা কৰাৰ ব্যক্তি ৰাখিছে। শেহতীয়াকৈ ঈশ্বৰে তেওঁৰ প্ৰতিনিধি দুই এজন বঢ়াই দিছে আৰু তেওঁলোককো পোণপটীয়া সম্পৰ্ক ৰখা কৰাৰো অধিকাৰ দিছে। আমাৰ অসমৰ বাবা আৰু মা, আই ( ভগৱানৰ একান্ত ভক্ত)সকলক সেই অধিকাৰটো এতিয়াও দিয়া নাই। তেওঁলোকক অৱশ্যে মাজে সপোনত আহিহে দেখা দি যায়। সপোনত আহি মন্দিৰটো কেনেকৈ বনাব লাগে, কিছুমান বেমাৰৰ চিকিৎসা পদ্ধতি দি থৈ যায় কিন্তু পোনপটীয়াকৈ যোগাযোগ কৰাৰ ক্ষমতাটো পোৱা নাই। কেতিয়াবা অৱশ্যে বৰনামঘৰ, মন্দিৰত গৰৈ মাছৰ ৰূপত দেখা দি যায়হি, কেতিয়াবা বগা ঘোঁৰাৰ ৰূপত, কেতিয়াবা কণিত আল্লা লিখিত ৰূপ ( আল্লা নিৰাকাৰ যে সেই কাৰণে সম্ভৱ)ত দেখা দিয়ে। জানিবলৈ পৰা মতে, অসমৰ এগৰাকী মাক (সপোনত ভগৱানৰ লগত কথা পতা মহিলা) কমদিনতে ভগৱানৰ লগত পোণপটীয়াকৈ সম্পৰ্ক ৰক্ষা কৰাৰ বিশেষ ক্ষমতাতো দিব। কাৰণ ঈশ্বৰৰ ...