লাচিতৰ উত্তৰপুৰুষ, আইনাত নিজৰ মুখ, মামা প্ৰেম আৰু অন্যান্য

মই মন গ'লেই ইউটিউবত চাই থাকো Free bird নামৰ চিনেমাখন। আজি ৩ বছৰমান হ'ল এই কামটো কৰি থকা। ৩ টা বছৰত কেইবাবাৰো চাইছো এই চিনেমাখন। চিনেমাখন এখন কুকুৰা ফাৰ্মৰ পৰা আৰম্ভ হৈছে। ফাৰ্মখনৰ কুকুৰাবোৰে ভাৱে মানুহে সিহঁতৰ সেৱা কৰে, খোৱা- বোৱাই যত্ন লয় এইকাৰণেই যে কুকুৰাবোৰ মানুহৰ খুব প্ৰিয়। কুকুৰাবোৰক মানুহে ভাল পায়। কিন্তু এই কুকুৰাবোৰৰ মাজত টন্দুৰি নামৰ কুকুৰা এটা আছে এই কুকুৰাটো আছিল কুকুৰা ফাৰ্মখনৰ অন্য কুকুৰাবোৰৰ পৰা পৃথক। সি সদায় প্ৰেকটিকেল কথাবোৰ কৈছিল। ডাঙৰ কুকুৰাবোৰৰ চিন্তা আৰু কথা-বতৰাবোৰৰ লগত সি মিলি যাব পৰা নাছিল। যিদৰে তাৰ সমান সমনীয়াবোৰে মিলি গৈছিল। কিন্তু টন্দুৰিয়ো পৰি দিয়া ভকত নহয়। সুবিধা পালেই সি ডাঙৰ কুকুৰাবোৰৰ ভুল কথাবোৰেৰে ব্যংগ কৰি ফুৰিছিল। গতিকে টন্দুৰিক ফাৰ্মখনৰ কোনো কুকুৰাই ভাল পোৱা নাছিল আৰু তাক এৰাই চলিছিল। টন্দুৰিয়ে লক্ষ্য কৰিছিল প্ৰায়ে ফাৰ্মখনৰ পৰা দুই এটা কুকুৰা মালিকে ধৰি লৈ যায়। ডাঙৰ কুকুৰাবোৰৰ মতে, ধৰি নিয়া কুকুৰাবোৰক মানুহে নি স্বৰ্গত এৰি দিয়ে, আৰু তাত মহাসুখেৰে দিন কটায়। কিন্তু টন্দুৰিৰ চাবলৈ মন গৈছিল সঁচাকৈয়ে মানুহে সিহঁতক স্বৰ্গলৈ লৈ যায় নে! এদিন সি ফাৰ...