মই কিয় বিয়া পাতিব লাগে!

মই কিয় বিয়া পাতিব লাগে! এই কথাটো মই বহুত দিন ধৰি ভাবি আহিছো। আৰু এই বিষয়টো সন্দৰ্ভত মই দুই এজনৰ লগত কথা পাতিছো আৰু দুই এখন কিতাপো পঢ়িছো। মোৰ বন্ধুসকলৰ লগত এই বিষয়ে কথা পাতোতে সিহঁতি বিবাহ সম্বন্ধীয় পৰম্পৰাগত কথাবোৰেই কয়। সিহঁতি সংসাৰৰ নিয়ম, বংশ ৰক্ষা, আমাক যেনেকে জন্ম দিছে আমিও বিয়া পাতি ল'ৰা-ছোৱালী জন্ম দি সংসাৰৰ ধৰ্ম পালন কৰিব লাগে আদি কথাবোৰ কয় । লগতে বৃদ্ধ কালছোৱাত নিসংগতাৰে কটাবলগীয়া ভয়াবহ ছবিখনো মোৰ আগত দাঙি ধৰে । আৰু ময়ো দেখিছো পতি-পত্নীৰ সম্বন্ধটো সমান আন একোৱেই হ'ব নোৱাৰে। ভাই-ককাই, বাই-ভনী, বন্ধু-বান্ধববোৰ এসময়ত দূৰলৈ গুছি যায় আৰুৱসেই সময়ত পতি-পত্নী, সন্তান ওচৰ-চাপি আহে। অভাৱ-অনাটন, সুখ-দুখ, বিপদ-আপদ সকলো সময়তে পতি-পত্নীয়ে নিজস্বতাক ত্যাগ কৰি হ'লেও সংগ দিয়ে ইজনে সিজনক। গতিকে জীৱন যাত্ৰাত এনেকুৱা এজন বন্ধুক কোনে নিবিচাৰে। যিজনে এনেকুৱা এটা সম্বন্ধ এটা নিবিচাৰে তেওঁ হ'ব লাগিব বৌদ্ধদেৱ, বিখ্যাত চিত্ৰকৰ পল গঁগা নাইবা জাঁ পল ছাত্ৰে বা ছমাৰছেট মমৰ The Razor's Edge ৰ নায়ক লেৰী হ'ব লাগিব। ...